মুকলিৰ পথত ৰঙানৈৰ ওপৰত নতুন পকী দলং

0 43

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৫ ডিচেম্বৰঃ ৰঙানৈৰ ওপৰত এখন নতুন দলং। উত্তৰ লক্ষীমপুৰ নগৰৰ সমীপৰ পাঁচনৈত ৰঙানদীৰ ওপৰত ৬৯৮.০২ লাখ টকা ব্যয়ৰে নিৰ্মাণ কৰা পকী দলংখন ১৬ ডিচেম্বৰত মুকলি কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ২০১৮-১৯ বৰ্ষৰ নাবাৰ্ডৰ RIDF XXIVৰ মহাবীৰ লাচিত চিলাৰায় সেতু নিৰ্মাণ অভিযান আঁচনিৰ অধীনত নিৰ্মাণ কৰা এই দলংখনে লক্ষীমপুৰৰ পৰা অৰুণাচললৈ পোনপতীয়া পথ যোগাযোগ সম্ভৱ কৰি তুলিব। একেদৰে লক্ষীমপুৰৰ পৰ্যটনৰ ক্ষেত্ৰতো দলংখনে প্ৰচুৰ সম্ভাৱনা কঢ়িয়াই আনিব। দলংখন নিৰ্মাণৰ দায়িত্বত আছিল প্ৰথম শ্ৰেণীৰ ঠিকাদাৰ লক্ষী চুতীয়া।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More