মেট্ৰিকৰ প্ৰশ্নকাকত কেনেদৰে ফাদিল হৈছিল- ধৃতৰ স্বীকাৰোক্তি

মাষ্টাৰ মাইণ্ড প্ৰনৱ দত্তক চি আই ডিৰ জেৰা : লখিমপুৰ সদৰ থানাত পলাতক বিজ্ঞান শিক্ষক কুমুদ ৰাজখোৱাৰ আত্মসমৰ্পণ

0 692

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ ১৭ মার্চঃ

1679055078224
কুমুদ ৰাজখোৱা

মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিলৰ মাষ্টাৰ মাইণ্ড প্ৰনৱ দত্তক বৃহস্পতিবাৰে লখিমপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত প্ৰশ্নকাকত ফাদিলৰ ন ন তথ্য পোহৰলৈ আহিছে। আজি আৰক্ষীয়ে ডফলাকটা জনজাতি হাইস্কুলৰ আন এজন শিক্ষক প্রসন্ন দাসক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে প্ৰণব দত্তৰ সহযোগী তথা ডয়লাকটা জনজাতি হাইস্কুলৰ বিজ্ঞান শিক্ষক কুমুদ ৰাজখোৱাই বিয়লি উত্তৰ লখিমপুৰ সদৰ থানাত সোঁ-শৰীৰে আত্মসমর্পন কৰে। গুৱাহাটীৰ পৰা পুৱাই লখিমপুৰত উপস্থিত হোৱা চি আই ডিৰ চাৰিজনীয়া বিষয়াৰ এটি দলে লোহিত খাবলু হাইস্কুলৰ প্ৰধান শিক্ষক আৰু উক্ত কেন্দ্ৰৰ মেট্রিক পৰীক্ষাৰ তত্ত্বাৱধায়ক প্ৰণৱ দত্তক উত্তৰ লখিমপুৰ সদৰ থানাত চি আই ডিৰ নিৰন্তৰ জেৰা অব্যাহত ৰখাৰ সময়ত বহু ভয়ংকৰ তথ্য পোহৰলৈ আহে। চি আই ডিৰ জেৰাত প্ৰনৱ দত্তই প্রশ্নকাকত ফাদিলৰ কথা স্বীকাৰ কৰাৰ লগতে প্ৰশ্নকাকত ফাদিলৰ ঘটনা চি আই ডি তদন্ত ঘোষণা হোৱাৰ পিছতে প্ৰণৱ দত্তই ফাদিল হোৱা প্ৰশ্নকাকতৰ টোপোলা জ্বলাই দিছিল বুলি কয়। যোৱা নিশা আৰক্ষীয়ে প্ৰনৱ দত্তক লগত লৈ কেইবা ঠাইতো অভিযান চলায় যদিও কুমুদ ৰাজখোৱাৰ সন্ধান লাভ কৰা নাছিল। পানীগাঁও থানাৰ লকাৰৰ পৰা অতি কৌশলেৰে প্ৰনৱ দত্তই আগতীয়াকৈ প্ৰশ্নকাকতৰ টোপোলা চুৰি কৰাৰ কথা চি আই ডিৰ জেৰাত প্ৰকাশ কৰাৰ লগতে বিজ্ঞান আৰু অসমীয়াৰ প্ৰশ্নকাকত চুৰি কৰি তেওঁ পেগু উপাধিৰ এজন লোকৰ ভাড়াতীয়া ঘৰত ৰাখিছিল। পূর্বে বিদ্যালয়ৰ আন্তঃগাঁথনি আৰু ছাত্ৰ-ছাত্ৰীৰ সাজ-পাৰ কেলেংকাৰিত জড়িত প্রনব দত্তই এনে প্রশ্নকাকত বিক্ৰীৰ দায়িত্ব দিছিল ডফলাকটা জনজাতি হাইস্কুলৰ বিজ্ঞান শিক্ষক কুমুদ ৰাজখোৱাক। কুমুদ ৰাজখোৱাই ধনৰ বিনিময়ত বিভিন্নজনক প্রশ্নকাকত যোগান ধৰিছিল। মূলতঃ তেওঁ ৱাটছএপ যোগে প্রশ্নকাকত এক প্ৰকাৰে বিক্ৰী কৰিছিল। ৰাজখোৱাই ডফলাকটা জনজাতি হাইস্কুলৰ এটা ৱাটছএপত বিজ্ঞানৰ প্ৰশ্ন কাকতখন এৰি দিছিল। চি আই ডিৰ জেৰাত এই কথাও পোহৰলৈ আহিছে যে পানীগাঁও থানাৰ লকাৰত থকা ২৯ টা প্ৰশ্ন কাকতৰ টোপোলাৰ এটা টোপোলা আগতীয়াকৈ নি প্ৰনৱ দত্তই কুমুদ ৰাজখোৱাৰ হাতত তুলি দিছিল। সেই প্রশ্নকাকত বিশেষকৈ বিজ্ঞান আৰু অসমীয়া প্ৰশ্নকাকত ডফলাকটা জনজাতি হাইস্কুলৰ আন এজন শিক্ষক প্রসন্ন দাসক যোগান ধৰিছিল একেখন বিদ্যালয়বে শিক্ষক কুমুদ ৰাজখোৱাই। প্রথম অৱস্থাত প্ৰনৱ বাহিনীয়ে ১৪ জন পৰীক্ষাৰ্থীক এনে প্রশ্নকাকত বিক্ৰী কৰিছিল। প্রসন্ন দাসক কালি আৰক্ষীয়ে আটক কৰি এৰি দিছিল যদিও আজি পুনৰ আৰক্ষীয়ে প্ৰসন্ন দাসকো গ্রেপ্তাৰ কৰে। ঘটনা সন্দৰ্ভত পানীগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পলাশ ৰঞ্জন দাসকো আজি দুপৰীয়া চি আই ভিৰ দলে উত্তৰ লখিমপুৰ সদৰ থানালৈ তলৱ কৰি সোধ-পোচ অব্যাহত ৰাখে। সৰ্ব্বস্তৰৰ লোকে লাখ লাখ শিক্ষার্থীৰ জীৱনলৈ অমানিশা নমাই অনা এনে ধুৰন্ধৰ শিক্ষকক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্রদানৰ দাবী জনাইছে। ইফালে লখিমপুৰ জিলা বিদ্যালয়সমূহৰ পৰিদর্শকে আজি প্ৰসন্ন দাস আৰু কুমুদ ৰাজখোৱাক নিলম্বিত কৰাৰ বিপৰীতে অসম মাধ্যমিক শিক্ষা সঞ্চালকে প্রনব দত্তকো নিলম্বিত কৰে। আনহাতে প্রশ্নকাকত ফাদিলৰ ঘটনাৰ লগত জড়িত দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবীত উত্তৰ লখিমপুৰ সদৰ থানাৰ সন্মুখত আজি দুপৰীয়া আছু আৰু জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে তীব্র প্রতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদী দল-সংগঠন সমূহে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ লগতে ছেবাৰ অধ্যক্ষ ৰমেশ জৈনৰ পুত্তলিকা দাহ কৰি তেওঁলোকৰ পদত্যাগৰ দাবী জনায়। ধৃত আটাইকেইজনক চি আই ডিয়ে গুৱাহাটীলৈ লৈ যোৱাৰ ব্যৱস্থা কৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More