যোৰহাট জিলা সাহিত্য সভাৰ উদ্যোগত কলাগুৰুক স্মৰণ

0 52
শতাব্দ প্ৰতিনিধি, যোৰহাট, ২০ জুনঃ  অসমীয়া সাহিত্য সংস্কৃতিৰ অন্যতম পুৰোধা ব্যক্তি তথা সাম্য মৈত্ৰীৰ এখন শ্ৰেণীহীন সমাজ গঢ়িবলৈ আপ্ৰাণ চেষ্টা কৰা সৈনিক শিল্পী কলাগুৰুক শ্ৰদ্ধাৰে সোৱঁৰণ কৰা হয় । যোৰহাট জিলা সাহিত্য সভা আৰু তিতাবৰ শাখা সাহিত্য সভাৰ  যৌথ উদ্যোগত তিতাবৰ পাব্লিক ক্লাৱ উন্মীলিতা নাৰী সংঘ আৰু ৰামধেনু প্লে বিদ্যালয়ৰ সহযোগত তিতাবৰ পাব্লিক ক্লাৱত আয়োজিত  অনুষ্ঠানত ৰাভাদেৱৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুস্পাঞ্জলি অপৰ্ণ কৰে ক্ৰমে বিশিষ্ট শিক্ষাবিদ ভোলানাথ শৰ্মা হেমন্ত বৰদলৈ ড° ৰাতুল চন্দ্ৰ বৰা  আৰু তিতাবৰ শাখা সাহিত্য সভাৰ সভাপতি পৰেশ বৰুৱাই । দুপৰীয়া অনুষ্ঠিত হোৱা মুকলি সভাত সভাপতিত্ব কৰে জিলা সভাপতি ড°ৰাতুল চন্দ্ৰ বৰাই । তিতাবৰ শাখাৰ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ভোলানাথ শৰ্মাই উদ্বোধন কৰা সভাৰ আঁত ধৰা লগতে উদ্দেশ্য ব্যাখ্যা আগবঢ়াই জিলা সম্পাদক মাধৱ মহন্তই । নিৰ্দিষ্ট বক্তাৰ আসনৰ পৰা  যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ড° অদিতি বেজবৰুৱাই  কলাগুৰুজনাৰ জীৱন পৰিক্ৰমা সম্পৰ্কত সাৱলীল বক্তব্য প্ৰদান কৰে । অন্য এগৰাকী বক্তা সপোন কবি তথা জিলা সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি মহেন্দ্ৰ নাথ হাজৰিকাই ৰাভাৰ কৰ্মৰাজী সাম্প্ৰতিক সময়ৰ বাবে কিমান প্ৰাসংগিক সেই সম্পৰ্কে উল্লেখ কৰে । জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক  অৰুণ বৰুৱা আৰু পূৱ তিতাবৰ শাখা সাহিত্য সভাৰ সভাপতি ডাঃ প্ৰদীপ শইকীয়া বিশিষ্ট  অতিথিৰূপে উপস্থিত থকা সভাত তিতাবৰ শাখা সাহিত্য সভাৰ মুখপত্ৰ উন্মোচন কৰে বিশিষ্ট শিক্ষাবিদ ড° অদিতি বেজবৰুৱাই আৰু বিজুলী শীৰ্ষক কবিতা পুথিখন উন্মোচন কৰে তিতাবৰ কবি সন্মিলনৰ প্ৰাক্তন সভাপতি ড° বুদ্ধিন্দ্ৰনাথ শইকীয়াই । জিলা প্ৰতিনিধি মৃণালিনী গোস্বামী  জিলা সাহিত্য সভাৰ কুঁহি উপ সমিতিৰ আহ্বায়িকা দিপ্তী বুঢ়াগোহাঁই কবি সন্মিলন উপ সমিতিৰ আহ্বায়িকা স্নেহ জোনাক দত্ত সাংগঠনিক সম্পাদক প্ৰফুল্ল ভূঞা সহকাৰী সম্পাদক সুদীপ্ত নয়ন গোস্বামী পত্ৰিকা সম্পাদক ৰূপা নেওগ হাজৰিকা সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন সভানেত্ৰী স্বৰ্গ গগৈ বৰুৱা ড° ললিত শ্যাম  জেষ্ঠ নাগৰিক সন্হাৰ সভাপতি আনোৱাৰ হুছেইন অৱসৰপ্ৰাপ্ত অধ্যাপক গুণাৰাম নাথ  নন্দেশ্ৱৰ শইকীয়া উন্মীলিতা নাৰী সংঘৰ সভানেত্ৰী প্ৰগতি নেওগ প্ৰমুখ্যে শতাধিক বৰেণ্য ব্যক্তি উপস্থিত থকা সভাত চিৰ চেনেহী গীত পৰিৱেশন কৰে উন্মীলিতা নাৰী সংঘৰ সদস্যাসকলে । উল্লেখ্য যে সভাতে ৰামধেনু প্লে বিদ্যালয়ৰ উদ্যোগত আয়োজিত বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত নৃত্য আৰু কবিতা আবৃত্তিত বিজয়ী প্ৰতিযোগীসকলক মানপত্ৰ স্মাৰক আৰু নগদধনেৰে পুৰস্কৃত কৰে । তিতাবৰ শাখা সাহিত্য সভাৰ সম্পাদক গনেশ কছাৰীয়ে শলাগ জ্ঞাপন কৰা সভাত প্ৰিয়ালক্ষ্মী হাজৰিকাৰ সৃষ্টিশীল নৃত্য ধৃতিস্মান মহন্তৰ ৰাভা সংগীত আৰু অনুস্কা কছাৰীৰ কবিতাই  সকলোকে আপ্লুত কৰে ।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More