মেদ বহুল বহুজনৰ ক্ষেত্ৰত ভেকচিনে কোনো কাম কৰা নাই 

বিজ্ঞানীৰ গৱেষণাত ওলাইছে নতুন তথ্য

0 33

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৬ মে’ : ক’ৰনাৰ পৰা বাচি থাকিবলৈ নিয়ম মানি টীকা ল’বই লাগিব। ভেকচিনেই ক’ভিডৰ লগত যুদ্ধ কৰাৰ উত্তম পথ। এনেদৰেই কৈ আহিছে বিজ্ঞানীসকলে। কিন্তু এইবাৰ জনা গ’ল নতুন তথ্য। কোনো কোনোৰ ক্ষেত্রত টীকাই প্রায় কোনো কামেই কৰা নাই। কোনো কোনোৰ ক্ষেত্রত টীকাই পর্যাপ্ত পৰিমাণে এন্টিবডি সৃষ্টি কৰিব পৰা নাই। শেহতীয়াকৈ নেদাৰলেণ্ডছৰ কেইবাজনো বিজ্ঞানীয়ে প্ৰত্যক্ষ কৰিছে যে, কোনো কোনো লোকৰ ক্ষেত্রত টীকাই পর্যাপ্ত নিৰাপত্তা দিব পৰা নাই। টীকাৰ নির্দিষ্ট ড’জ লোৱাৰ পিছতো তেওঁলোকৰ ক্ষেত্রত ক’ভিডৰ প্রতিৰোধ শক্তি সৃষ্টি হোৱা নাই। কেৱল ক’ভিডৰ ক্ষেত্রতেই নহয়, অন্য ৰোগৰ টীকায়ো তেওঁলোকক পর্যাপ্ত নিৰাপত্তা দিব পৰা নাই বুলিয়েই জনা গৈছে। বিজ্ঞানীসকলে কৈছে যে, যিসকলৰ অতিৰিক্ত মেদ, স্বাভাৱিকতকৈ অধিক ওজন বা Obesityৰ সমস্যা আছে, তেওঁলোকৰ ক্ষেত্রত এই সমস্যা হৈছে। বিজ্ঞানীসকলে জনাইছে যে, Obesityৰ সমস্যাত যিসকল ভুগিছে তেনে ধৰণৰ নানা বয়সৰ মানুহক সামৰি তেওঁলোকে এক সমীক্ষা চলাই আছে। সেই সমীক্ষাতেই দেখা গৈছে, বেছিভাগৰ ক্ষেত্রতেই টীকা লোৱাৰ পিছতো ক’ভিডৰ বিৰুদ্ধে যুদ্ধ কৰাৰ দৰে পর্যাপ্ত ৰোগ প্রতিৰোধ শক্তি পোৱা হোৱা নাই। এই সমীক্ষাৰ প্ৰতিবেদন প্রকাশিত হৈছে European Congress on Obesity (ECO)-ত। তুৰস্কৰ বিজ্ঞানীসকলেও জনাইছে যে, কেৱল ক’ৰনাই নহয়, Obesity-ত আক্রান্তসকলৰ ক্ষেত্রত অন্য ৰোগৰ টীকাবোৰেও ভালদৰে কাম কৰা নাই।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More