ম্যানমাৰত ছু কীক আৰু তিনি বছৰৰ কাৰাদণ্ড

দেশৰ ‘গোপন কথা’ ফাদিলৰ অভিযোগ

0 31

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৯ ছেপ্টেম্বৰ : ম্যানমাৰৰ প্ৰাক্তন শাসক তথা গণতন্ত্ৰ সমৰ্থক আন্দোলনৰ নেত্ৰী আং ছান ছু কীক সেই দেশৰ আদালতে আৰু তিনি বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে। দুৰ্নীতিৰ পিছত এইবাৰ ‘ৰাষ্ট্ৰীয় গোপনীয়তা ফাদিল কৰা’ অপৰাধৰ বাবে এই ৰায়দান দিয়া হৈছে। ছু কীৰ উপৰি তেওঁৰ প্ৰাক্তন অৰ্থনৈতিক উপদেষ্টা ছিয়ান টাৰ্নেলকো সামৰিক শাসিত ম্যানমাৰ আদালতে তিনি বছৰৰ কাৰাদণ্ড বিহিছে। চলিত বৰ্ষৰ এপ্ৰিল মাহত ম্যানমাৰৰ এখন আদালতে পদচ্যুত কৰা ‘ৰাজ্যিক কাউন্সিলাৰ’ ছু কীক পাঁচ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছিল উৎকোচ লোৱাৰ অভিযোগত। ইয়াৰ পিছতে ৭৭ বছৰীয়া নোবেল বিজয়ী নেত্ৰীগৰাকীক দুৰ্নীতি, নিৰ্বাচনী আইন উলংঘাকে ধৰি একাধিক গোচৰত মুঠ ৬ বছৰৰ কাৰাদণ্ডৰ নিৰ্দেশ দিয়া হয়। ২০২০ চনত ছু কীৰ ৰাজনৈতিক দল ‘নেশ্যনেল লীগ ফৰ ডেম’ক্ৰেচি’-এ ম্যানমাৰত ক্ষমতা দখল কৰিছিল। কিন্তু ২০২১ চনৰ ফেব্ৰুৱাৰী মাহৰ আৰম্ভণিতে সেই দেশৰ সেনাই অভ্যুত্থান কৰি গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰখনক উফৰাই পেলায়। ছু কী আৰু তেওঁৰ সতীৰ্থ নেতাসকলক গ্ৰেপ্তাৰ কৰা হয়। তেওঁলোকৰ বিৰুদ্ধে এটাৰ পিছত এটাকৈ গোচৰ ৰুজু কৰা হয়। ম্যানমাৰৰ একাংশ গণতন্ত্ৰ সমৰ্থক কৰ্মী আৰু আইন বিশেষজ্ঞই কয় যে, এই পদক্ষেপ দেশখনৰ সামৰিক শাসক জুন্টা চৰকাৰে গণতান্ত্ৰিকভাৱে নিৰ্বাচিত হোৱা ছু কীক অসাংবিধানিকভাৱে বহিষ্কাৰ কৰাৰ বৈধতা প্ৰদানৰ বাবে কৰা হৈছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More