মুখ্যমন্ত্ৰীৰ সন্মুখত ক্ষোভ উজাৰিলে বিজেপিৰ ৱাৰ্ড কমিচনাৰে

তিনিচুকীয়াত বাজপেয়ী ভৱন উদ্বোধন কৰিলে মুখ্যমন্ত্ৰীয়ে

0 16

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৭ মে’ : বিজেপিৰ তিনিচুকীয়া জিলা সমিতিৰ বৰগুৰিস্থিত স্থায়ী কাৰ্যালয় ’অটল বিহাৰী বাজপেয়ী ভৱন’ আজি পুৱা দলৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ লগতে একাধিক মন্ত্ৰী, বিধায়ক আৰু দলীয় কৰ্মকৰ্তাৰ উপস্থিতিত উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ গায়ন-বায়নেৰে আদৰি নিয়াৰ পাছত মুখ্যমন্ত্ৰীয়ে ফিটা কাটি আৰু নাৰিকল ভাঙি দলীয় কাৰ্যালয়টো উদ্বোধন কৰাৰ পাছত সমগ্ৰ কাৰ্যালয় পৰিদৰ্শন কৰে ৷ সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীয়ে সকলো জিলা আৰু সকলো মণ্ডলতে বিজেপিৰ এটাকৈ কাৰ্যালয় স্থাপনৰ বাবে চেষ্টা চলাই অহাৰ কথা উল্লেখ কৰি তিনিচুকীয়াৰ কাৰ্যালয়টো ২০ নম্বৰ জিলা সমিতিৰ কাৰ্যালয় বুলি প্ৰকাশ কৰে ৷ তেওঁ লগতে কয় যে আৰু ৮ খন জিলা সমিতিৰ নিৰ্মাণৰ কাম বিভিন্ন পৰ্যায়ত চলি আছে ৷ সেইদৰে প্ৰায় ৪০০ মণ্ডল কাৰ্যালয় নিৰ্মাণৰ কামো হাতত লোৱা হৈছে ৷ ডিচেম্বৰৰ ভিতৰত ১২৬ টা মণ্ডল কাৰ্যালয় নিৰ্মাণৰ কাম সমাপন কৰিব পৰা যাব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে ৷
পুনৰ বন্ধ হ’ব ৩০০ মাদ্ৰাছা
মাদ্ৰাছাৰ ওপৰত পুনৰ বুলডজাৰ চলাৰ ইংগিত দিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ আজি বিজেপিৰ তিনিচুকীয়া জিলা সমিতিৰ কাৰ্যালয় উদ্বোধনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত মাদ্ৰাছা চৰকাৰে বন্ধ কৰি থকাৰ কথা সকলোৱে জানেই বুলি উল্লেখ কৰি এতিয়া ৩০০ খন মাদ্ৰাছা বন্ধৰ লিষ্ট এখন ৰেডি হোৱাৰ কথা প্ৰকাশ কৰে ৷
মুখ্যমন্ত্ৰীৰ সন্মুখত ক্ষোভ উজাৰিলে বিজেপিৰ ৱাৰ্ড কমিচনাৰে
আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত নিজৰ ক্ষোভ উজাৰে দলৰ পুৰণি কৰ্মী তথা তিনিচুকীয়া পৌৰসভাৰ ১০ নং ৱাৰ্ডৰ কমিচনাৰ অশোক আগৰৱালে ৷ উল্লেখ্য, কিছুদিন পূৰ্বে বিজেপিৰ দখলত থকা তিনিচুকীয়া পৌৰসভাৰ কাৰ্যালয়ত বিজেপি দলৰে ৱাৰ্ড কমিচনাৰ অশোক আগৰৱালে স্থানীয় ৰাইজৰ সৈতে প্ৰতিবাদত বহিছিল ৷ যোৱা ২২ এপ্ৰিলৰ নিশা অহা প্ৰচণ্ড ধুমুহা আৰু শিলাবৃষ্টিত গছ উভালি পৰাৰ ফলত প্ৰবল ক্ষতিৰ সন্মুখীন হোৱা ১০ নং ৱাৰ্ডৰ অন্তৰ্গত লালবাংলা অঞ্চলৰ বাসিন্দাসকলে ন্যায় নোপোৱাৰ অভিযোগত আগৰৱালে ভুক্তভোগী ৰাইজৰ সৈতে প্ৰতিবাদ সাব্যস্ত কৰিছিল ৷ আজি তিনিচুকীয়াৰ স্থানীয় বিধায়ক তথা ৰাজ্যৰ কেবিনেট মন্ত্ৰী সঞ্জয় কিষাণৰ উপস্থিতিতে বিজেপিৰ ৱাৰ্ড কমিচনাৰজনে মুখ্যমন্ত্ৰীৰ সন্মুখত দীৰ্ঘদিনৰ পৰা বিজেপিৰ কৰ্মীৰূপে সেৱা আগবঢ়াই অহাৰ পাছতো দলৰ মজিয়াত তেওঁ উপেক্ষিত হোৱা বুলি ক্ষোভ উজাৰে ৷
মঞ্চত স্থান নেপালে মন্ত্ৰী ৰঞ্জিত দাসে
ইফালে বাজপেয়ী ভৱন উদ্বোধনৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰীৰ সৈতে আন একাধিক মন্ত্ৰী, বিধায়কে মঞ্চ শুৱনি কৰে যদিও তিনিচুকীয়াৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস উপস্থিত ৰাইজৰ সৈতে দৰ্শকৰ আসনৰ শেষৰ ফালে বহি থকা দেখা যায় ৷ কিয় অভিভাৱক মন্ত্ৰী দাসে মঞ্চত স্থান নেপালে তাকে লৈ সাধাৰণ ৰাইজ বাদেই দলৰ ভিতৰচৰাতো ব্যাপক চৰ্চা হোৱা দেখা গৈছে ৷
জোনমণি ৰাভাৰ পৰিয়াললৈ মুখ্যমন্ত্ৰীৰ সমবেদনা
ৰহস্যজনক দুৰ্ঘটনাত মৃত্যুবৰণ কৰা অসম আৰক্ষীৰ উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ আজি সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয় যে ঘটনা সন্দৰ্ভত তেওঁ ভালদৰে জ্ঞাত নহয় ৷ এই বিষয়ে এছ পি, ডি চিয়েহে জানিব ৷ অৱশ্যে মুখ্যমন্ত্ৰীয়ে প্ৰয়াত জোনমণি ৰাভাৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে ৷

 

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More