মেঘালয়ৰ ডিজিটেল প্ৰকল্পলৈ ৰাষ্ট্ৰসংঘৰ বঁটা

এই ব্যৱস্থা প্ৰয়োগৰ ফলত প্ৰায় ৭৫ শতাংশ চৰকাৰী ফাইলৰ কাম হ্ৰাস

0 20

শতাব্দ বিশেষ প্ৰতিনিধি, ২৮ এপ্ৰিলঃ মেঘালয় চৰকাৰৰ এটা ডিজিটেল প্ৰকল্পই ৰাষ্ট্ৰসংঘৰ এটা সন্মানীয় বঁটাৰ বাবে নিৰ্বাচিত হৈছে। মেঘালয় চৰকাৰৰ পৰিকল্পনা বিভাগৰ তত্বাৱধান আৰু প্ৰচেষ্টাত Meghalaya Enterprise Architecture(MeghEA) প্ৰকল্পৰ অধীনত প্ৰস্তুত কৰা e-proposal ব্যৱস্থাটোৱে ৰাষ্ট্ৰসংঘৰ World Summit on the Information Society Forum 2022 বঁটাৰ বাবে যোগ্যতা অৰ্জন কৰিছে। উল্লেখযোগ্য যে, ২০১৯ চনত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই এই ডিজিটেল পদ্ধতিটোৰ উদ্বোধন কৰিছিল। e-proposal ব্যৱস্থাটো ৰাজ্যখনত প্ৰৱৰ্তন কৰাৰ পাছৰে পৰা ৰাজ্য চৰকাৰৰ সকলোবোৰ বিভাগ আৰু সঞ্চালকালয় সমূহত প্ৰশাসনিক অনুমোদন, বিত্তীয় মঞ্জুৰী আদি কামসমূহ অতি কম সময়ৰ ভিতৰতে স্বয়ংক্ৰিয় ভাৱে নিয়াৰিকৈ সমাধা হৈছে। ইয়াৰ ফলত সমগ্ৰ মেঘালয়তে কোনো অসুবিধাৰ সন্মুখীন নোহোৱাকৈ নাগৰিক আৰু আন অংশীদাৰ সকলে চৰকাৰী সেৱা নিৰ্বিঘ্নে লাভ কৰাত সফল হৈছে। এই ব্যৱস্থাটো প্ৰয়োগ কৰাৰ ফলশ্ৰুতিত প্ৰায় ৭৫ শতাংশ চৰকাৰী ফাইলৰ কাম হ্ৰাস পোৱাটো ইয়াৰ এটা উল্লেখযোগ্য দিশ। এটা প্ৰশাসনিক অনুমোদনৰ বাবে পূৰ্বতে কেইবামাহো অপেক্ষাৰ বিপৰীতে এতিয়া মাথোন সপ্তাহটোৰ ভিতৰতেই ই সম্ভৱ হৈ উঠিছে। ইয়াৰ ফলত সময়ৰ অপব্যয় ৰোধ হোৱাৰ উপৰি উন্নয়নৰ কাম-কাজ সমূহৰ গতি অধিক ত্বৰান্বিত হৈছে।
উল্লেখনীয় যে, বিশ্বৰ শ্ৰেষ্ঠ ৩৬০টা প্ৰকল্পৰ ভিতৰত মেঘালয়ৰ এই প্ৰকল্পটোৱে স্থান লাভ কৰিছে। ৰাষ্ট্ৰসংঘই মুঠ ১৮ টা ভিন ভিন প্ৰতিটো বিভাগৰ ভিতৰত শ্ৰেষ্ঠ পাঁচটা প্ৰকল্পক ‘চেম্পিয়ন প্ৰজেক্ট’ হিচাপে নিৰ্বাচন কৰে। “The role of governments and all stakeholders in the promotion of ICTS for development” শিতানত ভাৰতৰ হৈ মেঘালয়ে এইবছৰ অষ্ট্ৰেলিয়া, আৰ্জেণ্টিনা, চীন আৰু টাঞ্জানিয়াৰ লগত এই সন্মান লাভ কৰিছে। এই পাঁচোটা প্ৰকল্পৰ ভিতৰত আকৌ নিৰ্বাচন কৰি যিকোনো এটা প্ৰকল্পক শ্ৰেষ্ঠ বিজয়ী হিচাপে ঘোষণা কৰা হ’ব। অহা ৩১ মে’ তাৰিখে জেনেভাত এই বঁটা প্ৰদান কৰা হ’ব আৰু মেঘালয়ে শ্ৰেষ্ঠ বিজয়ীৰ সন্মান লাভ কৰিব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More