মেদ মহামাৰী ! বছৰি মৃত্যু হ’ব ১২ লক্ষ মানুহ

এই ৰোগৰ বাবেই কেন্সাৰত আক্ৰান্ত হ'ব ২ লাখ

0 42

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৪ মে’ : নতুন মহামাৰী আহিছে। যাৰ নাম মেদ মহামাৰী। ইংৰাজীত কোৱা হয় Obesity Epidemic। এই মহামাৰীত প্রতি বছৰে কেৱল ইউৰোপতেই ১২ লাখৰ ওচৰা-ওচৰি মানুহৰ মৃত্যু হ’ব। ২ লাখৰ বেছি মানুহ এই মহামাৰীৰ কাৰণে আক্রান্ত হ’ব কেন্সাৰত। সম্প্রতি এনে এক পৰিসংখ্যা মুকলি কৰিছে বিশ্ব স্বাস্থ্য সংস্থা বা WHO-এ। বিগত ১৫ বছৰ ধৰি এই বিষয়টো লৈ এক সমীক্ষা চলোৱা হৈছিল বিশ্ব স্বাস্থ্য সংস্থাৰ তৰফৰ পৰা। সেই সমীক্ষাৰ ৰিপ’র্টত কোৱা হৈছে যে, এক ভয়ঙ্কৰ মহামাৰীৰ মুখিমুখি হ’বলৈ আগবাঢ়িছে বিশ্ব। তাৰ প্রভাৱ সকলোতকৈ বেছিকৈ পৰিব ইউৰোপত। ইউৰোপৰ ৫৯ শতাংশ মানুহ ইতিমধ্যেই মেদ বহুলতাত আক্রান্ত। ৫ বছৰৰ তলৰ শিশুৰ ভিতৰত ৮ শতাংশৰেই ওজন স্বাভাৱিক ওজনৰ তুলনাত বহু বেছি। এই যাৱতীয় সমস্যাই মাতি আনিছে বিপদ। অকাল বার্ধক্যৰ পৰা আৰম্ভ কৰি হার্ট এটেকৰ আশঙ্কা বাঢ়িছে ইয়াৰ ফলত। তদুপৰি এই মেদৰ কাৰণে সকলোতকৈ বেছি বাঢ়িছে কেন্সাৰৰ আশঙ্কা। যাৰ শৰীৰত অতিৰিক্ত মেদ আছে তেওঁলোকৰ ভিতৰত প্রায় ১৩ ধৰণৰ জটিল কেন্সাৰৰ আশঙ্কা মাৰাত্মকভাৱে বৃদ্ধি পাইছে। আৰু ইয়াৰ ফলত বাঢ়িছে মৃত্যুৰ হাৰ। অর্থাৎ প্রত্যক্ষ আৰু পৰোক্ষভাৱে মেদে বঢ়াইছে মৃত্যুৰ সংখ্যা।1651670127233 1 বিশ্ব স্বাস্থ্য সংস্থাৰ তৰফৰ পৰা কোৱা হৈছে যে, এই মহামাৰী ইতিমধ্যেই আৰম্ভ হৈ গৈছে। ইয়াৰ প্রভাৱ ভালদৰে ধৰা পৰিব ২০২৫ চনৰ ভিতৰত। ইউৰোপত এই সমস্যাৰ সকলোতকৈ বেছি প্রভাৱ পৰিব। বিশেষকৈ ইংলেণ্ডত এই প্ৰভাৱ সৰ্বাধিক হ’ব বুলি কোৱা হৈছে এই সমীক্ষাত। কিন্তু ইয়াৰ বাবে দায়ী কোন? মূলতঃ জাংক ফুড, শীতল মিঠা পানীয়, শ্ৰমবিহীন জীৱন কটোৱা আদিবোৰকেই দায়ী কৰিছে বিজ্ঞানীসকলে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More