যোৰহাটত একেলগে ১০ খন গ্ৰন্থ উন্মোচন

বিশিষ্ট চিত্ৰ শিল্পী কেপ্টেইন বিপিন চন্দ্ৰ হাজৰিকাক 'কলা'ভা ৰাষ্ট্ৰীয় বঁটা প্ৰদান

0 50

যোৰহাট, ২৯ মেঃ যোৰহাট জিলা সাহিত্য সভা আৰু কস্তৰী প্ৰকাশনৰ যৌথ উদ‍্যোগত,যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকা গৃহত আজি বিয়লি বিশিষ্ট চিত্ৰ শিল্পী,কেপ্তেইন বিপিন চন্দ্ৰ হাজৰিকা আৰু কাব্য নন্দিনী গীতিকাৰ নলিনীবালা হাজৰিকাৰ মুঠ দহখন গ্ৰন্থ উন্মোচন কৰাৰ লগতে কেপ্টেইন বিপিন চন্দ্ৰ হাজৰিকাক সমতা সাহিত্য অকাডেমিৰ দ্বাৰা কলা-ভা বঁটা প্ৰদান কৰে।তদুপলক্ষে জিলা সাহিত্য সভাৰ সভাপতি ড°ৰাতুল চন্দ্ৰ বৰাৰ পৌৰোহিত‍্যত সভাৰ উদ্দেশ্যে বাখ‍্যা কৰে কস্তৰী প্ৰকাশনৰ স্বত্ত্বাধিকাৰ ৰেব বৰাই।জিলা সাহিত্য সভাৰ প্ৰতিনিধি মৃনালিনী গোস্বামীয়ে বন্তি প্ৰজ্বলন কৰা অনুষ্ঠানত মঙ্গলাচৰণ পৰিৱেশন কৰে বিশিষ্ট শিল্পী পংকজজ‍্যোতি বৰুৱাই।কাব্যনন্দিনী নলিনী বালা হাজৰিকাই আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানত কেনভাছ্ উন্মোচন কৰে বিশিষ্ট চিত্ৰ ভাস্কৰ্য শিল্পী ড°ৰঞ্জিত বৰুৱাই।সভাতেই বিশিষ্ট শিল্পী কেপ্টেইন বিপিন চন্দ্ৰ হাজৰিকাক অসম সমতা সাহিত্য অকাডেমিৰ দ্বাৰা কলা-ভা বঁটাৰে বিভূষিত কৰে।IMG 20220529 WA0028ইয়াৰ পাছতেই একেলগে দহখনকৈ বিভিন্ন গ্ৰন্থ উন্মোচন কৰে ক্ৰমে অসম সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক প্ৰতাপ চন্দ্ৰ বৰুৱা,সত্ৰীয়া সাহিত্য সংস্কৃতিৰ সাধক বৈকুণ্ঠ মহন্ত,জিলা সাহিত্য সভাৰ প্ৰা:সম্পাদক ব্ৰজেন কটকী,জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অধ‍্যাপিকা ড°জ‍্যোতিৰেখা হাজৰিকা,মুৰব্বী অধ‍্যাপিকা ড°নমিতা শইকীয়া,অধ‍্যক্ষ,বিশিষ্ট নাট‍্যশিল্পী ত্ৰিলোক বৰা,অসম সাহিত্য সভাৰ সম্পাদক ৰমানন্দ বৰা, বিশিষ্ট সংগীত শিল্পী জয়ন্ত নাথ, জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নিৰদা গগৈ বৰা,নেইমছৰ সঞ্চালক অঞ্জন প্ৰতিম গগৈকে মুখ‍্য কৰি উন্মোচক সকলে বক্তব্য ৰখা সভাত বহুকেইগৰাকী বিশিষ্ট অতিথিয়ে অংশগ্ৰহণ কৰি গ্ৰন্থ ৰচকদ্বয়ে সাহিত্য জগতখনলৈ আগবঢ়োৱা অৱদানক প্ৰশংসা কৰে।জিলা সাহিত্য সভাৰ সম্পাদক মাধৱ মহন্তই শলাগৰ শৰাই আগবঢ়োৱা অনুষ্ঠানৰ শেষত জাতীয় সংগীত পৰিৱেশনে অনুষ্ঠানৰ সফল সামৰণি পৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More