যানবাহনৰ ফীটনেচ চাৰ্টিফিকেটৰ লেট ফী হ্ৰাস অসম চৰকাৰৰ

অসমৰ পৰিবহন ক্ষেত্ৰৰ বাবে বিশেষ আঁচনি

0 15
শতাব্দ প্ৰতিনিধি, গুৱাহাটী, ১৩ জুলাইঃ ক’ভিড-১৯ অতিমাৰীৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে যানবাহনৰ ফিটনেচ চাৰ্টিফিকেট নবীকৰণৰ বাবে এককালীন নিষ্পত্তিৰ এক আঁচনি প্ৰদান কৰিছে। এই আঁচনিৰ জৰিয়তে যিসকলে ক’ভিড অতিমাৰীৰ কালছোৱাত সম্পূৰ্ণ লকডাউন প্ৰযোজ্য থকা হেতু সময়মতে গাড়ীৰ ফিটনেচ চাৰ্টিফিকেট নবীকৰণ কৰিব পৰা নাই তেওঁলোক নূন্যতম লেট ফী প্ৰদানেৰে এতিয়া এই কাম কৰিব পাৰিব। ইয়াৰ বাবে পৰিবহন বিভাগৰ সচিব আদিল খানে অধিসূচনা জাৰি কৰি জনাইছে যে যানবাহনৰ ফীটনেচ চাৰ্টিফিকেট নবীকৰণৰ বাবে লেট ফী হ্ৰাস কৰা হৈছে আৰু ইয়াৰ বাবে এটা নিৰ্দিষ্ট সময় ধাৰ্য কৰি দিয়া হৈছে। নিৰ্দ্দিষ্ট কৰি দিয়া সময়সীমাৰ ভিতৰত হ্ৰাস কৰি দিয়া নবীকৰণৰ বকেয়া ৰাশি জমা কৰিব লাগিব। ১৫ জুলাইৰ পৰা কাৰ্যকৰী হ’বলগীয়া এই আঁচনি ১৫ অক্টোবৰলৈকে প্ৰযোজ্য থাকিব। এককালীন নিষ্পত্তিৰ এই আঁচনিৰ জৰিয়তে ইমান দিনে প্ৰযোজ্য হৈ থকা দৈনিক ৫০ টকা লেট ফীৰ পৰিবৰ্তে তিনি চকীয়া বাহনৰ বাবে ১০ টকা, বাণিজ্যিক ট্ৰেক্টৰৰ বাবে ১৫ টকা, চাৰি চকীয়া বাহনৰ বাবে ২০ টকা আৰু গধুৰ তথা পৰিবহনৰ নিমিত্তে ব্যৱহাৰ কৰা যানবাহনৰ বাবে ২৫ টকা ধাৰ্য কৰা হৈছে। এই সুযোগ গ্ৰহণ কৰাৰ বাবে বাহনৰ গৰাকীসকলক ‘মটৰ ভেহিকেল ৰড টেক্স’ প্ৰদান কৰি সংশ্লিষ্ট সকলো নথি আপডেট কৰিব লাগিব। তেওঁ লগতে এই কথাও স্পষ্ট কৰি দিয়ে যে নিৰ্ধাৰণ কৰি দিয়া সময়সীমাৰ ভিতৰত গাড়ীৰ মালিকে যদি লেট ফী প্ৰদান কৰিব নোৱাৰে তেনেহলে সংশ্লিষ্ট ব্যক্তিজনে এই সুবিধা গ্ৰহণ কৰিব নোৱাৰিব। চৰকাৰৰ এই আঁচনিৰ সুবিধা লোৱাৰ বাবে গাড়ীক মালিকে ডি টি অ’ৰ কাৰ্যালয়লৈ যাব নালাগে। ইয়াৰ পৰিবৰ্তে www.parivahan.gov.in ৱেৱচাইটত অনলাইনৰ মাধ্যমেৰে আবেদন জনাব পাৰিব। ইপিনে পৰিবহন সচিবগৰাকীয়ে সকলো ডি টি অ’ আৰু এম ভি আইক ধাৰ্য কৰি দিয়া তিনি মাহৰ ভিতৰত জমা হোৱা লেট ফীসমূহৰ তাৰিখ আৰু সময়ৰ যথাযথ ৰেকৰ্ড মজুত ৰাখিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। আবেদন লাভ কৰাৰ ৩০ দিনৰ ভিতৰত ডি টি অ’ আৰু এম ভি আয়ে আবেদনসমূহ নিষ্পত্তি কৰিব লাগিব। ক’ভিড অতিমাৰীৰ বাবে প্ৰযোজ্য লকডাউনৰ বাবে গাড়ীক মালিক সকলে যি সমস্যাৰ সন্মুখীন হৈছিল তাৰ পৰা সকাহ লাভ কৰাৰ বাবে গাড়ীৰ মালিকসকলক এই সুবিধা গ্ৰহণৰ বাবে তেওঁ আবেদন জনাইছে। তেওঁ লগতে জনাই যে এই সুবিধা গ্ৰহণ কৰিবলৈ ব্যৰ্থ হলে গাড়ীৰ মালিকসকলক ফীটনেচ চাৰ্টিফিকেট নবীকৰণৰ বাবে পূৰ্বতে নিৰ্ধাৰিত দৈনিক ৫০ টকাকৈ লেট ফী আদায় দিব লাগিব।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More