মিছন বসুন্ধৰাৰ যোগেদি ৮,১৩,৯৮১ খন আবেদনৰ নিষ্পত্তিঃ প্ৰথম পৰ্যায়ৰ সামৰণী

প্ৰকল্পত জড়িত কৰ্মচাৰীলৈ এমাহৰ অতিৰিক্ত বেতন প্ৰদানৰ সিদ্ধান্ত

0 9

দুই অক্টোবৰৰ পৰা আৰম্ভ হ’ব মিছন বসুন্ধৰাৰ দ্বিতীয় সংস্কৰণ। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রত মিছন বসুন্ধৰাৰ সামৰণি অনুষ্ঠানত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা। আইনী জটিলতাৰ বাবে মিছন বসুন্ধৰাত বাতিল হৈছে ২,৩১,২৯৩ খন আবেদন। মধ্য আৰু নামনি অসমত অধিক বাতিল হৈছে আবেদন।

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৮ মে’ : অভূতপূৰ্ব সঁহাৰিৰে ভূমি সম্পৰ্কীয় বিভিন্ন সমস্যা সমাধানৰ বাবে মুকলি কৰা মিছন বসুন্ধৰাৰ প্ৰথম পৰ্যায়ৰ সামৰণি পৰিল। এই উপলক্ষ্যে আজি গুৱাহাটী শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রত মিছন বসুন্ধৰাৰ সামৰণী অনুষ্ঠানৰ আয়োজন কৰা হয়। মিছন বসুন্ধৰাৰ প্ৰথম পৰ্যায়ৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্যৰ ৰাজহ ব্যৱস্থাৰ যুগান্তৰকাৰী পৰিৱৰ্তন সাধন বাবে প্ৰৱৰ্তন কৰা মিছন বসুন্ধৰাৰ আজি আনুষ্ঠানিক সামৰণি পৰিল। ৯ টা সেৱাৰে মিছন বসুন্ধৰা আৰম্ভ কৰা হৈছিল। বিগত বৰ্ষৰ ২ অক্টোবৰত মুকলি কৰা মিছন বসুন্ধৰাৰ যোগেদি ৮,১৩,৯৮১ খন আবেদনৰ নিষ্পত্তি কৰা হৈছে। এই কাৰ্যক বিৰল আখ্যা দি তেওঁ কয় যে অসমৰ লোকসেৱাৰ বুৰঞ্জীত মিছন বসুন্ধৰা সদায়ে স্মৰণীয় হৈ ৰ’ব। ইয়াৰে ৫,৮২,৬৬৮ খন আবেদন সকলো পক্ষক সন্তুষ্ট কৰি নিষ্পত্তি কৰা হৈছে। তেওঁ লগতে কয় যে মধ্য আৰু নামনি অসমত জনসংখ্যাৰ বিস্ফোৰণৰ বাবে ভূমিৰ নাটনি হৈছে। ভূমিৰ নাটনি হ’লে প্ৰতিযোগিতা হয়। সম্পদ সীমিত হলে সম্পদৰ দাম বৃদ্ধি পায়। য‍াৰ বাবে বহু সময়ত বহুতে দান কৰা মাটিও বিচাৰি আবেদন কৰে। মিছন বসুন্ধৰাৰ যোগেদি বহু কথাই জানিব পৰা গৈছে। কিদৰে ভূমিৰ নাটনিৰ বাবে শিক্ষা, স্বাস্থ্য আদি ক্ষেত্রত অদ্ভুতধৰণে হেঁচা পৰিছে। মিছন বসুন্ধৰাত বাতিল হোৱা আবেদনৰ সংখ্যা মধ্য আৰু নামনি অসমত বেছি বুলি সদৰি কৰি তেওঁ কয় যে উত্তৰ আৰু উজনি অসমত সফলতাৰ হাৰ বেছি। মিছন বসুন্ধৰাত ২,৩১,২৯৩ খন আবেদন বাতিল কৰা হৈছে। এইক্ষেত্রত থকা আইনী জটিলতা কথা তেওঁ উল্লেখ কৰে। তেওঁ লগতে কয় যে মিছন বসুন্ধৰাৰ দ্বিতীয় পৰ্যায় কিছু প্ৰত্যাহ্বান হ’ব। ২ অক্টোবৰত আৰম্ভ হ’ব মিছন বসুন্ধৰাৰ দ্বিতীয় সংস্কৰণ। তেওঁ মিছন বসুন্ধৰাৰ দ্বিতীয় সংস্কৰণৰ বিভিন্ন দিশ উল্লেখ কৰে। ১১ মে’ৰ পৰা মিছন বসুন্ধৰাৰ অধীনৰ সকলো সেৱা rtps.assam.gov.in যোগে উপলব্ধ হ’ব। তদুপৰি কামৰূপ (মহানগৰ) আৰু কামৰূপত কম্প’জিট ভূমি হস্তান্তৰ সেৱা আৰু ৰাজ্যখনৰ বিভিন্ন জিলাত অৱস্থিত ১,০৭৪খন অনা-জৰীপ গাঁৱৰ বিতং জৰীপৰ প্ৰকল্পও আৰম্ভ কৰা হৈছে। ইতিমধ্যে বিভিন্ন জিলা আৰু চক্ৰ বিষয়াসকলক মিছন বসুন্ধৰাৰ কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত উৎকৃষ্ট প্ৰদৰ্শন কৰাৰ বাবে বঁটাৰে সন্মানিত কৰা হৈছে। ৰাইজৰ স্বাৰ্থত এইসকল কৰ্মচাৰীয়ে আগবঢ়োৱা সমৰ্পিত সেৱাৰ বাবে তেওঁলোকক ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰি মুখ্যমন্ত্রীয়ে স্বীকৃতিৰ চিনস্বৰূপে এই প্ৰকল্পৰ লগত জড়িত কৰ্মচাৰীসকলক তেওঁলোকৰ দৰমহাৰ মূল বেতনৰ হাৰত এক মাহৰ অতিৰিক্ত বেতন প্ৰদান কৰাৰ সিদ্ধান্তৰ কথা উল্লেখ কৰে। অনুষ্ঠানত ৰাজহ মন্ত্রী যোগেন মোহন, মুখ্য সচিব জিষ্ণু বৰুৱাৰ উপৰি ভালেসংখ্যক চৰকাৰী বিষয়া উপস্থিত আছিল।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More