“মেকানিকেল ইঞ্জিনিয়াৰিঙৰ পিছত কেৰিয়াৰৰ পথ (Career Paths after Mechanical Engineering)” 

0 68

গুৱাহাটী,২৭ মে’ : অসম ডনব’স্ক’ বিশ্ববিদ্যালয়ৰ যান্ত্রিক অভিযান্ত্রিক বিভাগৰ উদ্যোগত “মেকানিকেল ইঞ্জিনিয়াৰিঙৰ পিছত কেৰিয়াৰৰ পথ (Career Paths after Mechanical Engineering)” শীৰ্ষক এখন আলোচনা চক্ৰ ২৭ মে’ তাৰিখে অনুষ্ঠিত হয় । আলোচনা চক্ৰখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকে অসম ডনব’স্ক’ বিশ্ববিদ্যালয়ৰ যান্ত্রিক অভিযান্ত্রিক বিভাগৰ মুৰব্বী তথা ৰাজ্যখনৰ এগৰাকী আগশাৰীৰ কেৰিয়াৰ পৰামৰ্শদাতা ড° বুলজিৎ বুঢ়াগোহাঁই । মেকানিকেল ইঞ্জিনিয়াৰিঙৰ শিক্ষাৰ্থীসকলে নিজৰ দক্ষতা প্রকাশ কৰিব পাৰিলে ভৱিষ্যতে কেনেধৰণৰ কেৰিয়াৰ গঢ়াৰ সুবিধা লাভ কৰিব পাৰে সেই বিষয়ে তেওঁ বাখ্যা আগবঢ়ায় লগতে শিক্ষাৰ্থীসকলৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়ে । আলোচনা চক্ৰখনত ড° বুলজিৎ বুঢ়াগোহাঁয়ে শিক্ষাৰ্থীসকলক মেকানিকেল ইঞ্জিনিয়াৰিঙৰ ডিগ্ৰী লাভ কৰাৰ পিছত উচ্চ শিক্ষা গ্রহণৰ বাহিৰেও বিভিন্ন বিকল্পৰ বিষয়ে অৱগত কৰে । যান্ত্রিক অভিযান্ত্রিক বিভাগৰ সহকাৰী অধ্যাপক লীনা এইছ নেমাদে আৰু অসম ডনব’স্ক’ বিশ্ববিদ্যালয়ৰ প্ৰশিক্ষণ আৰু নিযুক্তি বিষয়া শ্বাহনোৱাজ হুছেইনেও বক্তব্য ৰাখে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More