মাটিৰ তলত বাংকাৰ চহৰঃ আক্ৰমণ হ’লেও ‘প্রস্তুত’ ফিনলেণ্ড

0 32
দাদুল দেৱকৃষ্ণ বৰুৱা
বাংকাৰ নিৰ্মাণৰ কামটো আৰম্ভ হৈছিল প্রায় ৭৫ বছৰ পূৰ্বে। এতিয়া অনুমান কৰা হৈছে, কামত লাগিব সেইবোৰ। হয়তো নিকট ভৱিষ্যতত ! ফিনলেণ্ডে নেটোতে যোগ দিয়াৰ বাবে অতি-সক্রিয়তাৰেই পৰোক্ষভাৱে অসন্তোষ প্রকাশ কৰিছে ক্রেমলিনে। ইউক্রেইনৰ নেটো-ঘনিষ্ঠতাৰ পিছতেই ৰাছিয়াই সেই দেশত আক্ৰমণ আৰম্ভ কৰে। প্রায় তিনি মাহ ধৰি সেই যুদ্ধ চলিছে। কিভ, মাৰিয়োপোল, ডনেৎস্ক আদি এখনৰ পিছত আন এখন চহৰত নিহতৰ সংখ্যা বাঢ়িয়েই আছে।1652843544094 এইবাৰ যদি ৰাছিয়াই তেওঁলোকৰ উত্তৰ-পশ্চিমৰ প্রতিবেশী ফিনলেণ্ডৰ ওপৰত আক্ৰমণ আৰম্ভ কৰে, তেতিয়াহ’লে কিদৰে আত্মৰক্ষা কৰিব, সেই প্রশ্ন বৃহৎ হৈ দেখা দিছে ফিনিছ প্রধানমন্ত্রী চানা মাৰিন আৰু তেওঁৰ প্রশাসনৰ মনত। এই প্রেক্ষাপটতেই ফিনলেণ্ডৰ ৰাজধানী হেলছিংকিত সেই দ্বিতীয় বিশ্বযুদ্ধৰ আমোলত তৈয়াৰ কৰা মাটিৰ তলৰ বাঙ্কাৰবোৰৰ কথা পোহৰলৈ আহিছে। হেলছিংকিৰ ফ্রানজেনিনকাটু ষ্ট্ৰীটত বহু প্রাচীন লোৰ এটা ঘৰ আছে। দেৱালত নানা গ্রাফিটি, অপৰিচ্ছন্ন এই ঘৰটো বাহিৰৰ পৰা দেখিলে বুজাৰ উপায় নাই যে, ভিতৰত প্রযুক্তিৰ কি অসাধাৰণ নিদর্শন অপেক্ষা কৰি আছে। ঘৰটোত সোমাবৰ বাবে এখনেই মাত্র দুৱাৰ। ভিতৰলৈ সোমালেই চিৰি। নামিলে মাটিৰ ২৫ মিটাৰ তলত পাবগৈ পাৰি। তাৰ পিছত আৰু দুখন ইস্পাতৰ দুৱাৰ। ইমানেই গধুৰ যে, দুজন শক্তিশালী মানুহেও খুলিব নোৱাৰে। সেই দৰজা খুলিলে আৰম্ভ হয় সুৰঙ্গ। যাৰ শেষ প্রান্তত অপেক্ষা কৰিছে আন এক হেলছিংকি। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ফিনলেণ্ড আক্রমণ কৰিছিল ৰাছিয়াই। ১৯৩৯-৪০ চনত চাৰে তিনি মাহ ধৰি চলা সেই ‘উইন্টাৰ ৱাৰ’ত ফিনলেণ্ডৰ বিপুল ক্ষয়ক্ষতি হয়। আকাশী পথেৰে কৰা ৰুছ আক্ৰমণত বিশেষকৈ ক্ষতিগ্রস্ত হয় ৰাজধানী হেলছিংকি। দ্বিতীয় বিশ্বযুদ্ধ শেষ হোৱাৰ পিছত হেলছিংকিৰ বাসিন্দাসকলৰ বাবে মাটিৰ তলত বাঙ্কাৰ নিৰ্মাণ কৰা আৰম্ভ কৰে ফিনিছ ইঞ্জিনীয়াৰসকলে। ২০০ মাইল ধৰি বিস্তৃত মাটিৰ তলৰ এই এলেকাটোত অন্ততঃ ৫০০ বাঙ্কাৰ আছে। চৰকাৰী হিচাপ অনুযায়ী, অন্ততঃ ৯ লাখ মানুহৰ স্থান হ’ব এই বাঙ্কাৰবোৰ। ফলত সহজেই আশ্রয় পাব চহৰৰ ৬ লাখ ৩০ হাজাৰ বাসিন্দাই। বসবাসৰ উপযুক্ত তাপমাত্রা বজাই ৰখাৰ ব্যৱস্থা আছে বাঙ্কাৰবোৰত। আছে উপযুক্ত বর্জ্য পৰিসেৱাও। হকী খেলাৰ ষ্টেডিয়াম আৰু ছুইমিং পুলো আছে মাটিৰ তলৰ এই চহৰত। ৰাছিয়াৰ আগ্রাসী মনোভাৱত শঙ্কিত উত্তৰ-পূব ইউৰোপৰ বহু দেশ। অৱশ্যে ইয়াৰ বাবে ‘প্রস্তুতি’ কেতিয়াবাই মাটিৰ তলত কৰি ৰাখিছে ফিনলেণ্ডে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More