মাজুলীৰ গড়মূৰ শংকৰদেৱ বিদ্যা নিকেতনত দশম স্থান প্ৰাপ্ত অনুৰাগ বৰা সহ ২২ গৰাকী ছাত্র ছাত্ৰীক সম্বৰ্ধনা

0 50

শতাব্দ প্ৰতিনিধি,মাজুলী,১৫জুন: মাজুলীৰ গড়মূৰ শংকৰদেৱ বিদ্যা নিকেতনত আজি এক অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয়।পুৱা বন্দনাৰ পাছতেই এটা কালাংশৰ পাঠদান অনুষ্ঠিত হোৱাৰ পাছত ১০-৩০ বজাৰৰ পৰা অভিনন্দন অনুষ্ঠানটি নিকেতনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়।দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলে এটি সমবেত সংগীতেৰে শুভাৰম্ভ কৰা অনুষ্ঠানটিত সভাপতিত্ব কৰে নিকেতন পৰিচালনা সমিতিৰ প্ৰতিষ্ঠাপক সভাপতি নীলমণি ভূঞাই।নিকেতন খনৰ পৰিচালনা সমিতিৰ সম্পাদক দিবাকৰ তামুলীয়ে উদ্দেশ্য ব্যাখ্যা কৰা অভিনন্দন সভাখনৰ আঁত ধৰে নিকেতনখনৰ আচাৰ্য পৰাণজ্যোতি বৰাই।মাজুলীৰ বন গাঁও শিশু নিকেতনত অধ্যয়ন কৰি সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত দশম স্থান লাভ কৰি মাজুলীলৈ গৌৰৱ কঢ়িয়াই অনা অনুৰাগ বৰাক নিকেতনৰ পৰিচালনা সমিতি, অভিভাৱক সমিতি,মাতৃ ভাৰতী,আচাৰ্য ভাৰতী,ছাত্ৰ ছাত্ৰী সকলৰ ফালৰ পৰা এখন অভিনন্দন পত্ৰ,গামোচা,ফাইল কভাৰ,ফুলৰ থোপাৰে অভিনন্দন ও আদৰণি জনায়। অভিনন্দন পত্ৰ খন পাঠ কৰে আচাৰ্য পৰাণজ্যোতি বৰাই ।লগতে নিকেতন খনৰ পৰা সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ২১গৰাকীক ছাত্ৰ ছাত্ৰীক অভিনন্দন জনায়।অভিনন্দন গ্ৰহণ কৰি দশম স্থান প্ৰাপ্ত অনুৰাগ বৰাই কয় তেওঁ লাভ কৰা এই ফলাফলৰ বাবে সুখী বুলি কোৱাৰ লগতে একাগ্ৰতাৰে নিয়মিত অধ্যয়ন কৰিলে সফলতা লাভ কৰিব পৰা যায় বুলি মন্তব্য কৰে।অনুষ্ঠানতেই দশম স্থান প্ৰাপ্ত অনুৰাগ বৰাক নিকেতনৰ কেইবাগৰাকীও অভিভাৱক অভিভাৱিকাই অভিনন্দন জনোৱাৰ লগতে নিকেতনখনৰ কন্যা ভাৰতীৰ তৰফৰ পৰা,লেখিকা সমাজ মাজুলী জিলা সমিতি তৰফৰ পৰা ৰেণুমালা দত্ত আৰু প্ৰতিষ্ঠাপক নিকেতনখনৰ পৰিচালনা সমিতিৰ সম্পাদক প্ৰদীপ ডেকা,বালিচাপৰি নিকেতনৰ প্ৰধান আচাৰ্য চন্দন গোস্বামী,বালিচাপৰি নিকেতনৰ তৰফৰ পৰা টুটু মণি শইকীয়াই অভিনন্দন জনায়।অনুষ্ঠানটিত উপস্থিত থকা অনুৰাগ বৰাৰ পিতৃ অমৃত বৰাকো নিকেতনখনৰ তৰফৰ পৰা অভিনন্দন জনায়।অভিনন্দন কাৰ্যসূচীত ৰাৱনাপাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক তথা নিকেতন খনৰ অভিভাৱক সমিতিৰ সভাপতি মাণিক বৰুৱা, নিকেতনৰ পৰিচালনা সমিতিৰ প্ৰতিষ্ঠাপক সম্পাদক প্ৰদীপ ডেকা,নিকেতন খনৰ মাতৃ ভাৰতীৰ সম্পাদিকা পৰিণীতা শৰ্মা,অভিভাৱক সমিতিৰ সম্পাদক বিকু শৰ্মা,অভিভাৱক সমিতিৰ উপদেষ্টা পাপু দত্ত ,আচাৰ্য-আচাৰ্যা সকল,অভিভাৱক অভিভাৱিকা সকল ছাত্র- ছাত্ৰী সকল উপস্থিতি থাকে

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More