মেঘালয়লৈ অসমৰ লোকক নাযাবলৈ আৰক্ষীৰ পৰামৰ্শ

0 23

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৬ নৱেম্বৰ : আন্তঃৰাজ্যিক সীমান্তৰ বিবাদিত এলেকাত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ ফলত ছজন লোকৰ মৃত্যু হোৱাৰ পাছত ২৬ নৱেম্বৰ শনিবাৰেও একেৰাহে পঞ্চম দিনৰ বাবে মেঘালয়লৈ অসমৰ মানুহ আৰু ব্যক্তিগত যান-বাহনৰ চলাচলত বাধা অব্যাহত ৰাখিছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। আনহাতে, মেঘালয়ে আজি পুৱা ১০.৩০ বজাৰ পৰা আৰু ৪৮ ঘণ্টাৰ বাবে ক্ষতিগ্ৰস্ত ৭খন জিলাত ইণ্টাৰনেট সেৱা বন্ধ কৰাৰ সময়সীমা বৃদ্ধি কৰিছে। ক্ষতিগ্ৰস্ত মেঘালয়ৰ জিলাসমূহৰ আইন-শৃংখলাৰ পৰিস্থিতি অৱশ্যে লাহে লাহে স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে। দোকান-পোহাৰ আৰু বাণিজ্যিক প্ৰতিষ্ঠান খোলা হৈছে আৰু পথত উল্লেখযোগ্য যাতায়ত দেখা গৈছে। মেঘালয়ৰ ৰাজধানীত কোনো বৃহৎ ঘটনা সংঘটিত হোৱা নাই। পশ্চিম জয়ন্তীয়া পাহাৰ জিলাত কেৱল একাংশ দুষ্কৃতিকাৰীয়েহে পথত টায়াৰ জ্বলাইছিল বুলি এজন আৰক্ষী বিষয়াই জানিবলৈ দিয়ে। চি আৰ পি চিৰ ১৪৪ ধাৰাত নিষেধাজ্ঞামূলক আদেশ অৱশ্যে বিতৰ্কিত অঞ্চলটোত নিৰাপত্তা বাহিনীক নিয়োগ কৰাৰ মাজতে জাৰি হৈয়েই আছে। অসম আৰক্ষীয়ে আইন-শৃংখলাৰ পৰিস্থিতিৰ আশংকা কৰি ৰাজ্যৰ লোকসকলক মেঘালয়লৈ নাযাবলৈ পৰামৰ্শ দিছে। যোৱা মঙলবাৰে পুৱা মুক্ৰ’ গাঁৱত অবৈধভাৱে কটা কাঠভৰ্তি এখন ট্ৰাকক অসমৰ বনৰক্ষীয়ে আটক কৰাৰ পাছতে এই ট্ৰেভেল এডভাইজাৰী জাৰি কৰে। ইয়াৰ পিছত সংঘটিত হোৱা সংঘৰ্ষত ছজন লোক— মেঘালয়ৰ পাঁচজন জনজাতীয় গাঁওবাসী আৰু অসমৰ এজন বনৰক্ষী— নিহত হয়। ‘‘আমি অসমৰ লোকসকলক এই মুহূৰ্তত মেঘালয়লৈ যাত্ৰা নকৰিবলৈ কৈছোঁ। কিন্তু কোনোবাই যদি কোনো জৰুৰীকালীন অৱস্থাৰ বাবে চুবুৰীয়া ৰাজ্যখনলৈ যাবলগীয়া হয় তেন্তে আমি তেওঁক মেঘালয়ত পঞ্জীয়নভুক্ত বাহনত যাবলৈ কৈছোঁ।’’— এজন আৰক্ষী বিষয়াই এইদৰে কয়। পাহাৰীয়া ৰাজ্যখনৰ দুই মূল প্ৰৱেশদ্বাৰ গুৱাহাটীৰ যোৰাবাট অঞ্চল আৰু কাছাৰ জিলাত মঙলবাৰৰ পৰা বেৰিকেড স্থাপন কৰা হৈছে। বাণিজ্যিক বাহনসমূহে অৱশ্যে কোনো বাধা-নিষেধ অবিহনে চলাচল কৰি আছে। টেংকাৰ আৰু কৰ্মচাৰীৰ ওপৰত আক্ৰমণৰ আশংকাত অসম পেট্ৰলিয়াম মাজদুৰ ইউনিয়নে ২৪ নৱেম্বৰত বন্ধ কৰি দিয়া অসমৰ পৰা ইন্ধনৰ পৰিবহণ ২৫ নৱেম্বৰ শুকুৰবাৰে মেঘালয় চৰকাৰে নিৰাপত্তাৰ আশ্বাস দিয়াৰ পিছত পুনৰ আৰম্ভ হয়। আনহাতে, মেঘালয় চৰকাৰে পশ্চিম আৰু পূব জয়ন্তীয়া পাহাৰ, পূব খাছি পাহাৰ, ৰি-ভয়, পূব পশ্চিম খাছি পাহাৰ, পশ্চিম খাছি পাহাৰ আৰু দক্ষিণ পশ্চিম খাছি পাহাৰত আৰু ৪৮ ঘণ্টাৰ বাবে পুৱা ১০.৩০ বজালৈ মোবাইল ইণ্টাৰনেট সেৱা প্ৰত্যাহাৰ কৰাৰ সময়সীমা বৃদ্ধি কৰে। গৃহ বিভাগৰ প্ৰধান সচিব শ্বাকীল আহমেদে জাৰি কৰা এক অধিসূচনাত এই কথা জানিব পৰা গৈছে। চৰকাৰে কয় যে ছ’চিয়েল মিডিয়া আৰু মেছেজিং এপৰ ​​অপব্যৱহাৰ হ’ব পাৰে যাৰ ফলত আইন-শৃংখলা ভংগ হ’ব পাৰে। আজি ২৬ নৱেম্বৰত ‘ৰঙা পতাকা দিৱস’ পালন কৰাৰ লগতে শিলচৰত অসম আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ প্ৰতিমূৰ্তি দাহ কৰাৰ কথা ঘোষণা কৰিছে হাইনিউট্ৰেপ ইণ্ডিজেনাছ টেৰিটৰিয়েল অৰ্গেনাইজেশ্যন নামৰ এটা সংগঠনে। আন এটা সংগঠন Hynniewtrep Youth Council য়েও শিলচৰত অসমৰ জোৱানক গ্ৰেপ্তাৰ কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিব বুলি জানিবলৈ দিয়ে। মেঘালয় আৰক্ষীয়ে অসমৰ পৰা ৰাজ্যত প্ৰৱেশ কৰা তেল টেংকাৰক সশস্ত্ৰ এস্কৰ্টৰ ব্যৱস্থা অব্যাহত ৰাখিব বুলি জানিবলৈ দিয়ে। ২৫ নৱেম্বৰত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই মুক্ৰ’হত হোৱা গুলীচালনাৰ কাণ্ডক মানৱ অধিকাৰ উলংঘা বুলি অভিহিত কৰি ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ পৰা ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছিল। ৮৮৪.৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ আন্তঃৰাজ্যিক সীমান্তৰ ১২টা অঞ্চলত অসম আৰু মেঘালয়ৰ মাজত দীৰ্ঘদিনীয়া বিবাদ চলি আছে, আৰু এই হিংসাত্মক ঘটনা সংঘটিত হোৱা স্থান ইয়াৰ ভিতৰত অন্যতম। চলিত বৰ্ষৰ মাৰ্চ মাহত ৰাজ্য দুখনে ছটা অঞ্চলত বিবাদৰ অন্ত পেলোৱাৰ দিশত এক বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছিল। ১৯৭২ চনত অসমৰ পৰা পৃথক কৰা মেঘালয়ে তেতিয়াৰ পৰাই দুয়োখন ৰাজ্যৰ সীমা নিৰ্ধাৰণ কৰা অসম পুনৰ্গঠন আইন, ১৯৭১ক প্ৰত্যাহ্বান জনাই আহিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More