মোদীৰ ৮ বছৰীয়া আমোলৰ বিশাল বিফলতাঃ ডাক বিভাগৰ অৱনতি, লোকচান ৯৭ হাজাৰ কোটি

0 40

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৬ জুন : নৰেন্দ্র মোদী চৰকাৰৰ আঠ বছৰৰ সাফল্যৰ প্রচাৰ চলিছে সৰ্বত্ৰ। সমান্তৰালভাৱে পালিত হৈছে স্বাধীনতাৰ ৭৫ বছৰ পূর্তি উপলক্ষে ‘আজাদী কা অমৃত মহোৎসৱ’। সেই ক্ষেত্ৰতো সকলোকে পিছত ৰাখি চৰকাৰৰ ঢাক ঢোল বজোৱাৰ প্রাধান্য। কিন্তু এনেহেন উৎসৱ ঋতুত তাল কাটিছে মোদী জমানাত ডাক বিভাগৰ পাহাৰপ্রমাণ ক্ষতিৰ হিচাপে। বিগত বিত্তীয় বছৰৰ বাৰ্ষিক প্ৰতিবেদন এতিয়াও আনুষ্ঠানিকভাৱে প্রকাশ হোৱা নাই। কিন্তু খচৰা তৈয়াৰ হৈছে। খচৰাত দেখা গৈছে, বিগত আর্থিক বছৰত ডাক বিভাগৰ ‘ক্ষতি’ ২০ হাজাৰ কোটিৰ বেছি। মোদী শাসনৰ আৰম্ভ, অর্থাৎ ২০১৫-১৬ বিত্তীয় বর্ষৰ পৰা হিচাপ কৰিলে মুঠ লোকচান ৯৭ হাজাৰ কোটিৰো অধিক। প্রায় ১ লাখ কোটিৰ ওচৰা ওচৰি! দেশৰ বৃহত্তম বেংঙ্কিং ব্যৱস্থা চলে ডাক বিভাগৰ মাধ্যমেৰেই। পোষ্ট অফিচৰ সংখ্যা ১ লাখ ৬৫ হাজাৰ। প্রায় ৩০ কোটি নাগৰিকক পৰিসেৱা দিয়ে এই বেংক ব্যৱস্থাই। সাধাৰণ আর্থিক লেনদেনৰ লগতে আছে পোষ্টেল জীৱন বীমা। আছে ইণ্ডিয়া পোষ্ট পেমেন্টছ বেংকো। কিন্তু দিনৰ শেষত কিমান পৰিসেৱা পোৱা যায়, সেই ক্ষেত্ৰত প্রশ্ন আছে সর্বত্র। গ্রাহক মাত্রেই জানে, এই ক্ষেত্ৰত হায়ৰানি কিমান। সকলো অৱশ্য ডাক বিভাগৰ কর্মীসকলৰ কাৰণে নহয়। পৰিকাঠামো এইক্ষেত্রত বৃহৎ অন্তৰায়। সংশ্লিষ্ট মহলৰ বক্তব্য— আর্থিক লেনদেনৰ বাবে যিদৰে কৰ বেঙ্কিং চিষ্টেম আৰম্ভ কৰাৰ কথা আছিল, সেয়া হোৱা নাই। লিঙ্ক নাথাকিলে এতিয়াও ডাকঘৰবোৰত জীৱন্ত সমস্যা। তদুপৰি পর্যাপ্ত ফর্ম, চেকবহীৰ অভাৱ, প্রিন্টিং মেচিন বেয়া বা নথকা প্রভৃতি ৰোগ ক্রমশঃ বৃদ্ধি পাইছে। অৱশ্যে কমসংখ্যক কর্মীয়েই পৰিসেৱাৰ মান নিম্নগামী হোৱাৰ অন্যতম বৃহৎ কাৰণ বুলিয়েই মত অনেকৰ। যিহেতু পোষ্ট অফিচ কোনো বাণিজ্যিক প্রতিষ্ঠান নহয়, সেয়ে ইয়াত আয়তকৈ ব্যয় বেছি হোৱাটোক পোনপটীয়াকৈ ক্ষতি বুলিব পৰা নাযায়। উল্লেখ কৰা হয় ঘাটি হিচাবে। সেই ঘাটিৰ অঙ্ক মোদীৰ আমোলত কেনেকৈ ইমান বিপুল পৰিমাণে ঘটিল? ধৰা হওক বিগত বছৰৰ কথাই। ২০২১ চনৰ জানুৱাৰীৰ পৰা ডিচেম্বৰ পর্যন্ত ডাক বিভাগৰ আয় হৈছে ১০ হাজাৰ ৫৪২ কোটি টকা। ইয়াৰ ভিতৰত গ্রাহকৰ একাউন্ট আৰু স্বল্প সঞ্চয় প্রকল্প চলোৱাৰ ফিৰ বাবদ হোৱা উপার্জনেই সর্বাধিক। তাৰ অঙ্ক ৬ হাজাৰ ১১৫ কোটি টকা। প্রসঙ্গত উল্লেখ কৰিব পাৰি যে, ডাকঘৰৰ বণিজ্যিক বেঙ্ক হিচাবে স্বীকৃতি নাই। বিত্ত মন্ত্ৰণালয়ৰ হৈ সাধাৰণ গ্রাহকৰ লেনদেন কৰে মাত্র। এই পৰিসেৱাৰ বাবে বিত্ত বিভাগে ‘ফি’ দিয়ে ডাক বিভাগক। তদুপৰি ডাক পৰিসেৱাৰ বাবদ আয় হৈছে ৩ হাজাৰ ৩৬৮ কোটি টকা। কেৱল ডাকটিকটৰ পৰা আহিছে আৰু ১৬৬ কোটি টকা। ইয়াৰ উপৰি আছে অন্যান্য আয়। বিপৰীতে, খৰচৰ তালিকাত সকলোতকৈ আগত ‘অপাৰেচন’ খাটা ব্যয়, যাৰ প্রায় সকলোখিনিয়েই গুচি যায় কর্মীসকলৰ মাহিলী বেতনত। টকাৰ অঙ্কটো ১৭ হাজাৰ ১০৯ কোটি। লগত আছে দপ্তৰ চলোৱাৰ বাবে ১১ হাজাৰ ২০ কোটি খৰচ। তদুপৰি অন্যান্য ব্যয়। মুঠ কথা, গোটেই বিভাগে যি আয় কৰে, তাতকৈ বহু বেছি মাথোঁ বেতনতেই যায়। এতিয়া প্রশ্ন উঠিছে, ডাকবিভাগক ক্রমশঃ দুৰ্বল কৰি দিয়াৰ নেপথ্যত সঁচাকৈয়ে কি মোদী চৰকাৰৰ অন্য কোনো উদ্দেশ্য আছে নেকি? ইমান বৃহৎ পৰিকাঠামোক অন্য কোনো উপায়েৰে আর্থিকভাৱে বচোৱাটো কি সম্ভব নহয়? বিগত আঠ বছৰৰ সাফল্যৰ তলত হেঁচা খাই ৰৈছে ইয়াৰ উত্তৰ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More