‘মাটিৰ মাত’এ জিনিলে ছটাকৈ পুৰস্কাৰ

অসমীয়া ছুটি ছবিৰ শুভ দিন

0 272

মুক্তাৰ আলী

মাটিৰ মাত’ (The Sound of Soil) বিশিষ্ট লেখক দাদুল দেৱকৃষ্ণ বৰুৱাৰ এটি কবিতাৰ আলমত নিৰ্মাণ হোৱা এখন চুটি ছবি। ৰঞ্জন বৰাৰ কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনাত নিৰ্মিত ছবিখনে এইবাৰ কঢ়িয়াই আনিলে ছটাকৈ পুৰস্কাৰ। South Indian Film Festival Award (SIFFA)ৰ দ্বাৰা আয়োজিত ২০২২ বৰ্ষৰ নিৰ্বাচন প্ৰক্ৰিয়াত ছটাকৈ পুৰস্কাৰ আঁজুৰি আনিবলৈ আনিলে চুটি ছবিখনে। শ্ৰেষ্ঠ নাটক, শ্ৰেষ্ঠ অসমীয়া ছবি, শ্ৰেষ্ঠ হৃদয়স্পৰ্শী ছবি, শ্ৰেষ্ঠ পৰীক্ষামূলক ছবি আৰু চিফাৰ শ্ৰেষ্ঠ ছবিৰ সন্মানেৰে সন্মানিত কৰা হ’ল ‘মাটিৰ মাত’ক।
IMG 20220509 WA0010 1মূলত এটা কবিতাৰ শৰীৰ ‘মাটিৰ মাত’। পৰিস্থিতি সাপেক্ষ তেনেই কেইটামান সংলাপ আৰু কবিতাৰ গাত ভৰ দি খোজকঢ়া এটা নিটোল কাহিনী।চহৰ আৰু গ্ৰাম্য জীৱনৰ আনন্দ,বিষাদ,হা- হুমুনিয়াহ প্ৰাপ্তি-অপ্ৰাপ্তি আৰু বন্ধুত্ব ইত্যাদিৰ এক অপূৰ্ব সমাহাৰ ।গাৰ্গী ক্ৰিয়েচনৰ বেনাৰত নিৰ্মিত ‘মাটিৰ মাত’ত আছে বিলাসবহুল চহৰীয়া জীৱনৰ একঘেয়ামীতাৰ বিপৰীতে গাঁৱৰ নিৰ্মল মনৰ আপোন মানুহৰ মৌসনা মাতৰ সমান্তৰালকৈ শস্যে মৎস্যে অনুপম গ্ৰাম্য পৰিৱেশ আৰু প্ৰকৃতিৰ সুন্দৰ বৰ্ণনা।সোণাৰীয়ে ঘঁহি পিটি নিৰ্মাণ কৰা অলংকাৰৰ দৰে সুক্ষ্মাতিসুক্ষ্ম পৰ্যবেক্ষণীয় কেমেৰাৰ দৃশ্যগ্ৰহণ আৰু যথোচিত সংগীত সংযোজনৰ লগতে আছে নিখুঁত অভিনয়। উল্লেখ কৰিব পাৰি যে মাটিৰ মাতত অভিনয় কৰা অভিনেতা-অভিনেত্ৰীসকলৰ অধিকাংশৰে কেমেৰাৰ সন্মুখত আছিল অভিনয়ৰ প্ৰথম অভিজ্ঞতা। পৰিচালক ৰঞ্জন বৰা আৰু সহ পৰিচালকদ্বয় চফিকুল ৰহমান আৰু সৌৰভ গগৈৰ ত্যাগ আৰু কষ্টৰ ফচল মাটিৰ মাতৰ সংগীত সংযোজন দীপক দাস আৰু ত্ৰিদিপ ফুকনৰ। ছবিখনত অভিনয় শিল্পীৰ সংখ্যা ডেৰশৰো অধিক। মাটিৰ মাতে যিকোনো বয়সৰ মানুহকে আকৃষ্ট কৰি আমোদ দিব পাৰে ,নষ্টালজিক কৰি তুলিব পাৰে আৰু হৃদয় পথাৰত আনন্দৰ লহৰ তুলি জীৱনটোক উপলদ্ধি কৰিবলৈ সুযোগ যে দিব পাৰে। সম্প্ৰতি অসমবাসী ৰাইজৰৰ বাবে ইউটিউবত উপলব্ধ কৰা হৈছে মাটিৰ মাত। আপুনিও তলৰ লিংকটোলৈ গৈ উপভোগ কৰিব পাৰিব ছবিখন। আগ্ৰহীসকলৰ সুবিধাৰ বাবে লিঙ্কটো আগবঢ়োৱা হ’ল। https://youtu.be/aOd_FS5qBDk

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More