মে’ত কুৰি হাজাৰ শিক্ষক নিযুক্তিৰ প্ৰস্তুতি চৰকাৰৰ

১২, ১৩ আৰু ১৪ মে’ত ৩টা পৰ্যায়ত হ’ব গুণোৎসৱ

0 37

শতাব্দ প্ৰতিনিধি, ধেমাজি, ২৭ এপ্ৰিল : আগন্তুক মে’ মাহত ৰাজ্যখনৰ বিশ হাজাৰ নিবনুৱা যুৱক-যুৱতীক শিক্ষকৰ চাকৰিত নিযুক্তি দিয়া হ’ব । – এই ঘোষণা ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ । মংগলবাৰে ধেমাজি প্ৰকল্প সঞ্চালকৰ সভাকক্ষত অনুষ্ঠিত District Development Co-ordination and Monitoring Committee (DDC-MC)/ DISHAৰ সভাত শিক্ষামন্ত্ৰী ডাঃ পেগুৱ এই ঘোষণাৰ লগতে আগন্তুক ১২, ১৩ আৰু ১৪ মে’ত ৩টা পৰ্য্যায়ত গুণোৎসৱ অনুষ্ঠিত কৰাৰ কথা জানিবলৈ দিয়ে । লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাৰ পৌৰোহিত্যত অনুষ্ঠিত সভাখনত মন্ত্ৰী ডাঃ পেগুৱে জিলাখনত ৰূপায়ণ হৈ থকা বিভিন্ন উন্নয়নমূলক কামৰ লগতে সামগ্ৰিক উন্নয়নৰ প্ৰয়োজনীয় মাপকাঠী বিস্তৃতভাৱে পৰ্যালোচনা কৰে। তদুপৰি জল জীৱন মিছনৰ ওপৰত বিশেষ গুৰুত্ব দি খণ্ড আৰু গাঁও পঞ্চায়ত পৰ্যায়ত আঁচনিখনৰ ৰূপায়নৰ ওপৰত বিশদভাৱে পৰ্যালোচনা কৰে। সভাত জোনাইৰ বিধায়ক ভূৱন পেগু, জিলা উপায়ুক্ত অসীম কুমাৰ ভট্টাচাৰ্য্যৰ লগতে সকলো বিভাগৰ মূৰব্বী বিষয়াসকলৰ উপস্থিতিত অনুষ্ঠিত সভাখনত সাংসদ প্ৰদান বৰুৱাই অসামৰিক যোগান বিভাগক ৰেচন কাৰ্ডৰ লগত আধাৰ কাৰ্ড seeding-ৰ ওপৰত অধিক গুৰুত্ব দিবলৈ বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনায় । আনহাতে জোনাই বিধান সভা সমষ্টিৰ বিধায়ক ভূৱন পেগুৱে মিছন বসুন্ধৰাৰ অধীনত প্ৰদান কৰা সুবিধাসমুহৰ কাম যথেষ্ট পৰিমাণে কৃতকাৰ্য হোৱা বুলি প্ৰকাশ কৰাৰ লগতে আৰু অধিক গুৰুত্ব প্ৰদান কৰিবলৈ আহবান জনায়। সভাত ধেমাজি জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া প্ৰফুল্ল কুমাৰ দেউৰী, জিলা পৰিষদৰ সভাপতি মোহন গগৈ, জিলা উন্নয়ন আয়ুক্ত অৰূপ পাঠক, ধেমাজি উন্নয়ন প্ৰাধিকৰণৰ সভাপতি তোলন কোঁৱৰ, জোনাই মহকুমাধিপতি প্ৰদীপ কুমাৰ দ্বীৱেদী, ধেমাজি আৰু চিলাপথাৰ পৌৰসভাৰ পৌৰপতিদ্বয়ৰ লগতে সকলো বিভাগৰ মুৰব্বী বিষয়া আৰু গাঁও পঞ্চায়তৰ সভাপতি আৰু সম্পাদকসকলে অংশগ্ৰহণ কৰি নিজা নিজা বক্তব্য আগবঢ়ায় ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More