মাৰ্ঘেৰিটাত ব্যাপক হাৰত অব্যাহত কয়লাৰ চোৰাং খনন

অবৈধ কয়লা লৈ দৈনিক পাৰ হৈছে ১০০/১৫০ গাড়ী

0 13

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৫ জানুৱাৰী : তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত ব্যাপক হাৰত অব্যাহত আছে কয়লাৰ চোৰাং খনন ৷ বিভিন্ন পক্ষক ধনৰ বলেৰে মেনেজ কৰি চৰকাৰৰ আশীৰ্বাদপুষ্ট ছিণ্ডিকেট চক্ৰই জেচিবি, এক্সকেভেটৰ লগাই কয়লাৰ খনন চলাই উচন কৰি গৈছে এটাৰ পাছত আনটো সেউজীয়া পাহাৰ ৷ নিশা হ’লেই নিৰ্বিঘ্নে ৰাজপথেৰে পাৰ হৈ গৈছে অবৈধ কয়লা পৰিবাহী শাৰী শাৰী ট্ৰাক ৷ কিন্তু ইয়াৰ পাছতো নিষ্ক্ৰিয় তিনিচুকীয়া আৰক্ষী, জিলা প্ৰশাসন আৰু বন বিভাগ ৷ ৰহস্যজনকভাৱে মৌন জনপ্ৰতিনিধি ৷ অভিযোগ অনুসৰি পাটকাইৰ বুকু বিদীৰ্ণ কৰি সংগ্ৰহ কৰা অবৈধ কয়লা লৈ দৈনিক ১০০ৰ পৰা ১৫০ গাড়ী মাৰ্ঘেৰিটাৰ পৰা ওলাই যায় ৷ ইয়াৰে প্ৰতিখন গাড়ীৰ পৰা ছিণ্ডিকেট চক্ৰই সংগ্ৰহ কৰে ৭৫ হাজাৰকৈ টকা ৷ এইদৰে সংগৃহীত বিপুল পৰিমাণৰ ধন যায় বিভিন্ন পক্ষলৈ ৷ বিনিময়ত সকলো পক্ষই গ্ৰহণ কৰে চকু মুদা কুলিৰ ভাও ৷ জানিব পৰা মতে মাৰ্ঘেৰিটা মহকুমাত বৰ্তমান সময়ত মুকলিকৈ চলি আছে ৫৬টা চূড়ান্ত প্ৰদুষণ সৃষ্টিকাৰী কুক ক’ল উদ্যোগ ৷ এই সন্দৰ্ভত নিখিল ভাৰত ট্ৰেড ইউনিয়ন কংগ্ৰেছৰ ৰাজ্যিক সম্পাদক ৰঞ্জন চৌধুৰীয়ে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ অধ্যক্ষৰ ওচৰত এক অভিযোগ দাখিল কৰিছে ৷ চৌধুৰীয়ে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ অধ্যক্ষলৈ বুধবাৰে প্ৰেৰণ কৰা এক অভিযোগপত্ৰত স্থানীয় প্ৰশাসন, প্ৰদুষণ নিয়ন্ত্ৰণ পৰিষদ আৰু উদ্যোগ বিভাগৰ নাকৰ তলতে চলি থকা চৰম প্ৰদুষণ সৃষ্টিকাৰী এই ৫৬টা কুক ক’ল উদ্যোগ ৰাজহুৱা স্বাৰ্থত শীঘ্ৰে বন্ধ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায় ৷ পত্ৰত উল্লেখ যে বৰ্তমান সময়ত ক’ল ইণ্ডিয়া লিমিটেডৰ মাৰ্ঘেৰিটাস্থ উত্তৰপূব কয়লা ক্ষেত্ৰৰ আন সকলো কয়লা খনি বন্ধ হৈ থকাৰ বিপৰীতে কেৱল টিকক (পশ্চিম) কয়লা খনিৰ পৰা কয়লা উৎপাদন হৈ আছে ৷ তেনেস্থলত ৫৬টা কুক ক’ল উদ্যোগ চলি থকাৰ বাবে কোন উৎসৰ পৰা কয়লা আহিছে সেয়া ৰহস্যজনক ৷ সমগ্ৰ বাতাবৰণ কলুষিত কৰি তোলা প্ৰদুষণকাৰী এই ৫৬টা কুক ক’ল উদ্যোগলৈ যে চোৰাং কয়লাৰ সৰবৰাহ হৈছে তাত কোনো সন্দেহ নাই ৷ প্ৰদুষণ সৃষ্টিকাৰী এই কুক ক’ল উদ্যোগসমূহ তৎকালে বন্ধ কৰাৰ বাবে নিখিল ভাৰত ট্ৰেড ইউনিয়ন কংগ্ৰেছৰ ৰাজ্যিক সম্পাদক ৰঞ্জন চৌধুৰীয়ে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ হস্তক্ষেপ বিচাৰিছে ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More