মাৰ্ঘেৰিটাৰ কেতেটঙত সামূহিক উৎসৱ ২০২২ উদৰ্যাপন

0 41

শতাব্দ প্রতিবেদক, মাৰ্ঘেৰিটা ,২৩ এপ্রিলঃ সমগ্ৰ অসমতে প্ৰতিবছৰে সৰ্ব শিক্ষা অভিযান মিছনে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ মাজত অনুষ্ঠিত কৰি আহিছে এক সামূহিক উৎসৱ। স্থানীয় লোকসকলক যাতে বিদ্যালয়ৰ লগত জড়িত কৰাব পাৰি এই উদ্দেশ্যে আগত ৰাখিয়েই এই উৎসৱ উদযাপন কৰা হয় | সৰ্বশিক্ষা অভিযান মিছন, তিনিচুকীয়া শিক্ষাখণ্ড  মাৰ্ঘেৰিটা মণ্ডল সমল কেন্দ্ৰ-কেটেতঙত আজি এদিনীয়া কাৰ্যসূচীয়ে এই উৎসৱৰ আয়োজন কৰা হয় | ডিবং ফাকিয়াল নিম্ন প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগনত বহু সংখ্যক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণৰে এই অনুষ্ঠান উলহমালহেৰে উদযাপন কৰা হয়। পুৱা পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ পাতনি মেলে কেটেতং জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰাণা বৰাই। বন্তি প্ৰজ্বলন স্থানীয় সমাজকৰ্মী গোৰেশ্বৰ শৰ্মাই। ইয়াৰ পিছতে বিভিন্ন বিদ্যালয়ৰ পৰা অহা ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক সকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। ইয়াৰোপৰি সাংস্কৃতিক অনুষ্ঠানতো বহু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে নিজৰ প্ৰতিভাসমূহ প্ৰদৰ্শন কৰে। বিয়লি অনুষ্ঠিত মুকলি সভা ও বটাঁ বিতৰণী অনুষ্ঠানত কেটেতং গাওঁ পঞ্চায়তৰ সভানেত্ৰী বিষ্ণু মায়া শৰ্মা, মণ্ডল সমন্বয়ক ছবিৰ আহমেদ, সাংবাদিক বিকাশ বৰুৱা, অৰুণ ভূঞা, সমাজকৰ্মী গোৰেশ্বৰ শৰ্মা,আদি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে | প্রতিকূল বতৰকো নেওচি অনুষ্ঠানত কেটেতং মণ্ডলৰ অন্তৰ্গত বিদ্যালয় সমুহৰ শিক্ষক শিক্ষয়িত্ৰীসহ অঞ্চলটোৰ বহু সংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে |

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More