মৰ্মন্তুদঃ দেউতাকক লগ পাবলৈ পথ পাৰ হওতেই…

তামুলপুৰত ডাম্পাৰৰ খুন্দাত নিহত ৮ বছৰীয়া শিশু

0 19

শতাব্দ প্ৰতিনিধি তামুলপুৰ, ২৮ এপ্ৰিলঃ তামুলপুৰ জিলাৰ নাগ্ৰীজুলিৰ টেবিতোলাত আজি আবেলি প্ৰায় ২-০০ বজাত সংঘটিত এক ভয়াৱহ পথ দুৰ্ঘটনাত এগৰাকী ৮ বছৰীয়া কন্যা শিশু নিহত হয়। নিহত শিশুটি কমল পৰাজুলি আৰু চৰিতা পৰাজুলিৰ কন্যা প্ৰজ্ঞা পৰাজুলি বুলি চিনাক্ত কৰা হৈছে। আজি মাতৃগৰাকীয়ে কন্যা প্ৰজ্ঞাক লগত লৈ উত্তৰ গুৱাহাটীৰ পৰা তামুলপুৰ জিলাৰ নাগ্ৰীজুলি আৰক্ষী চকীৰ অন্তৰ্গত মতিগাঁওলৈ আহি আছিল। তেওঁলোকে এখন মেজিক গাড়ীৰে আহি টেবিতোলা চকত নামিছিল। মেজিকখন টেবিতোলা চক পোৱাত মাতৃ আৰু কিশোৰী গৰাকী মেজিকখনৰ পৰা নামে। মেজিকৰ পৰা নমাৰ পিছত প্ৰজ্ঞাই পথৰ বিপৰীত দিশত আগৰে পৰা ৰৈ থকা দেউতাক কমল পৰাজুলিক দেখা পাই দেউতাকৰ ওচৰলৈ দৌৰ মাৰে। কন্যা শিশুটি দৌৰি পথ পাৰ হবলৈ ধৰোঁতে নাগ্ৰীজুলিৰ দিশৰ পৰা আহি থকা এ এছ ১৪-চি- ৫৫২১ নম্বৰৰ তীব্ৰবেগী ডাম্পাৰ এখনে প্ৰজ্ঞাক মহতিয়াই নিয়ে । দুৰ্ঘটনাটোৰ ফলত প্ৰজ্ঞা থিতাতে নিহত হয়। দুৰ্ঘটনাটো ইমানেই ভয়াবহ আছিল যে ডাম্পাৰৰ খুন্দাত কন্যা শিশুটিৰ দেহ ছিন্ন ভিন্ন হৈ পৰে। উল্লেখ্য যে নিহত শিশুটি বিবাহ অনুষ্ঠানৰ বাবে উত্তৰ গুৱাহাটীৰ পৰা মাতৃৰ সৈতে নাগ্ৰীজুলিৰ মতিগাঁওৰ মোমায়েকৰ ঘৰলৈ বুলি আহি আছিল। দুৰ্ঘটনা সংঘটিত কৰি ডাম্পাৰখন পলাই গৈছিল যদিও ৰাইজে খেদি খেদি ডাম্পাৰখন জব্দ কৰিবলৈ সক্ষম হয় আৰু আৰক্ষীয়ে ডাম্পাৰখন জব্দ কৰি তামুলপুৰলৈ লৈ যায়।খবৰ পাই নাগ্ৰীজুলি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মইদুল ইছলামৰ নেতৃত্বত এটি আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয়। খবৰ পাই তামুলপুৰ মহকুমা আৰক্ষী বিষয়া ৰূপজ্যোতি কলিতাও ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হোৱাৰ পিছত স্থানীয় ৰাইজৰ মাজত সৃষ্টি হয় তীব্ৰ উত্তেজনাৰ। অৱশ্যে আৰক্ষী বিষয়াৰ বুজনিত পিছত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে। ইতিমধ্যে আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি তামুলপুৰ আৰক্ষী থানালৈ লৈ আনে আৰু কাইলৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে বাক্সা জিলা সদৰ মুছলপুৰলৈ প্ৰেৰণ কৰা হব। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More