মুখত দুডাল দুবৰি বন, দুডাল খৰিকা…

২০ মাৰ্চত বিশ্ব ঘনচিৰিকা দিৱস উপলক্ষে

0 339

মানস প্ৰতিম দত্ত

WhatsApp Image 2023 03 19 at 4.25.09 PM শৈশৱৰ দিনবোৰত ৰ’দ-বৰষুণ একেলগে দিলে মাহঁতে আমাক কৈছিল – খঁৰা শিয়ালৰ বিয়া পাতিছে চা! লগে লগে আমিও চিঞৰি চিঞৰি গাইছিলোঁ –
ৰ’দো দিছে বৰষুণো দিছে খঁৰা শিয়ালৰ বিয়া
ঘৰচিৰিকাই তামোল কাটিছে আমাকো এখন দিয়া।
আকৌ, কেতিয়াবা হঠাৎ খেৰকূটা কঢ়িয়াই থকা ঘৰচিৰিকা দেখিলেই আমি কৈছিলোঁ – ঘৰচিৰিকাই আকৌ কৰবাত বিয়া পাতিব লৈছে হ’বলা।
ঘৰচিৰিকা! আমাৰ বাবে ঘনচিৰিকা। আমাৰ বাবে মানে আমি সৰুতে ঘৰচিৰিকাক ঘনচিৰিকা বুলিয়েই মাতিছিলোঁ। ঘৰৰ মূধচৰ চুকত, খোৰোঙত বাহ সজা চৰাইবিধৰ বিষয়ে আমাক অধিক ওচৰ চপাই নিছিল বীৰেন্দ্ৰনাথ দত্তৰ এটি বিখ্যাত গীতে –
মুখত দুডাল দুবৰি বন
দুডাল খৰিকা
মোৰ চোতালত ওমলহি
অ’ ঘনচিৰিকা……
কিন্তু সম্প্ৰতি এই গীতটো শুনাৰ লগে লগে মোৰ দৰে আপোনাৰ মনতো হয়তো কিছুমান প্ৰশ্নই দোলা দি যায়। ক’তা, আমাৰ ঘৰৰ আগচোতালত দেখোন ওমলিবলৈ সৰু সৰু ঘৰচিৰিকা নাহেই! ভণ্টীৰ হাতত বহি মচুৰ মাহ নাখায়, ককাইদেউৰ কান্ধত বহি বাসন্তী নাচোনেৰে আপোন পাহৰা নহয়।
প্ৰতিকূল পৰিৱেশৰ লগত নিজকে খাপ খোৱাব নোৱাৰা ঘৰচিৰিকাবোৰ প্ৰদূষণমুক্ত পৰিৱেশৰ মাজতহে ডাঙৰ দীঘল হয়। সেয়েহে সিহঁত আঁতৰি যাব খুজিছে প্ৰদূষিত পৰিৱেশৰ পৰা। এখন সুস্থ আৰু সবল সমাজ গঢ়িবলৈ হ’লে এক সুস্থিৰ পৰিস্থিতিতন্ত্ৰৰ আৱশ্যক। আকৌ সুস্থিৰ পৰিস্থিতিতন্ত্ৰ সূচাৰুৰূপে পৰিচালনা হ’বলৈ প্ৰয়োজন হয় এটি সুন্দৰ পৰিৱেশতন্ত্ৰ। অধিক মাত্ৰাত পৰিৱেশ প্ৰদূষণে গোলকীয় উষ্ণতা বৃদ্ধি কৰাই নহয়, ই কিছু সংখ্যক প্ৰাণীৰ জীৱনলৈয়ো চৰম ভাবুকি কঢ়িয়াই আনিছে। তেনে এক প্ৰাণী হ’ল ঘৰচিৰিকা চৰাই। Passeridae গোত্ৰৰ অন্তৰ্গত ঘৰচিৰিকাৰ বৈজ্ঞানিক নাম পেচাৰ ডমেষ্টিকাচ ।
জাক পাতি থাকি ভালপোৱা ঘৰচিৰিকাৰ উৎপত্তি হৈছিল মধ্য প্ৰাচ্যত। ইহঁতে কোনো এক নিৰ্দিষ্ট সময়ত সমজুৱাকৈ গীত পৰিৱেশন কৰি পৰিৱেশ অতি শ্ৰুতিমধুৰ কৰি তোলে। ঘৰচিৰিকাই মূলতঃ খেৰৰ ঘৰত বাহ সাজি থাকি ভাল পায় । ঘূৰণীয়া মূৰ, শকত ঠোঁট আৰু ৫.২ – ৬.৫ ছে.মি. চুটি নেজডালৰ সৈতে ঘৰচিৰিকাবোৰৰ দেহৰ দৈৰ্ঘ্য প্ৰায় ১৬ ছে.মি. হয়। মাইকী আৰু মতা ঘৰচিৰিকাৰ ৰং বেলেগ বেলেগ হয়। মতা চৰাইটোৰ পিঠি অংশ ডাঠ মটীয়া ৰঙৰ হয়। গাল দুখনত বগা আৰু মূৰৰ ওপৰত মুগা, গলধনত দীঘলীয়াকৈ ক’লা আঁচ থাকে৷ মাইকী ঘৰচিৰিকাৰ দেহটো পাতল মুগা ৰঙৰ হয় যদিও মতাটোৰ দৰে গলধনত ক’লা আঁচ নাথাকে। মাইকী চৰাইটোৰ ওজন মতাটোৰ তুলনাত কম হয়।
ভাৰতবৰ্ষত মুঠতে পাঁচবিধ ঘৰচিৰিকাৰ প্ৰজাতি আছে৷ সেইকেইটা হৈছে ঘৰচিৰিকা House Sparrow, বনচিৰিকা EurasianTreeSparrow, চিণ্ড স্পেৰ’ Sind Sparrow, স্পেনিছ স্পেৰ’, ৰাচেট স্পেৰ’ (Russet Sparrow), Spanish Sparrow আৰু য়েল্ল’ থ্ৰ’টেড স্পেৰ’ Yellow Throated Sparrow।
ইয়াৰে তিনিবিধ প্ৰজাতি ক্ৰমে ঘৰচিৰিকা (House Sparrow), বনচিৰিকা বা ইউৰেছিয়ান ট্ৰী স্পেৰ’ (Eurasian Tree Sparrow) আৰু ৰাছেট স্পেৰ’ (Russet Sparrow)ককহে অসমত দেখা পোৱা যায় ৷ ইয়াৰে ঘৰচিৰিকা আৰু বনচিৰিকাহে সাধাৰণতে আমাৰ ওচৰে পাজৰে দেখা পোৱা যায়।
বনচিৰিকা অসমত পোৱা ঘৰচিৰিকাৰ আন এটা প্ৰজাতি। ইহঁতক গছ চিৰিকা নামেৰেও জনা যায়। আপাত দৃষ্টিত ঘৰচিৰিকা আৰু বনচিৰিকা প্ৰজাতিৰ মাজত বিশেষ পাৰ্থক্য নাই যদিও খুউব নিৰ্জু প্ৰকৃতিৰ ঘৰচিৰিকাৰ মতাটোৰ মূৰ অংশ বাদামী ৰঙৰ হোৱাৰ লগতে বুকু ছাঁই ৰঙৰ হয়। ঠোঁট ক’লা ৰঙৰ। চকুৰ তলত বগা অংশ থাকে, য’ত কিছু ক’লা ৰঙো দেখা যায়। পাখিৰ ৰং ডাঠ বাদামী হয়। দেহৰ দৈৰ্ঘ্য প্ৰায় ১৪ ছেঃমিঃ হয়। বনচিৰিকাৰ তুলনাত ঘৰচিৰকাৰ স্বভাৱ খঙাল হয়।
১৯৫৮ চনত ঘৰচিৰিকাবোৰ এক কৰুণ ঘটনাৰ সন্মুখীন হৈছিল। সেই ঘটনাৰ পম খেদি আমি যাব লাগিব চীনলৈ। চীন দেশ। শাসক হিচাপে তেতিয়াৰ মহান জননেতা মাও জে ডঙৰ হাতত শাসনৰ বাঘজৰী। তেখেতক চেয়াৰমেন হিচাপে লৈ গঠন কৰা হয়- চেণ্ট্ৰেল পিপল্‌ছ গভৰ্ণমেণ্ট। অৰ্থনৈতিক, সামাজিক সংস্কাৰ আৰু উন্নতিৰ সংকল্প লৈ ডঙে শাসন কাৰ্য আগবঢ়াইছে। চন ১৯৫৮। ডঙৰ শাসনে ৯ বছৰ অতিক্ৰম কৰিলে। ডঙেও উন্নত দেশৰ সৈতে ফেৰ মাৰিবলৈ চিন্তা কৰিলে। ডঙেও কৃষিজীৱী ৰাইজৰ সুবিধাৰ্থে আৰম্ভ কৰিলে ‘ ফ’ৰ পেষ্ট কেম্পেইন’। এই অভিযানত তেওঁলোকে চাৰিবিধ জীৱক কৃষিভূমি তথা চীন দেশৰ পৰা দূৰ কৰাৰ লক্ষ্য হাতত লয়। সেই চাৰিবিধ জীৱ হ’ল –
১। মেলেৰিয়া ৰোগ সৃষ্টিকাৰী মহ
২। প্লেগ ৰোগ সৃষ্টিকাৰী এন্দুৰ
৩। বায়ুমণ্ডলত উৎপন্ন ব্যাপক মাখিবোৰ, আৰু
৪। ঘৰচিৰিকাৰ বনচিৰিকা প্ৰজাতিবোৰ।
এন্দুৰ, মাখি আৰু মহৰ লগতে জনতাক ঘৰচিৰিকা নিধনৰ বাবে আহ্বান জনায়। এই আহ্বানৰ আঁৰত আছিল কৃষিবিপ্লৱৰ চিন্তা। সেই সময়ত চীনৰ কৃষিবিজ্ঞানীসকলে জনায় যে, প্ৰতিটো ঘৰচিৰিকাই প্ৰতি বছৰে ২ কিঃগ্ৰাঃ ( ৪ পাউণ্ড)কৈ শস্য খায়। ফলত কৃষকসকলৰ বিস্তৰ ক্ষতি হয় আৰু লোকচানৰ সন্মুখীন হয়। জননেতা ডঙেও গমি পতি নাচায় কৃষকৰ ক্ষতি কৰা ঘৰচিৰিকা আৰু মহ, মাখি, এন্দুৰ নিধনৰ আহ্বান জনায়। আহ্বানৰ প্ৰতি সঁহাৰি জনাই জনতাই চৰাইৰ বাহবোৰ, কণীবোৰ ভাঙিবলৈ আৰম্ভ কৰে। আনকি উৰণীয়া ঘৰচিৰিকাবোৰক গুলীয়ায়ো হত্যা কৰা হৈছিল। নানা বাদ্য-যন্ত্ৰ বজাই চৰাইবোৰক ভীতিগ্ৰস্ত কৰি তুলিলে। এই অভিযান ইমান নৃশংস হৈ পৰিছিল যে, ঘৰচিৰিকা নিধনৰ বাবে সেনা আৰু জনতাক প্ৰশিক্ষণো দিয়া হৈছিল। চাৰি বছৰ (১৯৫৮ চনৰ পৰা ১৯৬২ চন) ধৰি এই নিধন যজ্ঞ চলিল। এই নিধন যজ্ঞই ইমান ভয়াৱহ ৰূপ ল’লে যে চীনৰ আকাশত চৰাই দেখা নোপোৱাৰ দৰে হ’ল। লাখ লাখ ঘৰচিৰিকা হত্যা কৰা হ’ল। ঘৰচিৰিকাৰ উপৰিও অন্য বহু চৰায়ো মৃত্যু মুখত পৰিল।
পিছে হিতে বিপৰীতহে হ’ল। ঘৰচিৰিকা চৰাইৰ সংখ্যা কমি যোৱাৰ লগে লগে কাকতি ফৰিঙৰ সংখ্যা বাঢ়িবলৈ আৰম্ভ কৰিলে। ফলত কৃষিশস্যৰ পৰিমাণ কমি যাবলৈ আৰম্ভ কৰিলে। ইয়াৰ উপৰিও ঘৰচিৰিকাই ৰোগ সৃষ্টিকাৰী মহ খাদ্য হিচাপে গ্ৰহণ কৰে, পৰাগযোগত সহায় কৰে। ঘৰচিৰিকা নোহোৱা হোৱাৰ লগে লগে মহৰ প্ৰকোপ বাঢ়িলে, ৰোগৰ প্ৰকোপো বাঢ়িলে। দেশত দূৰ্ভিক্ষই দেখা দিলে। লাখ লাখ লোকে দূৰ্ভিক্ষত প্ৰাণ হেৰুৱালে। খাদ্যবস্তুৰ অভাৱে দেশত হত্যা-লুণ্ঠনৰ অবাধ বৃদ্ধি ঘটালে।
অভিযানৰ এটা বছৰৰ পাছৰ কথা।
চন ১৯৫৯।
বিজ্ঞানীসকলে দেশৰ ভয়াৱহ অৱস্থাৰ বাবে চিন্তিত হৈ পৰিল। কাৰণসমূহ বিশ্লেষণ কৰি তেওঁলোক এই সিদ্ধান্তত উপনীত হ’ল যে ঘৰচিৰিকা নিধনৰ বাবেই এই পৰিস্থিতি উদ্ভৱ হৈছে। তেওঁলোকে বিষয়টো ডঙক অৱগত কৰে। ডঙেও নিজৰ ভুল বুজি পায় আৰু ফ’ৰ পেষ্ট কেম্পেইনৰ সামৰণি পৰা বুলি ঘোষণা কৰে। এনেদৰেই মানুহৰ ভুলৰ বাবেই লাখ লাখ চৰাই মানুহে মৃত্যুমুখত পৰিবলগীয়া হয়। এই কৰুণ আৰু ভয়ানক ভুল বিশ্বৰ ইতিহাসত লিপিবদ্ধ হৈ ৰ’ল আৰু মানুহক এক শিক্ষাও দি গ’ল ।
পৰিৱৰ্তনৰ ধামখুমীয়তাত ঘৰচিৰিকাবোৰ আমাৰ মাজৰ পৰা হেৰাই গৈছে। ইয়াৰ মূল কাৰণ হৈছে খেৰি ঘৰৰ অভাৱ আৰু পৰিৱেশ প্ৰদূষণ। আজিকালি যান-বাহনত সংকুচিত প্ৰাকৃতিক গেছ ব্যৱহাৰ কৰি প্ৰদূষণ নিয়ন্ত্ৰণৰ চেষ্টা চলাইছে যদিও সমগ্ৰ বিশ্বতে ইয়াক কাৰ্যক্ষম কৰিবলৈ সক্ষম হোৱা নাই। ফলস্বৰূপে প্ৰদূষিত পৰিৱেশত নিজকে খাপ খোৱাব নোৱাৰা ঘৰচিৰিকাবোৰ হেৰাই যোৱাৰ উপক্ৰম হৈছে। খেৰৰ ঘৰৰ অভাৱে বাসস্থান সংকুচিত কৰিছে। ইয়াৰ উপৰি, ম’বাইল ফোনৰ টাৱাৰৰ পৰা বিকিৰিত বিদ্যুৎ চুম্বকীয় বিকিৰণেও ইহঁতক প্ৰভাৱিত কৰিছে। শস্যত অত্যধিক কীটনাশক প্ৰয়োগ কৰা বাবে ইহঁতৰ খাদ্যবস্তুৰো অভাৱ ঘটিছে।ঘৰচিৰিকাৰ ক্ৰমাগত সাংখ্যিক হ্ৰাস আৰু ইয়াৰ কাৰণসমূহ বিশ্লেষণ আৰু সংশ্লেষণ কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে ২০ মাৰ্চ তাৰিখে বিশ্ব ঘৰচিৰিকা দিৱস পালন কৰি আহিছে। ভাৰতৰ নেচাৰ ফৰএভাৰ ছ’চাইটি (Nature Forever Society) নামৰ এটা সংস্থাৰ আহ্বানমৰ্মে ২০১০ বৰ্ষৰ পৰা এই দিৱস পালন কৰি অহা হৈছে।
সম্প্ৰতি এনে দিৱস সমূহ পালনৰ মূল লক্ষ্যই হ’ল জনসচেতনতা আৰু পৰিৱেশ ভিত্তিক সংৰক্ষণবাদৰ ধাৰণাৰ বিকাশ ঘটোৱা আৰু এক ইতিবাচক দৃষ্টিভংগী গঢ়ি তোলা। কিন্তু কাৰ্যক্ষেত্ৰত বা কাগজ কলমৰ বাদে ই জনগণৰ মাজলৈ কিদৰে প্ৰসাৰিত হৈছে সেয়া ভাৱিবলগীয়া। অৱশ্যে বৰ্তমান চৰকাৰী পক্ষই হওঁক বা বিদ্যালয় কৰ্তৃপক্ষই হওঁক, বিভিন্ন প্ৰকৃতিপ্ৰেমী সংগঠনৰ সহযোগেৰে ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে চেষ্টা কৰি থকা দেখা গৈছে।
গ্ৰাম্যাঞ্চলত পঞ্চায়তীৰাজ ব্যৱস্থা অতি শক্তিশালী। চৰকাৰী কৰ্তৃপক্ষই জনসচেতনতাৰ বৃদ্ধিৰ বাবে গাঁও সভা আৰু গাঁও পঞ্চায়ত সমূহক দায়িত্ব অৰ্পন কৰিব পাৰে।এনে উদ্যোগৰ ফলত এক নৱজাগৰণৰ সৃষ্টি হ’ব। ই মানুহৰ জীৱন প্ৰক্ৰিয়া, জীৱন-শৈলী, চিন্তা-চৰ্চা, মনোভাৱ আৰু দৃষ্টিভংগীৰ ওপৰত প্ৰভাৱ পেলাব।সামাজিক ঐক্যই সামাজিক ব্যাধি, মানৱতাবোধ আদিৰ বিকাশ ঘটায়। তদুপৰি এনে উদ্যোগীকৃত জনসচেতনতা সভাত কেৱল নিৰ্ধাৰিত পক্ষীবিধৰ উপৰিও অন্যান্য পশু পক্ষী আৰু ইয়াৰ প্ৰাসংগিক বিষয়সমূহ সাঙুৰি ল’ব লাগে।
গাঁৱৰ পৰা এই যাত্ৰা আৰম্ভ কৰিলেই বিশেষ সফলতা লাভ কৰিব বুলি এইবাবেই ভাবিব পাৰি কিয়নো মানুহ আৰু প্ৰকৃতিৰ আন্ত:সম্পৰ্ক গ্ৰাম্য সমাজত অধিক সুদৃঢ়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More