মেকং নদীত বিশ্বৰ সৰ্ববৃহৎ মিঠাপানীৰ মাছঃ ওজন ৩০০ কিলোগ্ৰাম

0 122

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২২ জুন : মেকং নদীত ধৰা পৰিছে বিশ্বৰ সকলোতকৈ বৃহৎ মিঠাপানীৰ মাছটো। মেকং নদীৰ কাষত থকা কম্বোডিয়াৰ এখন গাঁৱৰ লোকসকলৰ পৰা পোৱা তথ্য অনুসৰি গৱেষকসকলে কোৱা মতে এতিয়ালৈকে ৰেকৰ্ড কৰা বিশ্বৰ আটাইতকৈ ডাঙৰ মিঠা পানীৰ মাছটোৰ ওজন ৩০০ কিলোগ্ৰাম। যিটো ষ্টিংৰে মাছ পানীৰ পৰা পাৰলৈ টানি নিবলৈ প্ৰায় এক ডজন মানুহৰ প্ৰয়োজন হৈছিল। ‘বৰামি’ নামেৰে নামকৰণ কৰা হৈছে মাছটো। যাৰ অৰ্থ খমেৰ ভাষাত ‘পূৰ্ণিমা’। চাৰি মিটাৰ (১৩ ফুট) দীঘল মাইকী মাছজনী ইলেক্ট্ৰনিক টেগ কৰি বিজ্ঞানীসকলে গতিবিধি আৰু আচৰণ নিৰীক্ষণ কৰিবলৈ পুনৰ নদীত এৰি দিয়ে। নেচনেল জিঅ’গ্ৰাফিক চেনেলত ‘মনষ্টাৰ ফিচ’ অনুষ্ঠানৰ প্ৰাক্তন আয়োজক আৰু এতিয়া নদীখনত কৰা সংৰক্ষণ প্ৰকল্পৰ অংশ জীৱবিজ্ঞানী জেব হোগানে কয় যে, এইটো অতি ৰোমাঞ্চকৰ খবৰ। কাৰণ ষ্টিংৰে মাছজনী আছিল বিশ্বৰ আটাইতকৈ ডাঙৰ মিঠাপানীৰ মাছ। তেওঁ কয়— “এয়া এক ৰোমাঞ্চকৰ খবৰ; কাৰণ ইয়াৰ অৰ্থ হ’ল মেকঙৰ এই অংশটো এতিয়াও সুস্থ… ই আশাৰ চিন যে এই বিশাল মাছবোৰ এতিয়াও (ইয়াত) বাস কৰে।” যোৱা সপ্তাহত নদীখনৰ উত্তৰ কম্বোডিয়াৰ অংশৰ কাষৰীয়া দ্বীপ কোহ প্ৰেহৰ ওচৰত জালত পৰা ব’ৰামিয়ে ২০০৫ চনত উত্তৰ থাইলেণ্ডত ধৰা পৰা ২৯৩ কিলোগ্ৰাম ওজনৰ এটা বিশাল কেটফিছৰ নামত থকা অভিলেখ ভংগ কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More