যুৱক নিযুক্তিৰ কামত জড়িত পিএলএ কেডাৰ আটক

0 14

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৯ নৱেম্বৰ : মুখ্য কাৰ্যালয় ২১ ছেক্টৰৰ অসম ৰাইফলছৰ শ্ৰীকোনা বেটেলিয়নে মুখ্য কাৰ্যালয়ৰ মহাপৰিদৰ্শক অসম ৰাইফলছ (পূব)ৰ তত্বাৱধানত আৰু মণিপুৰৰ কমাণ্ডোৰ সৈতে যৌথ অভিযানত অসম আৰু মণিপুৰৰ সীমান্তৱৰ্তী অঞ্চলৰ যুৱক-যুৱতীক বিপথে পৰিচালিত আৰু নিযুক্তি দিয়াৰ কামত জড়িত পিএলএ গোটৰ এজন সক্ৰিয় কেডাৰক আটক কৰিছে। ধৃত ব্যক্তিজনে ২০১৬ চনৰ বেটচৰ ৩৩২ নম্বৰ সেনাবাহিনীৰ অধীনত ম্যানমাৰৰ টেইটি লংমাক ট্ৰেইনিং চেণ্টাৰত প্ৰশিক্ষণ লৈছিল আৰু পিএলএৰ ২৫২ বেটেলিয়নত পদবী লাভ কৰি ২০১৭ চনত লেন্স কৰ্পৰেল পদবীলৈ পদোন্নতি লাভ কৰিছিল। অন্য পাঁচজন কেডাৰৰ সৈতে অভিযুক্তই ২০১৮ চনত ভাৰত-মায়ানমাৰ সীমান্ত পাৰ হৈ কেইমাহমান মুম্বাইত থাকি মহামাৰীৰ পূৰ্বে পুনৰ জিৰিবামলৈ ঘূৰি আহিছিল।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More