মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনা সন্দৰ্ভত তিনিচুকীয়াত আৰক্ষীৰ অভিযান

0 25

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৪ মাৰ্চ : মেট্ৰিক পৰীক্ষাৰ সাধাৰণ বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পৰিপ্ৰেক্ষিতত ছেবাই সোমবাৰে অনুষ্ঠিত হ’বলগীয়া বিজ্ঞানৰ পৰীক্ষা বাতিল কৰিবলগীয়া হোৱা ঘটনা সন্দৰ্ভত অসম আৰক্ষীৰ চি আই ডিয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ৷ সোমবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে তিনিচুকীয়া জিলাৰ একাধিক স্থানত আৰক্ষীয়ে অভিযান চলাই কেইবাজনো ব্যক্তিক সোধপোছৰ বাবে আটক কৰে ৷ জিলাখনৰ ধলা অঞ্চলৰ পৰা সোমবাৰে আটক কৰা ৪ জন লোকক সোধপোছৰ অন্তত এৰি দিয়া বুলি সূত্ৰত প্ৰকাশ ৷ আনহাতে জাগুন অঞ্চলৰ পৰা ৪ জন ব্যক্তিক আটক কৰা বুলি জানিব পৰা গৈছে যদিও তিনিচুকীয়া আৰক্ষীয়ে এই সন্দৰ্ভত কোনো তথ্য সদৰি কৰাৰ পৰা বিৰত আছে ৷ উল্লেখ্য যে জাগুনৰ পৰাই মেট্ৰিক পৰীক্ষাৰ সাধাৰণ বিজ্ঞানৰ প্ৰশ্নকাকত ভাইৰেল হোৱা বুলি সন্দেহ কৰা হৈছিল ৷ তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক গৌৰৱ অভিজিত দিলীপে সংবাদ মাধ্যমৰ আগত কয় যে গোচৰটো যিহেতু চি আই ডিৰ অধীনত আছে আৰু আৰক্ষীৰ উৰ্ধতম কৰ্তৃপক্ষই সমগ্ৰ বিষয়টো চোৱাচিতা কৰি আছে গতিকে এই বিষয়ত বৰ্তমান সময়ত অধিক তথ্য সদৰি কৰিবলৈ তিনিচুকীয়া আৰক্ষী অপাৰগ ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More