মেট্ৰিকৰ ৰিজাল্ট বেয়া কিয়ঃ তিনিচুকীয়াত প্ৰশাসনৰ পৰ্য্যালোচনা সভা

0 17

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৬ জুলাই : তিনিচুকীয়াৰ উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত শিক্ষা বিভাগৰ দায়িত্বপ্ৰাপ্ত অতিৰিক্ত উপায়ুক্ত সুশান্ত দত্তৰ উপস্থিতিত জিলাখনৰ ৩৯ খন বিদ্যালয়ৰ সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল সন্দৰ্ভত মঙ্গলবাৰে এক পৰ্য্যালোচনা কৰা হয়। পৰ্য্যালোচনা সভাত হাইস্কুল শিক্ষান্ত পৰীক্ষাত বেয়া ফলাফল প্ৰদৰ্শন কৰা বিদ্যালয়সমূহৰ অধ্যক্ষসকলে নিজ বিদ্যালয়ৰ বেয়া ফলাফলৰ কাৰণসমূহ উপস্থাপন কৰাৰ লগতে পৰৱৰ্তী সময়ত ভাল ফলাফল লাভৰ বাবে কেনেধৰণৰ পদক্ষেপ ল’ব সেই বিষয়ে উল্লেখ কৰে । মানৱ সম্পদ গঢ়াৰ ক্ষেত্ৰত বিদ্যালয়সমূহৰ শিক্ষক-শিক্ষয়িত্ৰীৰ গধুৰ দায়িত্ব আছে বুলি উল্লেখ কৰি অতিৰিক্ত উপায়ুক্ত দত্তই প্ৰতিগৰাকী শিক্ষক-শিক্ষয়িত্ৰীক এক উৎসৰ্গিত মনোভাৱেৰে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক উত্তৰণৰ দায়িত্ব ল’বলৈ আহ্বান জনায় । সভাত বিদ্যালয়সমূহৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ উপস্থিতি আৰু নিয়মিত পাঠদানৰ সন্দৰ্ভতো আলোচনা কৰা হয় । অতিৰিক্ত উপায়ুক্তই বিদ্যালয়সমূহৰ অধ্যক্ষসকলক নিজকে একোগৰাকী আদৰ্শ শিক্ষক হিচাপে প্ৰতিষ্ঠিত কৰি বিদ্যালয়ৰ আন শিক্ষক-শিক্ষয়িত্ৰীৰ নিয়মিত উপস্থিতি আৰু শ্ৰেণীত নিয়মিত পাঠদান সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে । ইয়াৰ পাছতো কোনো শিক্ষক-শিক্ষয়িত্ৰী বিদ্যালয়ত উপস্থিত নাথাকিলে তথা পাঠদানত গাফিলতি কৰিলে কঠোৰ অনুশাসনমূলক ব্যৱস্থা লবলৈও নিৰ্দেশ দিয়া হয় । সভাত অতিৰিক্ত উপায়ুক্ত দত্তই বিদ্যালয়সমূহত উপলব্ধ পৰ্য্যাপ্ত সা-সুবিধাৰ লগতে বিভিন্ন সমস্যাসমূহৰো বুজ লয় । তেওঁ হাইস্কুল শিক্ষান্ত পৰীক্ষাত বেয়া ফলাফল প্ৰদৰ্শন কৰা বিদ্যালয়সমূহক জিলাখনৰ আন উন্নত প্ৰদৰ্শন আগবঢ়োৱা বিদ্যালয়সমূহৰ আৰ্হিৰে ছাত্ৰ-ছাত্ৰীসকলক পাঠদান কৰিবলৈ আৰু শ্ৰেণীত সকলো বিষয়ৰে নিয়মিত পৰীক্ষা অনুষ্ঠিত কৰিবলৈ পৰামৰ্শ আগবঢ়ায় । উল্লেখ্য যে, বিদ্যালয়সমূহৰ গৰম বন্ধৰ পাছতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত বেয়া ফলাফল প্ৰদৰ্শন কৰা বিদ্যালয়সমূহৰ নিৰীক্ষণৰ বাবে একোগৰাকী বিষয়াক দায়িত্ব দিয়া হব বুলি তেওঁ জানিবলৈ দিয়ে । বিষয়াসকলে এই বিদ্যালয়সমূহৰ পাঠদান প্ৰক্ৰিয়া নিৰীক্ষণ কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক উত্তৰণৰ দিশসমূহ তদাৰক কৰিব । আনহাতে পৰৱৰ্তী পৰ্য্যায়ত জিলাখনৰ আন বিদ্যালয়সমূহৰো পৰ্য্যালোচনা কৰা হব বুলি অতিৰিক্ত উপায়ুক্ত দত্তই প্ৰকাশ কৰে । পৰ্য্যালোচনা সভাত সহকাৰী আয়ুক্ত তথা শিক্ষা বিভাগৰ শাখা বিষয়া অপৰূপা বৰগোহাঁই, বিদ্যালয়সমূহৰ পৰিদৰ্শক বিতুপন হাজৰিকাকে ধৰি শিক্ষা বিভাগৰ অনান্য বিষয়া,কৰ্মচাৰীসকল উপস্থিত থাকে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More