যোৰহাটৰ ভিন্ন স্থানত অষ্টম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস

0 15

শতাব্দ প্ৰতিনিধি, যোৰহাট, ২১ জুন : সমগ্ৰ বিশ্বৰ লগতে আজি যোৰহাটতো জিলা প্ৰশাসন আৰু AYUSH,যোৰহাটৰ উদ্যোগত যোৰহাট ষ্টেডিয়াম প্ৰাংগণত “মানৱতাৰ বাবে যোগ”  শীৰ্ষক অষ্টম সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হয়।এই যোগ দিৱস উদযাপনৰ যোগ প্ৰদৰ্শন অনুষ্ঠানত অসম চৰকাৰৰ শিক্ষামন্ত্ৰী তথা যোৰহাট জিলাৰ অভিভাৱক মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। শিক্ষামন্ত্ৰী গৰাকীয়ে সকলোকে যোগ দিৱসৰ শুভেচ্ছা জনোৱাৰ লগতে সৰুৰে পৰা ছাত্ৰ-ছাত্ৰীসকলক যোগাভ্যাসৰ অনুশীলন কৰোৱাৰ প্ৰচেষ্টা কৰাটো অতি জৰুৰী বুলি ভাষণ প্ৰসংগত কয়। লগতে কয় যে, যোগাভ্যাস আৰু আসন, স্বাস্থ্য আৰু সফলতাৰ চাবি কাঠি। গতিকে,সৰুতেই যোগাসনৰ অনুশীলনৰ প্ৰতি ছাত্ৰ ছাত্ৰীক আগ্ৰহী কৰি তুলিব পাৰিলে নিৰোগী হৈ থকাৰ উপৰি মন প্ৰফুল্লিত হৈ থাকিব আৰু যিকোনো কামত সহজেই মন বঢ়োৱাব পাৰিব। জিলাখনৰ বিভিন্ন যোগ অনুষ্ঠান(কেন্দ্ৰ)সমূহে অংশগ্ৰহণ কৰা আজিৰ এই যোগ দিৱসৰ কাৰ্যসূচীত জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মনে যোগাসনে মানুহৰ শৰীৰ মন সুস্থ কৰি ৰখাৰ লগতে বেমাৰৰ পৰাও দূৰত ৰাখে বুলি মন্তব্য কৰি সকলোকে যোগ অভ্যাসটো নিয়মীয়া কৰিবলৈ আহ্বান জনায়। যোগ দিৱসৰ অনুষ্ঠানত আৰক্ষী অধীক্ষক মোহনলাল মীনা, জিলা উন্নয়ন আয়ুক্ত অধৰ ভূঞা, জিলা পৰিষদৰ মুখ্য কাৰ্যৱাহী বিষয়া প্ৰনব কুমাৰ বৰা, অতিৰিক্ত উপায়ুক্ত দামোদৰ বৰ্মন, জিলা ক্ৰীড়া বিষয়া স্বাৰ্থে টেৰাং, পাঞ্জাৱ নেচনেল বেংকৰ বিষয়ববীয়া, অগ্ৰণী মহিলা সংঘৰ বিষয়ববীয়াসকল, জিলা প্ৰশাসনৰ অন্যান্য বিষয়া কৰ্মচাৰীসকল,বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰীসকল, শিক্ষানুষ্ঠানৰ ছাত্র-ছাত্ৰী আৰু স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে।

অসম সত্ৰীয়া সংগীত মহাবিদ্যালয়ত আন্তৰাষ্ট্ৰীয় যোগ দিৱস পালন
যোৰহাটৰ অসম সত্ৰীয়া সংগীত মহাবিদ্যালয়তো আজি আন্তৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়। অধ্যাপক নিৰ্মল গোস্বামী স্মৃতি প্ৰেক্ষাগৃহত অনুষ্ঠিত দিৱসটি এগছি বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে মহাবিদ্যালয়খনিৰ নৃত্য বিভাগৰ প্ৰশিক্ষক তথা সংগীত নাটক একাডেমি বঁটা প্ৰাপক টংকেশ্বৰ হাজৰিকা বৰবায়নে। তিতাবৰ কনচেপ্ট যোগ ক্লাৱৰ সহযোগত অনুষ্ঠিত দিৱসটিত মহাবিদ্যালয়খনিৰ অধ্যক্ষ শাৰংগপাণি বৰদলৈয়ে উপস্থিত সকলোকে আদৰণি জনোৱাৰ লগতে যোগ দিৱসৰ গুৰুত্ব ব্যাখা কৰে।IMG 20220621 WA0038 মহাবিদ্যালয়ৰ সমুহ ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী তথা কৰ্মচাৰীয়ে ভাগ লোৱা দিৱসটিত তিতাবৰ কনচেপ্ট যোগ ক্লাৱৰ সদস্য তথা বিশিষ্ট যোগ প্ৰশিক্ষক ভূৱন কছাৰী আৰু যদুমনি কলিতাই উপস্থিত সকলক যোগ আৰু প্ৰাণায়মৰ প্ৰশিক্ষণ প্ৰদান কৰে। তিতাবৰ কনচেপ্ট যোগ ক্লাৱৰ সদস্য প্ৰাপ্তি হাজৰিকা, প্ৰিয়ংকা চোপ্ৰা আৰু ইন্দিৰা পাও গামে সহযোগ আগবঢ়োৱা অনুষ্ঠানটিৰ পাছতে অসম সত্ৰীয়া সংগীত মহাবিদ্যালয়খনিৰ উদ্যোগত কনচেপ্ট যোগ ক্লাৱৰ সহযোগত টোকোলাই প্ৰাথমিক বিদ্যালয়তো যোগ দিৱস পালন কৰা হয়। উল্লেখযোগ্য যে নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰতিষ্ঠাপক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা সৃষ্ট সত্ৰীয়া নৃত্যত ব্যৱহৃত মাটি আখৰা আৰু যোগৰ সম্পৰ্ক শীৰ্ষক এক মনোজ্ঞ আলোচনা অনুষ্ঠিত কৰা হয়। টোকোলাই প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মাধৱ হাজৰিকাই এগছি বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা মনোজ্ঞ অনুষ্ঠানটিত সত্ৰীয়া নৃত্যত ব্যৱহৃত বিভিন্ন হস্ত, ব্যায়ামৰ লগত যোগৰ সাদৃশ্য সমুহ আলোকপাত কৰা হয়।অসম সত্ৰীয়া সংগীত মহাবিদ্যালয়ৰ নৃত্য বিভাগৰ প্ৰশিক্ষকসকল আৰু ছাত্ৰ ছাত্ৰী সকলে অংশগ্ৰহণ কৰা মনোমোহা অনুষ্ঠানটিত যোগবিদ ভূৱন কছাৰী,যদুমনি কলিতা,প্ৰাপ্তি হাজৰিকা আৰু প্ৰিয়ংকা চোপ্ৰাই মাটি আখৰাৰ লগত যোগৰ সাদৃশ্য সমুহ পৰিবেশন কৰি দেখুৱায়। মহাবিদ্যালয়খনিৰ অধ্যক্ষ শাৰংগপানি বৰদলৈয়ে মুখ্য কৰি সমুহ শিক্ষক শিক্ষয়িত্ৰী, কৰ্মচাৰী বৃন্দ উপস্থিত থকা সভাখনত কনচেপ্ট যোগ ক্লাৱৰ জেষ্ঠ যোগবিদ ভূৱন কছাৰীয়ে টোকোলাই প্ৰাথমিক বিদ্যালয়় ছাত্ৰ ছাত্ৰী সকলক ভৱিষ্যতে নিজকে এজন সুস্থ মানুহ হ’ব পৰাৰ ক্ষেত্ৰত যোগৰ গুৰুত্বৰ ওপৰত সুন্দৰ ব্যাখ্যা আগবঢ়ায়। লগতে যোগ আৰু মাটি আখৰাৰ সম্পৰ্ক অভিন্ন বুলি উল্লেখ কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More