যুদ্ধৰ ফলত দৰিদ্ৰতাৰ বৃদ্ধিৰ হাৰ মহামাৰীতকৈ অধিক

ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য

0 53

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৮ জুলাই : যোৱা ফেব্ৰুৱাৰী মাহৰ পৰা আৰম্ভ হোৱা ৰাছিয়া-ইউক্ৰেইন যুদ্ধ ৫ মাহ ধৰি চলিছে। ফলত সমগ্ৰ বিশ্বত খাদ্য আৰু ইন্ধনৰ মূল্য বৃদ্ধি পাইছে। যুদ্ধৰ প্ৰথম তিনিমাহত বিভিন্ন প্ৰান্তৰ মুঠ ৬.১ কোটি লোক দৰিদ্ৰ সীমাৰেখাৰ তললৈ নামি অহা বুলি ৰাষ্ট্ৰসংঘৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে। ৭ জুলাইত ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচীয়ে প্ৰকাশ কৰা এক প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে ইয়াৰে ৫.১৬ কোটি লোকে এতিয়া দিনটোত ১.৯০ টকা বা তাতকৈ কম খৰচ কৰাৰ ক্ষমতা লাভ কৰিছে। মুঠতে বিশ্বৰ প্ৰায় ৯ শতাংশ জনসংখ্যাই এতিয়া দৰিদ্ৰতাত জীৱন কটাবলগীয়া হৈছে। ৰাষ্ট্ৰসংঘৰ তথ্য অনুসৰি সংকটৰ প্ৰথম ১৮ মাহত ১২.৫ কোটি লোক পুনৰ দৰিদ্ৰ সীমাৰেখাৰ তললৈ নামিল। ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ প্ৰথম তিনিমাহত ৬ কোটি ১০ লাখ লোক দৰিদ্ৰ হৈ পৰিছিল। অৰ্থাৎ এই পৰ্যায়ত দৰিদ্ৰতা বৃদ্ধিৰ হাৰ চৰম পৰ্যায়তকৈ বেছি। ইউএনডিপিৰ প্ৰশাসক অখিম ষ্টেইনাৰৰ ভাষাত— “যিদৰে জীৱন-যাপনৰ ব্যয় বৃদ্ধি পাইছে সেয়া বৰ্তমান প্ৰজন্মৰ বাবে অভূতপূৰ্ব। ফলত এইবাৰ সমস্যাটো অতি বিপজ্জনক হৈ পৰিছে।” আনহাতে, ৰাছিয়াৰ আগ্ৰাসনৰ ফলত এতিয়া ইউক্ৰেইনৰ বহু সাগৰীয় বন্দৰৰ সৈতে বাণিজ্য বন্ধ হৈ পৰিছে। পৰিণতিত খাদ্য আৰু ইন্ধনৰ যোগান হ্ৰাস পাবলৈ আৰম্ভ কৰিছে। দাম বাঢ়িছে। আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে আটাইতকৈ দৰিদ্ৰ দেশসমূহ। কম আয়ৰ দেশসমূহত পৰিয়ালৰ আয়ৰ ৪২% খাদ্যৰ বাবে ব্যয় কৰা হয় বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে। কিন্তু যুদ্ধৰ পিছত ঘেঁহু, চেনিকে ধৰি সকলো অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ দাম বৃদ্ধি পালে। যিয়ে সংকট আৰু অধিক ভয়াৱহ কৰি তুলিছে। একেদিনাই প্ৰকাশিত আন এক প্ৰতিবেদন অনুসৰি যোৱা বছৰৰ পৰিসংখ্যা অনুসৰি ভোকাতুৰ লোকৰ সংখ্যা ২৩০ কোটি। যুদ্ধত এই সংখ্যা আৰু বৃদ্ধি পাইছে। ষ্টেইনাৰৰ মতে, ইয়াৰ অৰ্থ এইটো নহয় যে এই সমস্যা সমাধানৰ বাবে পৃথিৱীত পৰ্যাপ্ত সম্পদ নাই। কিন্তু ঐক্যবদ্ধভাৱে কাম কৰাৰ ইচ্ছা দেখা নাযায়। তেওঁৰ পৰামৰ্শ হ’ল সকলোকে একে হাৰত ৰাজসাহায্য নিদিয়াকৈ দুখীয়াক নগদ ধন দিব পাৰি। ধনী দেশসমূহেও দৰিদ্ৰ দেশসমূহৰ ঋণ পৰিশোধৰ সময়সীমা বৃদ্ধি কৰিব পাৰে। উপহাৰ হিচাপে নহয়, নিজৰ লাভৰ বাবেহে। যাতে আৰ্থিক অস্থিৰতা আৰু বৃদ্ধি নহয়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More