মেকানিজিম অব মেছি…

0 487

দাদুল দেৱকৃষ্ণ বৰুৱা

ৰুকে না তু, থকে না তু
ঝুকে না তু, থামে না তু
সদা চলে, থকে না তু
ৰুকে না তু, ঝুকে না তু!

কুৰি শতিকাৰ হিন্দী ভাষাৰ বিখ্যাত কবি হৰিবংশ ৰায় বচ্চনৰ বিখ্যাত কবিতা ‘ৰুকে না তু/ ঝুকে না তু’। এই জনপ্ৰিয় কবিতাটোৰেই লিয়নেল মেছিৰ চৰণত অৰ্ঘ্য আগবঢ়াব পাৰিব। ৰৈ নাথাকি, আগলৈ গৈ থকাৰ নামেই মেছি!— আকৌ এবাৰ দেখুৱাই দিলে তেওঁ। কাটাৰত আৰ্জেণ্টিনাৰ ‘মচীহা’ই বুজাই দিলে— তেওঁ আচলতে এজন চামুৰাই যোদ্ধা। যাৰ ক’ড নেম LM10। মেছিৰ বয়স এতিয়া কিছু কুৰিৰ ঘৰত নহয়। তেওঁৰ বয়স এতিয়া ৩৫! কিন্তু গোটেই বিশ্বকাপত তেওঁৰ খেল দেখাৰ পিছত এনে লাগিল— যেন এজন তুৰ্কী যুৱকে খেলি আছে, নীলা-বগা যাদু দেখুৱাইছে। মেছিয়ে সম্পূৰ্ণ নব্বৈ মিনিট খেলিছে, নিৰ্ধাৰিত সময়ৰ পিছত অতিৰিক্ত সময় আৰু টাইব্ৰেকাৰলৈ যোৱা মেচতো তেওঁ বুকু ফিন্দাই খেলিছে। প্ৰশিক্ষক লিয়নেল স্কাল’নীয়ে এবাৰো মেছিৰ সলনি ছাবষ্টিটিউট বিচাৰিবলগীয়া নহ’ল।

1 lionel messi sonata perly

গোটেইখন গ্ৰাউণ্ডতে মেছি। প্ৰয়োজন সাপেক্ষে উঠি যায়, প্ৰয়োজন সাপেক্ষে নামি আহে। হঠাৎ বক্সত সোমাই বিপক্ষৰ ফুটবলাৰক নগুৰ নাকটি কৰে। এটা উশাহ লোৱাৰ সময়তে আতংকৰ সৃষ্টি কৰে। দুৰ্দান্ত ড্ৰিবলিঙেৰে একাধিক ডিফেণ্ডাৰক মূৰ্খ সজাই মেছিয়ে বল লৈ গুচি যায় চিকাৰী ঈগলৰ দৰে। মেন মাৰ্কিং কৰা হৈছে মেছিক, যিদৰে তেওঁক গোটেই খেলুৱৈ জীৱনতে কৰা হৈ আহিছে। কেতিয়াবা বিৰুদ্ধে দুজন থাকে, কেতিয়াবা থাকে চাৰিজন বিৰোধী! তথাপি মেছিক ৰোধ কৰিব পৰা নাযায়। বাধা দিব নোৱাৰি তেওঁক। হয় তেওঁ নিজে দুৰন্ত গ’ল কৰিছে, নহয় তেওঁ গ’লৰ বাবে সতীৰ্থলৈ বল ছেট কৰিছে। বিশ্বকাপত মেছিয়ে প্ৰতিখন খেলতে গড়ে ৮.৮ কিলোমিটাৰ দৌৰ অতিক্ৰম কৰিছিল। প্ৰতিখন মেচতে তেওঁৰ স্প্ৰিণ্ট ৰেট ৩৫.৫! মূৰ ঘূৰাই যোৱাব পৰা পৰিসংখ্যা তেওঁৰ। প্ৰশ্ন হয় স্বাভাৱিকতে— এই বয়সতো মেছি কিদৰে ইমান ফিট? কোনটো মন্ত্ৰেৰে মহিমাময় হৈ তেওঁ দৌৰিছে, বুটৰ তলত বয়সক চেপি ৰাখিছে! শৰীৰবিজ্ঞান আৰু ক্ৰীড়া বিজ্ঞানৰ সহযোগী অধ্যাপক, যোগ বিশেষজ্ঞ ডাঃ বিদ্যা ৰায়ে মেছিৰ সহনশীলতাৰ অন্তৰালত থকা কেইবাটাও কাৰকৰ কথা কৈছে। মেছিক উজ্জীৱিত কৰি ৰখা বুলি বিদ্যা ৰায়ে বিচাৰি উলিওৱা কাৰককেইটা কি কি জানোচোন আহক।

জিনীয় কাৰক
মেছিৰ ক্ষেত্ৰত পূৰ্বপুৰুষৰ জিনে ক্ৰিয়া কৰে। কাৰ্ডিঅ’ভাস্কুলাৰ এণ্ডুৰেন্স নহ’লে মেছিয়ে এনেকৈ দৌৰিব নোৱাৰিলেহেঁতেন। ইমান দীঘলীয়া সময়লৈকে নিজৰ দৌৰ অব্যাহত ৰখাটো সহজ কথা নহয়। মেছি অপ্ৰতিৰোধ্য। কোনো ক্লান্তিয়ে তেওঁক স্পৰ্শিব নোৱাৰে তেওঁক। বেক-টু-বেক খেলিছিল। স্ক’ৰ কৰি গৈছে। জিনীয় কাৰকৰ বাবেই এয়া সম্ভৱ হৈছে।

RBC Muscle
ৰেড মাচল ফাইবাৰ বেছি আছে মেছিৰ। যিটো তৈয়াৰ হৈছে। ইয়াৰ ফলত সহনশীলতা বা এনডিওৰেন্স বৃদ্ধি পায়। সেইবাবেই মেছিয়ে আন পাঁচজনতকৈ অধিক সময় দৌৰিব পাৰে। এক কথাত ক’বলৈ গ’লে More stamina, more andurance। মেছিৰ ক্ষেত্ৰতো এই কথাই খাটে।

অনুশীলন আৰু অভিজ্ঞতা
বছৰ বছৰ ধৰি অনুশীলন কৰাৰ পিছতহে এইটো সম্ভৱ। তেওঁৰ অভিজ্ঞতা এতিয়া আকাশলংঘী। ইয়াৰ লগতে কঠোৰ খাদ্য-তালিকা আৰু লাইফ ষ্টাইল। সাৰ্বিকভাৱেই তেওঁৰ শৰীৰে নিজৰ কথা কয়। অন্যথা মেছি হ’ব নোৱাৰে।

মানসিক স্বাস্থ্য
মানসিক স্বাস্থ্য নিশ্চিতভাৱে আছে। মনটো কোনো ধৰণে দুৰ্বল হ’ব নালাগে। ই অতি গুৰুত্বপূৰ্ণ কথা। ফাইনেলত এমবাপেৰ তৃতীয়টো গ’লে ফ্ৰান্সক ৩-৩ গ’লেৰে সমতা স্থাপন কৰায়। তেতিয়াও মেছি ভাঙি পৰা নাছিল। আপুনি যদি লক্ষ্য কৰিছিল, নিশ্চয় দেখিছিল যে মেছি তেতিয়াও একেবাৰে শান্ত আছিল; কেপ্তেইন কুল। তেওঁৰ ওঁঠত তেতিয়াও হাঁহি আছিল। খুব স্পৰ্টলিংলি তেওঁ পুনৰ নিজৰ খেল আগুৱাই নিছিল। কোনো চাপ লোৱা নাছিল।

Lionel Messi Barcelona FC Argentine Greatest Football Player Poster c7949914 e6df 4c18 b39c 1dc63970224c grandeএতিয়া আমি পিছলৈ চাওঁ অলপ। কিছু ফ্লেছবেক। ১৯৮৭ চন, তাৰিখ ২৪ জুন। আৰ্জেণ্টিনাৰ ৰ’জাৰিয়াত জন্মগ্ৰহণ কৰা এই শিশুটিয়ে বছৰ বছৰ ধৰি ভৰিৰ সমস্যাত ভুগিছিল। ১১ বছৰ বয়সত তেওঁৰ গ্ৰ’থ হৰম’নৰ অভাৱ ধৰা পৰে। ৰাতিৰ পিছত ৰাতি ভৰিত বেজী সুমুৱাই চিকিৎসা কৰা হৈছিল। ডেৰ বছৰ নহয়, তিনি বছৰ এনেকৈয়ে পাৰ হৈছিল। পিটুইটাৰী গ্ৰন্থিৰ পৰা নিৰ্গত হোৱা হৰম’নৰ পৰিৱৰ্তনৰ বাবে তেওঁৰ শাৰীৰিক বৃদ্ধি কিছু সময়ৰ বাবে বন্ধ হৈ পৰিছিল। দীৰ্ঘদিনীয়া চিকিৎসাৰ অন্তত শিশুটি সুস্থ হৈ উঠে। পিছত তেওঁৰ সেই ভৰিখনে গোটেই পৃথিৱীকে সুখৰ কান্দোন কান্দিবলৈ বাধ্য কৰালে। আজি সমগ্ৰ পৃথিৱীয়ে বাওঁ ভৰিৰ যাদুকৰৰ চৰণত প্ৰণাম জনাইছে; শিৰ নত কৰিছে। মেছিময় আৱেগৰ বিস্ফোৰণ চৌপাশে। মেছি— যি চলি আছিল… যি আছে… যি চলি থাকিব আপাতত।

আজি ডিয়েগ’ই হাঁহিছে…
লুইচেল ষ্টেডিয়ামত অনুষ্ঠিত বিশ্বকাপৰ ফাইনেলত ফ্ৰান্সৰ বিৰুদ্ধে নাটকীয় জয়লাভ কৰি আৰ্জেণ্টিনাৰ বাবে বহু প্ৰত্যাশিত ফিফা বিশ্বকাপৰ ট্ৰফী তুলি ধৰিলে মেছিয়ে। আৰ্জেণ্টিনাৰ জয়ত সন্মুখৰ পৰা নেতৃত্ব দিয়াৰ পিছত দেওবাৰে ‘ফুটবল সম্পূৰ্ণ’ কৰিলে লিয়নেল মেছিয়ে। মাত্ৰ ৯৭ ছেকেণ্ডতে কাইলিয়ান এমবাপেৰ অত্যাশ্চৰ্য ডাবল স্ক’ৰে মেছি আৰু ডি মাৰিয়াৰ প্ৰথমাৰ্ধৰ গ’লৰ অগ্ৰগতি ওলোটা কৰি খেলখন অতিৰিক্ত সময়লৈ ঠেলি দিছিল। ২৩ বছৰীয়া এমবাপে দুটা গ’ল দি খেলখন সমতা স্থাপন কৰি সৃষ্টি কৰিলে শ্বাস ৰুদ্ধকৰ পৰিস্থিতি। অৱশেষত আৰ্জেণ্টিনাই পেনাল্টি শ্বুট আউটত ফ্ৰান্সক ৪-২ গ’লত পৰাস্ত কৰে। ৩৬ বছৰৰ প্ৰতীক্ষাৰ অন্তত পুনৰবাৰ বিশ্বকাপৰ ট্ৰফী লাভ কৰিবলৈ সক্ষম হ’ল আৰ্জেণ্টিনা। কালিৰ এই ফাইনেল খেলখনৰ পিছত ব্ৰাজিলৰ ফুটবল কিংবদন্তি পেলেই ছ’চিয়েল মিডিয়াত মেছিৰ বিষয়ে এটা গুৰুত্বপূৰ্ণ পোষ্ট শ্বেয়াৰ কৰিছে আৰু ‘প্ৰিয় বন্ধু’ এমবাপেৰ প্ৰতি সহানুভূতি প্ৰকাশ কৰে।

messi mural buenos aires nora basilio artista argentina street art grafiti arte urbano homenaje tribute portrait buenosairesstreetart.com 1

পেলেই আৰ্জেণ্টিনাক অভিনন্দন জনায় আৰু স্বীকাৰ কৰে যে মেছিয়েই ট্ৰফী জয়ৰ বাবে যোগ্য। ১৯৬৬ চনৰ পিছত প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ ফাইনেলত হেট্ৰিক অৰ্জন কৰাৰ বাবে তেওঁ এমবাপেক প্ৰশংসা কৰে। মৰক্কোৰ ৰূপকথাৰ দৰে দৌৰৰ লগতে ছেমি ফাইনেল পৰ্যন্ত উত্থানকো তেওঁ প্ৰশংসা কৰে। তেওঁ ক’লে— “আজিও ফুটবলে সদায় কৈ অহাৰ দৰেই মনোমোহা ৰূপত নিজৰ কাহিনী কোৱাৰ ধাৰা অব্যাহত ৰাখিছে। মেছিয়ে প্ৰথমবাৰৰ বাবে বিশ্বকাপ জয় কৰিছে, তাৰ বাবে তেওঁ যোগ্য আছিল। মোৰ প্ৰিয় বন্ধু এমবাপেই ফাইনেলত চাৰিটা গ’ল দিলে। আমাৰ খেলৰ ভৱিষ্যতৰ বাবে এই খেলখন চোৱাটো আছিল এক সুন্দৰ উপহাৰ। আৰু মৰক্কোক এক অবিশ্বাস্য খেলৰ বাবে অভিনন্দন জনাবলৈ পাহৰিব নোৱাৰোঁ। আফ্ৰিকা উজ্বলি উঠা দেখি বৰ ভাল লাগিছে। অভিনন্দন আৰ্জেণ্টিনা! অৱশ্যেই ডিয়েগ’ৱে এতিয়া হাঁহি আছে।”

দেওবাৰে এমবাপে একেৰাহে দুটাকৈ বিশ্বকাপৰ খিতাপ দখলৰ লক্ষ্যৰে খেলত নামিছিল। তেওঁৰ দলটো কালি জয়ী হোৱা হ’লে একেৰাহে দুখন বিশ্বকাপত জয়ৰ সোৱাদ পোৱা আটাইতকৈ কম বয়সীয়া খেলুৱৈ হ’লহেঁতেন৷ এইবাৰ বিশ্বকাপ জয় কৰিব নোৱাৰিলেও এমবাপে পেলেৰ এটা অভিলেখ স্পৰ্শ কৰিলে। এই দুয়োজনৰ নামত জিলিকি আছে বিশ্বকাপত সৰ্বাধিক গ’ল দিয়াৰ অভিলেখ। দুয়োজনেই ১২টাকৈ গ’লেৰে ষষ্ঠ স্থানত সমতাত আছে।

16684290237360

দেওবাৰে লুইচেল ষ্টেডিয়ামত মেছি আৰু এমবাপে পৰস্পৰৰ মুখামুখি হ’ল যদিও চলিত মাহৰ শেষৰফালে দুয়োৱে পেৰিছ ছেইণ্ট জাৰ্মেইনৰ ড্ৰেছিং ৰুমত একেলগে পুনৰ আৰম্ভ কৰিব লিগ ১ৰ অভিযান।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More