মাজুলীত কৃষিবান্ধ চিগি যোৱাত বিদ্যালয়তে আবদ্ধ ১৯ জনক উদ্ধাৰ

কমলাবাৰী ফেৰী ঘাটত বিপদ সীমাৰ ৮৫.৮৪ ছেন্টিমিটাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰ

0 13

কমলাবাৰী ফেৰী ঘাটত বিপদ সীমাৰ ৮৫.৮৪ ছেন্টিমিটাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ◼️ অনিৰ্দিষ্ট কালৰ বাবে যোৰহাট-মাজুলী ফেৰী সেৱা বন্ধ◼️সোৱণশিৰিৰ বাঢ়নি পানীয়ে কৃষি বান্ধ চিঙাৰ ফলত বালি জকাইবোৱা অঞ্চলত হাহাকাৰ পৰিস্থিতি

শতাব্দ প্ৰতিনিধি,মাজুলী,১৮,জুন: মাজুলীৰ চৰ চাপৰি সমূহৰ লগতে মথাউৰিৰ বাহিৰৰ নৈপৰীয়া বহু কেইখন গাঁও বানৰ কৱলত পৰিছে।নেৰানেপেৰা বৰষুণৰ পৰিপ্ৰেক্ষিতত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপ-নৈ সমূহৰ জলপৃষ্ঠ অভাৱনীয় হাৰত বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বান পৰিস্থিতি শোচনীয় হৈ পৰিছে। ৰাজ্যৰ অধিকাংশ জিলাৰ লগতে শেহতীয়াকৈ মাজুলী জিলাৰো নৈপৰীয়া অঞ্চল সমূহত ব্ৰহ্মপুত্ৰকে ধৰি সোৱণশিৰি নদীৰ পানীয়ে প্লাৱিত কৰা পৰিলক্ষিত হৈছে। আজি পুৱা নামনি জকাইবোৱা এম ই স্কুলৰ কাষত বালি জকাইবোৱা টেঙাগুৰি কৃষিবান্ধটো সোৱণশিৰি নৈৰ বাঢ়নি পানীয়ে চিঙি পেলোৱাৰ ফলত মধ্য মাজুলীৰ বিস্তীৰ্ণ কৃষিভূমি প্লাৱিত হোৱাৰ লগতে আৰু কুৰিখনৰো অধিক গাঁৱত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। পুৱা বেলাতে বালি জকাইবোৱা টেঙাগুৰি কৃষিবান্ধটো চিগি যোৱাৰ ফলত নামনি জকাইবোৱা এম ই স্কুলত আৱদ্ধ হৈ পৰে বিদ্যালয়ৰ শিক্ষক তথা ছাত্ৰ ছাত্ৰীসকল। পিছত বিদ্যালয়খনৰ ১২ গৰাকী ছাত্ৰ ছাত্ৰী, ৩ গৰাকী শিক্ষক আৰু ৪ জন স্থানীয় লোকক এছ ডি আৰ এফ বাহিনীয়ে উদ্ধাৰ কৰে। বালি জকাইবোৱা টেঙাগুৰি কৃষিবান্ধটো চিঙি পেলোৱাত এতিয়া চিগা অংশৰে সোমাই অহা পানীয়ে অঞ্চলটোৰ প্ৰায় ২০ খন গাঁৱত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰাৰ লগতে কৃষি পথাৰ বিনষ্ট কৰিছে। উল্লেখযোগ্য যে বাঢ়নি পানীয়ে চিঙা উক্ত জৰাজীৰ্ণ কৃষিবান্ধটো মেৰামতিত চৰকাৰে গুৰুত্ব নিদিয়াত কালি হাতে হাতে কোৰ লৈ দহখন গাঁৱৰ ৰাইজ কৃষি বান্ধটো নিৰ্মাণৰ বাবে ওলাই আহিছিল। তাৎপৰ্যপূৰ্ণ কথাটো হৈছে বানত প্লাৱিত উক্ত বালি জকাইবোৱাতে
২০২১ চনৰ ২৯ নৱেম্বৰত নৈশ যাপন কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। নৈশ যাপনৰ পিছদিনা উক্ত অঞ্চলতে মাজুলীৰ গড়াখহনীয়া প্ৰতিৰোধৰ বাবে ৩০ কোটি টকাৰ আঁচনি গ্ৰহণেৰে শিলান্যাস প্ৰতিষ্ঠা কৰাৰ লগতে
জল সম্পদ বিভাগে শীঘ্ৰে বালি জকাইবোৱা অঞ্চলত চলি থকা সোৱণশিৰি নদীৰ তীব্ৰ গড়াখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণৰ বাবেও আঁচনি ৰূপায়ন কৰিছিল মুখ্যমন্ত্ৰীয়ে।
কালি নিশা ১০ বজাত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ কমলাবাৰী ফেৰী ঘাটত

বিপদ সীমাৰ ৮৫.৬১ ছেন্টিমিটাৰ ওপৰে বৈ আছিল যদিও আজি পুৱাৰ ভাগত ৮৫.৭০ ছেন্টিমিটাৰলৈ জলপৃষ্ঠ বৃদ্ধি পায়। বৰ্তমানেও ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পাই আছে আৰু বাতৰি লিখাৰ পৰলৈকে কমলাবাৰী ফেৰী ঘাটত বিপদ সীমাৰ ৮৫.৮৪ ছেন্টিমিটাৰ ওপৰেৰে বৈ আছে আৰু জলপৃষ্ঠ বৃদ্ধি পাই আছে। ইফালে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত কালিৰে পৰা অনিৰ্দিষ্ট কালৰ বাবে যোৰহাট মাজুলীৰ ফেৰী সেৱা বন্ধ কৰি দিছে প্ৰশাসনে। ইফালে নামনি মাজুলীৰ কনিষ্ঠ মহাবিদ্যালয়ৰ সন্মুখত ব্ৰহ্মপুত্ৰৰ খহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰিছে। যাৰ পৰিপ্ৰেক্ষিতত কনিষ্ঠ মহাবিদ্যালয়খনৰ লগতে মহৰীচুকৰ তথা নামনি মাজুলীৰ শ শ খন গাঁৱলৈ ভাবুকি কঢ়িয়াই আনিছে।ইফালে মাজুলীৰ মথাউৰিৰ ভিতৰৰ অঞ্চল সমূহ বানপানীৰ পৰা নিৰাপদে আছে যদিও মথাউৰীৰ বাহিৰৰ নৈপৰীয়া ভকত চাপৰি, শালমৰা, কলনিবাৰী আদি অঞ্চল সমূহ বানত প্লাৱিত হোৱাৰ খবৰ পোৱা গৈছে। যোৱা নিশাৰে পৰা ব্ৰহ্মপুত্ৰৰ পানী তীব্ৰ হাৰত বৃদ্ধি পোৱাত পৰিস্থিতিৰ কিছু অৱনতি ঘটে। আজি জিলা উপায়ুক্তই কমলাবাৰী ঘাটত উপস্থিত হৈ সংশ্লিষ্ট বিষয়া কৰ্মচাৰী সকলৰ লগত জিলাখনৰ বান পৰিস্থিতিৰ পৰ্যালোচনা কৰে আৰু সকলোকে যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিব পৰাকৈ সাজু হৈ থাকিবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈ সমুহৰ বৰ্ধিত জলৰাশি বিপদসীমাৰ ওপৰেৰে বৈ থকাৰ পৰিপ্ৰেক্ষিতত জিলাখনত ফেৰী সেৱা অনিৰ্দিষ্ট কালৰ বাবে বন্ধ কৰা হৈছে আৰু যাতায়তৰ বিকল্প হিচাপে মাজুলী আৰু যোৰহাট জিলাৰ মাজত অসম ৰাজ্যিক পৰিবহন নিগমৰ সহযোগত নিয়মীয়া বাছসেৱা আৰম্ভ কৰা হৈছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More