মাৰ্ঘেৰিটাত শ্রমিকৰ প্রতিবাদত ডিৰক চাহ বাগিচাত উত্তাল

0 7

মাৰ্ঘেৰিটা, ১৯ এপ্রিলঃ মাৰ্ঘেৰিটাৰ ডিৰক চাহ বাগিচাত চাহ শ্রমিকৰ প্রতিবাদত আজি উত্তাল হৈ পৰে | চাহ শ্রমিকসকলৰ বিভিন্ন সমাধানৰ দাবীত প্রায় চাৰিশ শ্রমিকে বাগিচাৰ কাম কাজ বন্ধ কৰি ডিৰক বাগানৰ ফেক্টৰী কাৰ্যালয় ঘেৰাও কৰি প্রতিবাদ সাব্যস্ত কৰে | চাহ শ্রমিক সকলক উপযুক্ত মজুৰি দিয়া ,, ৰেচন কৰ্তন বন্ধ কৰা, বাগিচাত পৰ্যাপ্ত  চিকিৎসা সেৱা আদিৰ দাবীৰ সমৰ্থনত আজি শ্রমিকসকলে তীব্র প্রতিবাদ জনায় | মাৰ্ঘেৰিটা আৰক্ষী থানাৰ বিষয়া, মহকুমা আৰক্ষী বিষয়া, ৰাজহ চক্ৰ বিষয়া আদি উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণ কৰে | পাছত বাগিচা কৰ্তৃপক্ষ আৰু শ্রমিক প্রতিনিধিৰ লগতে চাহ জনগোষ্ঠীয় ছাত্র সংগঠনৰ প্রতিনিধিৰ মাজত হোৱা আলোচনাৰ মৰ্মে বাগিচা কৰ্তৃপক্ষই সমস্যা সমূহ সমাধানৰ প্রতিশ্ৰুতি দিয়াত পৰিৱেশ শান্ত হয় |

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More