মেট্ৰিকত হৃদম ঠাকুৰীয়া প্ৰথম

ঢেকীয়াজুলি শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰজনে স্থান দখল কৰাত উৎফুলিত ঢেকীয়াজুলিবাসী

0 29

20230522 175632শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তেজপুৰ : ২২ মে: ঢেকীয়াজুলি শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ হৃদম ঠাকুৰীয়াই মেট্ৰিক পৰীক্ষাত ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল কৰি শ্বহীদ নগৰী ঢেকীয়াজুলিলৈ সুনাম কঢ়িয়াই আনিলে ৷ অসম মাধ্যমিক শিক্ষা পৰিষদে আজি পুৱা ১০ বজাত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পিছতেই নিকেতনখনত উৎসৱমুখৰ পৰিৱেশ দেখিবলৈ পোৱা যায় ৷ হৃদমৰ ঠাকুৰীয়াৰ এই সাফল্যত নিকেতনখনৰ ছাত্ৰ-ছাত্ৰী আৰু আচাৰ্য-আচাৰ্যাসকল আনন্দিত হৈ পৰে ৷ আচাৰ্য-আচাৰ্যাসকলে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলৰ মাজত মিঠাই বিতৰণ কৰা দেখা যায় ৷ নিকেতন প্ৰাংগনত পুৱাৰে পৰা উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰিছে ৷ প্ৰকাশিত ফলাফল অনুসৰি ঢেকীয়াজুলি শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ হৃদম ঠাকুৰীয়াই ৬০০ নম্বৰৰ ভিতৰত ৫৯৬ নম্বৰ লাভ কৰে ৷ মেধাৱী ছাত্ৰজনে অসমীয়াত ৯৮, ইংৰাজীত ১০০, সাধাৰণ গণিত ১০০, উচ্চ গণিতত ১০০, সমাজ বিজ্ঞানত ১০০ আৰু বিজ্ঞানত ৯৮ নম্বৰ লাভ কৰে ৷ ছাত্ৰ হৃদম ঠাকুৰীয়াৰ এই সাফল্যৰ পিছত ঢেকীয়াজুলি শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্য গিৰীন্দ্ৰ চন্দ্ৰ শৰ্মা আৰু উপ-প্ৰধান আচাৰ্য ৰাজীৱ দাসে সাংবাদিকৰ আগত কয়, শিক্ষা পদ্ধতি ভাল হ’লে ফলাফলো ভাল হ’ব ৷ আজি হৃদম ঠাকুৰীয়াৰ ফলাফলে নিকেতনখনৰ সুনাম বৃদ্ধি কৰিলে ৷ তেওঁলোকে জানিবলৈ দিয়া মতে, হৃদম ঠাকুৰীয়াই নিকেতনখনত অংকুৰ শ্ৰেণীৰ পৰা অধ্যয়ন কৰিছিল ৷ অংকুৰ শ্ৰেণীত পাঠদান কৰা শ্ৰেণী আচাৰ্যা ববিতা শইকীয়াই কয়, হৃদম ঠাকুৰীয়া সদায় নিকেতনলৈ আহিছিল ৷ ছাত্ৰজন কোনো দিনে শ্ৰেণীত অনুপস্থিত নাছিল ৷ ছাত্ৰজন আত্মবিশ্বাসী আছিল ৷ সংগীতৰ লগতে কুইজ, তৰ্ক, আকস্মিক বক্তৃতা, কবিতা আবৃত্তি আদিত ছাত্ৰজন বৰ আগ্ৰহী আছিল ৷ নিকেতনত অনুষ্ঠিত তৰ্ক, কুইজ,আকস্মিক বক্তৃতা আদি প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি হৃদম ঠাকুৰীয়াই প্ৰথম স্থান দখল কৰিছিল বুলি আচাৰ্যাগৰাকীয়ে জানিবলৈ দিয়ে। ঢেকীয়াজুলি অঞ্চলৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে আয়োজন কৰা শৈক্ষিক প্ৰতিযোগিতাত হৃদম ঠাকুৰীয়াই ভাগ লৈছিল আৰু শ্ৰেষ্ঠ বিবেচিত হৈছিল বুলি আচাৰ্যাগৰাকীয়ে জানিবলৈ দিয়ে ৷ আনহাতে, হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থানত জিলিকি উঠা ঢেকীয়াজুলি শংকৰদেৱ শিশু নিকেতনৰ মেধাৱী ছাত্ৰ হৃদম ঠাকুৰীয়া, তেওঁৰ পিতৃ-মাতৃ আৰু তেওঁ অধ্যয়ন কৰা নিকেতনৰ আচাৰ্য-আচাৰ্যাসকলক বিভিন্ন দল,সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানে অভিনন্দন জনাইছে ৷ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ প্ৰাক্তন সভাপতি ৰাণা প্ৰতাপ বৰুৱা, ঢেকীয়াজুলি মহকুমা নাগৰিক মঞ্চৰ কাৰ্যকৰী সভাপতি , সাংগঠনিক সম্পাদক নাৰায়ণ ফয়েল, ঢেকীয়াজুলি আঞ্চলিক ছাত্ৰ সন্থা মেধাৱী ছাত্ৰজনৰ
ঢেকীয়াজুলি সমষ্টিৰ বিধায়ক তথা ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহলে মেধাৱী ছাত্ৰ হৃদম ঠাকুৰীয়াক অভিনন্দন জনোৱাৰ লগতে মন্ত্ৰী অশোক সিংহালে শঙ্কৰদেৱ শিশু নিকেতনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে বিধায়ক এলেকা উন্নয়ন পুঁজিৰ পৰা ২০লাখ টকা আগবঢ়োৱাৰ লগতে হৃদমৰ পৰবৰ্তী পঢ়াৰ খৰছ বহন কৰিব বুলি শঙ্কৰদেৱ শিশু নিকেতন প্ৰধান আচাৰ্য্য গিৰীন্দ্ৰ শৰ্মাই ব্যক্ত কৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More