মালদ্বীপত অনুষ্ঠিত এছিয়ান বডি বিল্ডিং চেম্পিয়নশ্বিপত জিলিকিল তেজপুৰৰ দুটি সন্তানৰ মাতৃ ছায়া বৰুৱা

0 20

শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৫ জুলাই : IMG 20220725 WA0104তেজপুৰৰ দুটি সন্তানৰ এগৰাকী মাতৃ ছায়া বৰুৱাই সাংসাৰিক ব্যস্ততা, নিজৰ ব্যৱসায় প্ৰতিষ্ঠাৰ কৰ্ম ব্যস্ততাৰ মাজতো কঠোৰ সাধনা আৰু একাগ্ৰতাৰে শৰীৰ চৰ্চাত জড়িত হৈ শেহতীয়াকৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম অৰ্জন কৰি অকল তেজপুৰ, শোণিতপুৰ, অসমলৈকে নহয় সমগ্ৰ দেশলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হোৱাত স্বাভাৱিকতে তেজপুৰৰ ক্ৰীড়া ক্ষেত্ৰখন উৎফুল্ল হৈ পৰিছে। উল্লেখ্য যে, যোগাসন, সৌন্দৰ্য চৰ্চাৰ লগতে শৰীৰ চৰ্চাৰ ৰাজ্যিক, ৰাষ্ট্ৰীয় একাধিক প্ৰতিযোগিতাত বিগত সময়ত তেজপুৰলৈ সুনাম কঢ়িয়াই অনা ছায়া বৰুৱা নামৰ এইগৰাকী মহিলাই যোৱা ১৬ জুলাইৰ পৰা ২১ জুলাইলৈ মালদ্বীপত অনুষ্ঠিত হোৱা এছিয়ান বডি বিল্ডিং চেম্পিয়নশ্বিপত ভাৰতৰ পৰা অংশ গ্ৰহণ কৰি পঞ্চম স্থান লাভ কৰিবলৈ সক্ষম হোৱাত ভাৰতীয় শৰীৰ চৰ্চা ফেডাৰেচনৰ লগতে অসম শৰীৰ চৰ্চা সন্থা উৎফুল্ল হৈ পৰিছে।

উল্লেখ্য যে, ২৪ খন দেশৰ প্ৰায় ৪ হাজাৰ প্ৰতিযোগীৰ মাজত অংশ গ্ৰহণ কৰি তেজপুৰলৈ সুনাম কঢ়িয়াই অনা ছায়া বৰুৱাই অহা ছয় ডিচেম্বৰৰ পৰা ১২ ডিচেম্বৰলৈ থাইলেণ্ডত অনুষ্ঠিত হ’ব লগা বিশ্ব বডি বিল্ডিং চেম্পিয়নশ্বিপত অংশ গ্ৰহণ কৰিব। তেজপুৰৰ মহাভৈৰৱ বজাৰত মহিলাৰ সাজপাৰৰ “কিংখাপ” নামৰ ব্যৱসায় প্ৰতিষ্ঠান চলাই অহা ছায়া বৰুৱা নামৰ এই সাহসী মহিলা গৰাকীয়ে আৰ্থিক স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰাৰ এনে ব্যস্ততাৰ মাজতো যেতিয়া বিভিন্ন ঠাইত ক্ৰীড়া প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰে তেতিয়া প্ৰতিষ্ঠান পৰিচালনাত কিছু অসুবিধা হয় বুলি সাংবাদিকক জানিবলৈ দিয়ে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More