যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়ত পৰিৱেশ দিৱসত ব্যতিক্ৰম কাৰ্যসূচীৰ আয়োজন

0 30

শতাব্দ প্ৰতিনিধি, যোৰহাট, ১৩ মে’ : যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়ৰ আই.কিউ এ.চি, আই.আই.চি, বিজ্ঞান আৰু প্ৰযুক্তি কোষ আৰু কমিউনিটি কলেজৰ যৌথ উদ্যোগত বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি ৫ – ৭ জুনলৈ “ইছ্যুজ এণ্ড চেলেঞ্জেচ অৱ এনভাইৰনমেন্ট চেফ্টি ফ’ৰ চাচটেইনেব’ল ডেভেলপমেণ্ট” শীৰ্ষক এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰ লগতে ষ্টুডেণ্ট ৰিচাৰ্চ কনক্লেভৰ আয়োজন কৰা হৈছে । আলোচনা চক্ৰখনত চটাইস্থিত বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান, পাঞ্জাৱৰ চিটকাৰা বিশ্ববিদ্যালয় আৰু উত্তৰ পূৱ বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠান সহযোগী হিচাপে থাাকিব বুলি উদ্যোক্তাসকলে জনাইছে । বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি ৫০০জোপা গছ পুলি ৰোপণ, ছাত্ৰছাত্ৰীৰ মাজত চুটি ভিডিঅ’ প্ৰতিযোগিতা আৰু নতুনত্বৰ ধাৰণা প্ৰক্ষেপ (idea drop)প্ৰতিযোগিতা অনুষ্ঠিত হ’ব । চুটি ভিডিঅ প্ৰতিযোগিতাত মুঠ প্ৰাইজমানি ১০ হেজাৰ আৰু idea drop প্ৰতিযোগিতাত মুঠ ২০হেজাৰ টকা । ইয়াৰোপৰি উপৰি প্ৰায় বিশটা উপ বিষয়ত গৱেষণা পত্ৰৰ লগতে ধাৰণা (idea) প্ৰক্ষেণৰ সাৰাংশ অহা ৩০ মে’ৰ ভিতৰত [email protected] আৰু চুটি ভিডিঅ’ [email protected] ত প্ৰেৰণ কৰিব লাগিব । বিতং জানিবৰ বাবে ৭০০২৩৬২৭১৪, ৭০৮৬৯২৭৫৬৪ আৰু ৯৪৩৫৫১১০৬৯ নম্বৰত অথবা www.jorhatkendriyamahavidyalay.in/wed-22 যোগাযোগ কৰিব পাৰিব ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More