যোৰহাটত দেশৰ প্ৰথমটো ৯৯.৯৯৯ শতাংশ বিশুদ্ধ হাইড্ৰ’জেন উৎপাদন প্ৰকল্পৰ শুভাৰম্ভ

অইল ইণ্ডিয়াৰ দ্বাৰা নিৰ্মাণ ভাৰতৰ প্ৰথম হাইড্ৰ'জেন উৎপাদন প্ৰকল্প

0 32

শতাব্দ বিশেষ প্ৰতিনিধি, ২১ এপ্ৰিলঃ শক্তি উৎপাদনৰ ক্ষেত্ৰত দেশখনক স্বাৱলম্বী কৰাৰ প্ৰধানমন্ত্ৰীৰ দৰ্শনক কাৰ্যকৰী কৰাৰ আঁচনি ৰূপায়িত কৰি ভাৰতৰ দ্বিতীয় বৃহৎ তেল-গেছ প্ৰতিষ্ঠান অইল ইণ্ডিয়া লিমিটেডে দেশখনৰ প্ৰথম ৯৯.৯৯৯ শতাংশ বিশুদ্ধতাৰ হাইড্ৰ’জেন উৎপাদন প্ৰকল্প এটাৰ নিৰ্মাণ সম্পূৰ্ণ কৰিছে। প্ৰতিষ্ঠানটোৰ যোৰহাটস্থিত পাম্পিং ষ্টেশ্যনৰ চৌহদত স্থাপন কৰা এই প্ৰকল্পটো কালি উদঘাটন  কৰে অইল ইণ্ডিয়া লিমিটেডৰ পৰিচালন সঞ্চালক সুশীল কুমাৰ মিশ্ৰই। অনুষ্ঠানটোত প্ৰতিষ্ঠানটোৰ বিত্তীয় সঞ্চালক হৰিশ মাধৱ আৰু মুখ্য আৱাসিক কাৰ্যবাহী প্ৰশান্ত বৰকাকতীও উপস্থিত আছিল। উল্লেখযোগ্য যে অভিলেখ সৃষ্টি কৰি মাত্ৰ তিনি মাহৰ ভিতৰতেই এই প্ৰকল্পটোৰ নিৰ্মাণ কাৰ্য সম্পন্ন কৰা হয়। যোৰহাটৰ চৌহদটোত থকা ৫০০ কিল’ৱাট ক্ষমতাৰ সৌৰ প্ৰকল্পটোৰ পৰা উৎপাদিত বিদ্যুৎ শক্তি ব্যৱহাৰ কৰি ১০০ কিল’ৱাট Anion Exchange Membrane Electrolysis পদ্ধতিৰে ইয়াত প্ৰতিদিনে ১০ কিলোগ্ৰাম হাইড্ৰ’জেন উৎপাদন কৰিব পৰা যাব। অৱশ্যে ভৱিষ্যতে ইয়াৰ উৎপাদন ক্ষমতা প্ৰতিদিনে ৩০ কিলোগ্ৰামলৈকে বৃদ্ধি কৰিব পৰা যাব। উল্লেখযোগ্য যে এই প্ৰযুক্তিকৌশলৰ প্ৰয়োগ ভাৰতৰ ভিতৰত ইয়েই প্ৰথম।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More