যোৰহাটত ভাৰ্চুৱেল ব্যৱস্থাৰে প্ৰধানমন্ত্ৰীৰ মত-বিনিময় অনুষ্ঠানত অংশগ্ৰহণ চৰকাৰী আঁচনিৰ হিতাধিকাৰীৰ

0 14

শতাব্দ প্ৰতিনিধি, যোৰহাট, ৩১ মে’ : ভাৰতবৰ্ষৰ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে আজাদী কা অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছিমলাৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনিৰ সুবিধা লাভ কৰা দেশৰ বিভিন্ন স্থানৰ হিতাধিকাৰীৰ সৈতে ভাৰ্চুৱেল ব্যৱস্থাৰে কৰা মত বিনিময় অনুষ্ঠানত যোৰহাটৰ ভালেসংখ্যক হিতাধিকাৰীয়ে অংশগ্ৰহণ কৰে। জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত যোৰহাট জিলা প্ৰশাসন আৰু জিলা পৰিষদৰ উদ্যোগত প্ৰধানমন্ত্ৰীৰ মত বিনিময় অনুষ্ঠান আৰু তেওঁৰ ভাষণৰ অনলাইনযোগে পোনপটীয়া সম্প্ৰচাৰৰ ব্যৱস্থা কৰা হয় । প্ৰধানমন্ত্ৰী আৱাস যোজনা, প্ৰধানমন্ত্ৰী উজ্বলা যোজনা, প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা যোজনা, জল জীৱন মিছন, প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনা আদি কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনিৰ হিতাধিকাৰীয়ে অনুষ্ঠানত অংশ গ্ৰহণ কৰে ।IMG 20220531 WA0010
অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচাই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাৰ্যকালৰ ৮ বছৰ সম্পূৰ্ণ হৈছে আৰু এই সময়চোৱাত দেশখনক অৰ্থনৈতিক দিশত তেওঁ যথেষ্ট সুস্থিৰ কৰি ৰাখিছে। চৰকাৰৰ বিভিন্ন আঁচনিসমূহে কেনেদৰে দৰিদ্ৰ পৰিয়াল সমূহৰ অভাৱসমূহ দূৰ কৰি মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে সেই সম্পৰ্কেও ভাষণত কয়। সাংসদগৰাকীয়ে কয় যে পঞ্চায়তৰ ৱাৰ্ড কমিছনাৰৰ পৰা আশা-অংগনৱাড়ী কৰ্মীলৈকে জনপ্রতিনিধি,চৰকাৰী বিষয়া-কৰ্মচাৰী সকলোৱে আঁচনিসমূহ ৰূপায়নৰ বাবে চেষ্টা কৰিছে আৰু আগলৈও সকলোৱে একত্ৰিতভাবে কাম কৰিলেহে এই আঁচনিসমূহ জীয়াই থাকিব। অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰি জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মনে কয় যে জিলাখনত চৰকাৰে দিয়া আঁচনিসমূহ সফল ৰূপায়নৰ বাবে সকলোৱে কষ্ট কৰিছে। এই আঁচনিসমূহৰ ৰূপায়নৰ জড়িয়তে ৰাইজক সহায় কৰিব পৰাতো জিলা প্ৰশাসনৰ বাবে গৌৰবৰ বিষয়। আঁচনিসমূহ ৰূপায়নৰ ক্ষেত্ৰত বিষয়াসকলৰ লগতে হিতাধিকাৰীসকলৰো দায়িত্ব আছে । আঁচনিসমূহৰ ব্যৱহাৰ সঠিক হ’লে সকলোৱে লাভৱান হ’ব বুলি উপায়ুক্ত গৰাকীয়ে বক্তব্যত কয়। কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক সন্মান জনাই হিতাধিকাৰীসকলক বিভিন্ন আঁচনিসমূহৰ সুপ্ৰয়োগ কৰিবলৈ উপায়ুক্ত গৰাকীয়ে আহ্বান জনায়। অনুষ্ঠানত দেৰগাঁও সমষ্টিৰ বিধায়ক ভবেন ভঁৰালী, তিতাবৰ সমষ্টিৰ বিধায়ক ভাস্কৰ জ্যোতি বৰুৱা, জিলা উন্নয়ন আয়ুক্ত অধৰ ভূঞা, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰনব কুমাৰ বৰা, ঠেঙাল স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ কুমুদ কছাৰী,বিজেপিৰ জিলা সভাপতি হেমন্ত কলিতা,অৰণ্য মানৱ পদ্মশ্ৰী যাদব পায়েং,সমাজ সেৱিকা পদ্মশ্ৰী লখিমী বৰুৱা,পঞ্চায়তৰ বিষয়ববীয়া সকল, জিলা প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াসকল,বিভিন্ন বিভাগসমূহৰ বিষয়াসকল আৰু বিভিন্ন আঁচনিৰ হিতাধিকাৰীসকল উপস্থিত থাকে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More