মুম্বাই আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱলৈ উত্তৰ পূবৰ তেৰখন ছবি

কোনেধৰণৰ কাহিনীৰে নিৰ্মাণ হৈছে ছবিবোৰ

0 43

শতাব্দ বিশেষ প্ৰতিনিধি, ৩০ মে’ :কালিৰে পৰা মুম্বাইৰ নেহৰু চেণ্টাৰত জাকজমকতাৰে আৰম্ভ হৈছে ১৭ তম মুম্বাই ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে আয়োজন কৰা এই মহোৎসৱত প্ৰধানকৈ তথ্যচিত্ৰ, চুটি ছবি আৰু এনিমেছন ছবিৰ প্ৰদৰ্শন তথা প্ৰতিযোগিতা হয় আৰু বিশ্বৰ এখন লেখত ল’বলগীয়া চলচ্চিত্ৰ মহোৎসৱ হিচাপে স্বীকৃতি লাভ কৰিছে।2 2K8S7
এসপ্তাহ ধৰি চলিবলগীয়া এইবাৰৰ মহোৎসৱত বিশ্বৰ বিভিন্ন প্ৰান্তৰৰ প্ৰায় ৪০০ ছবি প্ৰদৰ্শিত হ’ব। ইয়াৰে ১১৯ খন ছবিয়ে আন্তৰ্জাতিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতা শিতানত অংশগ্ৰহণ কৰিব। মহোৎসৱৰ প্ৰিজম শিতানত প্ৰদৰ্শিত হ’ব ১৮ খন ছবি। এইবাৰৰ মহোৎসৱৰ উল্লেখযোগ্য দিশ হ’ল, বাংলাদেশৰ স্বাধীনতাৰ সোণালী জয়ন্তী উপলক্ষে বাংলাদেশক ‘ফ’কাছ কাণ্ট্ৰী’ হিচাপে সন্মান প্ৰদৰ্শন কৰা হৈছে আৰু মহোৎসৱত দেশখনৰ নিৰ্বাচিত এঘাৰখন শ্ৰেষ্ঠ ছবি প্ৰদৰ্শিত হ’ব।
উল্লেখযোগ্য যে, এইবাৰৰ মহোৎসৱত ‘উত্তৰ-পূব পেকেজ’ৰ অধীনত উত্তৰ পূবৰ মুঠ তেৰখন ছবিয়ে অংশগ্ৰহণ কৰিছে। ইয়াৰে দহখন তথ্যচিত্ৰ আৰু তিনিখন চুটি ছবি। অসমৰ পৰা দুখন তথ্যচিত্ৰ আৰু তিনিখন চুটি ছবি ইয়াত অন্তৰ্ভুক্ত হৈছে। অসমত আজি কেইবা যুগৰে পৰা বসবাস কৰি অহা শিখসকলে কেনেদৰে মাতে-কথাই অসমীয়া সংস্কৃতি গ্ৰহণ কৰি অসমীয়া জাতিৰ লগত লীন হৈ গৈছে এই অৱলোকনৰে নিৰ্মাণ কৰা এখন ছবিৰ উপৰি আন এখন ছবি ‘Forging Future’ ত কমাৰ বৃত্তিৰে জীৱিকা নিৰ্বাহ কৰা অসমৰ এখন গাঁৱত হোৱা যুগৰ পৰিৱৰ্তন চিত্ৰায়িত কৰা হৈছে। অসমৰ পৰা নিৰ্বাচিত হোৱা তিনিখন চুটি ছবি ‘Sanctuary’, ‘Nauka’ আৰু ‘A Little Sunshine’ ত মানুহৰ মনোজগতৰ বিভিন্ন দিশৰ প্ৰতিফলন ঘটিছে। মেঘালয়ৰ পৰা নিৰ্বাচিত হোৱা ‘Because we did not change’ ত প্ৰথম মহাসমৰত উত্তৰ-পূবৰ শ্ৰমিকসকলৰ অংশগ্ৰহণৰ চিত্ৰায়িত ৰূপ নিখুঁত ভাবে বৰ্ণনা কৰা হৈছে। মণিপুৰী চলচ্চিত্ৰৰ পঞ্চাছ বছৰ পূৰ্ণ হোৱা উপলক্ষে নিৰ্মাণ কৰা এখন তথ্য চিত্ৰৰ উপৰি ‘Manipur Mindscapes’ নামৰ আন এখন ছবিত মণিপুৰী লোকসকলৰ সহনশীলতাৰ কথা চলচ্চিত্ৰ ৰূপত দাঙি ধৰা হৈছে। অৰুণাচলৰ ‘The Song We Sing’ নামৰ তথ্যচিত্ৰখনত গাল’ আৰু কাছিক নামৰ দুটা জনজাতি ফৈদৰ সাংস্কৃতিক ঐতিহ্যৰ পৰম্পৰা চিত্ৰণ কৰা হৈছে।
ক’ভিড মহামাৰীৰ সময়ত চিকিৎসা সেৱাৰ লগত জড়িত কৰ্মী, স্বেচ্ছাসেৱক আৰু সমাজৰ বিভিন্ন লোকৰ সহযোগিতাৰ মৰ্মস্পৰ্শী কাহিনীৰে মিজোৰামৰ পৰা নিৰ্বাচিত হৈছে ‘The Uncertain Years’ নামৰ এখন তথ্যচিত্ৰ। আন এখন ছবি ‘This is Mizoram’ ত মিজোৰামৰ নৈসৰ্গিক দৃশ্যৰাজিৰ বৰ্ণনাৰে ৰাজ্যখনৰ ঐশ্বৰ্য্যৰ তথ্য ব্যাখ্যা কৰা হৈছে। নগালেণ্ডৰ পৰা প্ৰেৰণ কৰা একমাত্ৰ ছবিখনত লুংফুৰু নামৰ জনগোষ্ঠীটোৰ প্ৰৱজনৰ ইতিহাস আৰু ইয়াৰ লগত জড়িত বিভিন্ন জনবিশ্বাসৰ ওপৰত আলোকপাত কৰা হৈছে। ছিক্কিমৰ ছবি ‘The Endless Note’ ত বৰ্ণনা কৰা হৈছে ছিক্কিমৰ লোক সঙ্গীতত ব্যৱহাৰ হোৱা বিভিন্ন বাদ্যযন্ত্ৰ সমূহৰ বিষয়ে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More