মাজুলীত জল জীৱন আঁচনিৰ তিনিদিনীয়া প্ৰশিক্ষণ

0 11
শতাব্দ প্ৰতিনিধি,মাজুলী,১৯ মেঃ মাজুলী জিলাৰ জন স্বাস্থ্য কাৰিকৰী বিভাগৰ উদ্যোগত বনগাঁও ঔদ্যোগিক প্ৰতিষ্ঠানত জল জীৱন আঁচনিৰ ভূমি দাতাসকলৰ তিনিদিনীয়া প্ৰশিক্ষণ অনুষ্ঠিত হৈছে।জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মাজুলী সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা কুমুদ ৰঞ্জন হাজৰীকাৰ আদৰণি ভাষণেৰে আৰম্ভ হোৱা প্ৰশিক্ষণৰ শুভাৰম্ভণী সভাখনৰ উদ্বোধন কৰে মাজুলীৰ বিধায়ক ভুৱন গামে।অলকেশ গগৈয়ে আঁতধৰা সভাখনত মাজুলীৰ উপায়ুক্ত পুলক মহন্ত উপস্থিত থাকি জল জীৱন আঁচনিৰ জৰিয়তে মাজুলীৰ ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী ব্যৱস্থা হৈছে বুলি উল্লেখ কৰে।এই প্ৰশিক্ষণৰ মুঠ ৯৩ গৰাকীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰিছে। সভাত উপস্থিত থাকে মাজুলীৰ অতিৰিক্ত উপায়ুক্ত কাৰ্তিক কলিতা, খণ্ড উন্নয়ন বিষয়া ৰোহিতেশ্বৰ শইকীয়া, জিলা পৰিষদৰ দিতিমণি পেগু, মাজুলীৰ জন স্বাস্থ্য কাৰিকৰী বিভাগৰসহকাৰী কাৰ্যবাহী অভিযন্তা ৰাজীৱ দাস উপস্থিত থকাৰ লগতে বিভাগটোৰ বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More