মোবাইল ষ্ট্ৰোক ইউনিট চিটি স্কেন প্ৰকল্পই উপকৃত কৰিছে সৰ্বসাধাৰণক

তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত সংবাদমেল

0 26

শতাব্দ প্ৰতিনিধি তেজপুৰ ১৪ ছেপ্টেম্বৰ: দেশ তথা ৰাজ্যৰ স্বাস্থ্য খণ্ডলৈ এক বিশেষ পদক্ষেপ হিচাপে ৰাজ্যৰ ভিতৰতে প্ৰথম হিচাপে মোবাইল ষ্ট্ৰক ইউনিট আৰু চিটি স্কেন প্ৰকল্প শোণিতপুৰত কাৰ্যকৰী কৰা হৈছে৷ শোণিতপুৰৰ তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল আৰু তেজপুৰৰ ব্যাপ্তিষ্ট মিছন হাস্পতালৰ যৌথ সহযোগত এই প্ৰকল্প ২০২০ৰ ২৫ছেপ্টেম্বৰত আৰম্ভ কৰা হয় জিলাখনত৷ শোণিতপুৰ জিলাৰ ভিতৰত এই ভ্ৰাম্যমাণ অত্যাধুনিক এম্বুলেন্স খনৰ জৰিয়তে ষ্ট্ৰোকত আক্ৰান্ত লোক সকল উপকৃত হৈছে।উল্লেখযোগ্য যে গুৰুতৰ ষ্ট্ৰোকত আক্ৰান্ত ব্যক্তিক আক্ৰান্ত হোৱাৰ চাৰেচাৰি ঘন্টাৰ ভিতৰত দিব পৰা এক ব্যয়বহুল ঔষধ সহ চিটি স্কেনৰ বিনামূলীয়া সুবিধা থকা এই প্ৰকল্পৰ বিষয়ে আজি তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত অনুষ্ঠিত এক সংবাদ মেলত তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃকৰুনা হাজৰিকা, ঔষধ বিভাগৰ সহযোগী অধ্যাপক ডাঃ দ্বিজেন দাস,সহযোগী অধ্যাপক ডাঃ বেনুধৰ নাথ আৰু ১০৮ এম্বুলেন্স সেৱাৰ আঞ্চলিক প্ৰৱন্ধক স্বৰূপ কলিতাই এই সন্দৰ্ভত অভিমত ব্যক্ত কৰে৷ উলেখ্যযে প্ৰায় ছয় কোটি টকা ব্যয় সাপেক্ষ এই অত্যাধুনিক এম্বুলেঞ্চ খনত আক্ৰান্ত হোৱা ৰোগীৰ নিৰ্দিষ্ট সময়ৰ ভিতৰত চি টি স্কেন কৰি সৰ্বভাৰতীয় আয়ুবিজ্ঞান প্ৰতিষ্ঠান , চি এম চি লুধিয়ানা আৰু তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ বিশেষজ্ঞৰ লগত পৰামৰ্শৰ আধাৰত প্ৰয়োজন সাপেক্ষে থ্ৰম্বচিছৰ বাবে বেজীৰ লগতে প্ৰয়োজনীয় পৰীক্ষা আৰু ঔষধ প্ৰয়োগৰ সুবিধা প্ৰদান কৰি পৰবৰ্তী চিকিৎসাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ষ্ট্ৰোক ইউনিট অথবা ব্যপ্টিষ্ট খ্ৰীষ্টান মিচন হাস্পতাললৈ স্হানান্তৰ কৰিব বুলি সদৰি কৰে। সংবাদ মেলত তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃকৰুনা হাজৰিকাই তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত উক্ত প্ৰকল্পৰ অধীনত ষ্ট্ৰোকৰ চিকিৎসা বিনামূলীয়া বুলি সদৰি কৰি আক্ৰান্ত সকলৰ সহযোগ কামনা কৰে।আনহাতে,এই ব্যয়বহুল এম্বুলেন্সখনত উপলব্ধ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ১০৮এম্বুলেঞ্চ সেৱাই সহযোগিতা আগবঢ়োৱাৰ বিষয়ে উল্লেখ কৰি আঞ্চলিক প্ৰৱন্ধক কলিতাই কয় যে এই ব্যয় বহুল এম্বুলেঞ্চখন কোনো ভিতৰুৱা অঞ্চললৈ যোৱাত সমস্যাৰ উদ্ভৱ হ’লে আক্ৰান্তক এই এম্বুলেন্স পোৱাৰ ক্ষেত্ৰত ১০৮এম্বুলেঞ্চে সহযোগিতা আগবঢ়াব৷উল্লেখযোগ্য যে,সম্প্ৰতি ৰাজ্যৰ ডিব্ৰুগড়তো এই অত্যাধুনিক ভ্ৰাম্যমাণ ষ্ট্ৰোক ইউনিট সেৱা আৰম্ভ কৰা হৈছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More