মালয়েছিয়াত শাস্ত্ৰীয় নৃত্যৰে অসমলৈ সুনাম তেজপুৰৰ বিশিষ্ট নৃত্যশিল্পী দলৰ

মালয়েছিয়াৰ উচ্চায়ুক্তৰ উপস্থিতিত বিশেষ সন্মান ড০ প্ৰতিভা শৰ্মা, মায়াৰাণী বৰা আৰু প্ৰেৰণা বৈশ্যক

0 31

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১৪ ফেব্ৰুৱাৰী :IMG 20230214 WA0092 তেজপুৰৰ বিশিষ্ট নৃত্যশিল্পী ড০ প্ৰতিভা শৰ্মাৰ নেতৃত্বত তেজপুৰৰ নৃত্যশিল্পীৰ দল এটাই সুদূৰ মালয়েছিয়াৰ এক বিশেষ আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানত নৃত্য প্ৰদৰ্শন কৰি দেশৰ লগতে অসমলৈ সুনাম কঢ়িয়াই অনা এক সংবাদে তেজপুৰবাসীক আহ্লাদিত কৰি তুলিছে ।উল্লেখ্য যে, ভাৰত বৰ্ষৰ স্বাধীনতাৰ অমৃত মহোৎসৱ আৰু জি ২০ ৰ লগত সংগতি ৰাখি হিন্দুস্থান আৰ্ট এণ্ড মিউজিক চোছাইটি আৰু মালয়েছিয়াৰ উচ্চায়ুক্তৰ সৌজন্যত আৰু কুৱালালামপুৰৰ নেতাজী সুভাষ চন্দ্ৰ বসু ইণ্ডিয়ান কালচাৰেল চেণ্টাৰৰ সহযোগত যোৱা ৪ ফেব্ৰুৱাৰী তাৰিখে মালয়চিয়াৰ কুৱালালামপুৰৰ চান্তানন্দ প্ৰেক্ষাগৃহত “ভাৰত সংস্কৃতি যাত্ৰা” শীৰ্ষক এক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ভাৰতীয় শাস্ত্ৰীয় নৃত্য গীতৰ সমাৰোহৰ আয়োজন কৰে। এই সমাৰোহত তেজপুৰৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান “সপ্তাশ্ব” ৰ শিল্পীসকল সত্ৰীয়া নৃত্য প্ৰদৰ্শনৰ বাবে বিশেষ ভাবে আমন্ত্ৰিত হৈ তেঁওলোকৰ প্ৰদৰ্শনে ভূয়সী প্ৰশংসা বুটলিবলৈ সক্ষম হয়। তেজপুৰৰ শিল্পীসকল আছিল- ড° প্ৰতিভা শৰ্মা, মায়াৰাণী বৰা, প্ৰেৰণা বৈশ্য আৰু সাগৰীকা বৰুৱা। এই অনুস্থানত উপস্থিত থাকে মালয়েছিয়াৰ উচ্চায়ুক্ত মি: বি. এন ৰেড্ডী ভাৰতীয় উচ্চায়ুক্তৰ কাউন্সেলৰ অমৃতা দাস,নেতাজী সুভাষ চন্দ্ৰ বসু ইণ্ডিয়ান কালচাৰেল চেন্টাৰৰ সঞ্চালক ৰাময়া হিৰণ্যাহ।উল্লেখ্য যে, এই বিশেষ অনুষ্ঠানতে ভাৰতীয় সংস্কৃতিলৈ বিশেষভাবে অবদান আগবঢ়োৱা ৮ গৰাকী মালয়চিয়াৰ শিল্পীক বিশেষভাবে সন্মানিত কৰা হয়।আনহাতে এই অনুষ্ঠানতে ভাৰতীয় শাস্ত্ৰীয় নৃত্য আৰু লোক নৃত্যৰ এখন প্ৰতিযোগিতাৰো আয়োজন হয়। উক্ত প্ৰতিযোগিতাত তেজপুৰৰ পৰা অংশ গ্ৰহণ কৰা চাৰিও গৰাকী প্ৰতিযোগীয়ে অংশ গ্ৰহন কৰে আৰু আটাইকেগৰাকীয়ে পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হয়।প্ৰতিযোগিতাৰ চাব জুনিয়ৰ শাখাত প্ৰথম স্থান লাভ কৰে হংসজা শৰ্মাই, জুনিয়ৰ শাখাত দ্বিতীয় সাৰণ্যা মহন্ত আৰু তৃতীয় তানজিম চুলতানা আৰু ভাৰ্গবী পকোৱালে পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে, ইয়াৰে সাৰণ্যা মহন্ত তেজপুৰৰ নৃত্যশালাৰ বিশিষ্ট ওডিচী আৰু সত্ৰীয়া নৃত্যশিল্পী মায়াৰাণী বৰাৰ ছাত্ৰী আৰু আনকেইগৰাকী সপ্তাশ্বৰ সম্পাদিকা তথা বিশিষ্ট সত্ৰীয়া নৃত্যৰ শিল্পী ড° প্ৰতিভা শৰ্মাৰ ছাত্ৰী। “সপ্তাশ্ব” ৰ লগত জড়িত আন এগৰাকী কথক তথা সত্ৰীয়া শিল্পী প্ৰেৰণা বৈশ্য তেজপুৰৰ জ্যোতিকলা সংগীত মহাবিদ্যালয়ৰ শিক্ষয়িত্ৰী।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More