যোৰহাট থিয়েটাৰৰ ১২৫ সংখ্যক জয়ন্তী 

সাংস্কৃতিক শোভাযাত্ৰাত দৃষ্টিনন্দন পৰিৱেশ

0 10

শতাব্দ প্ৰতিনিধি, যোৰহাট, ২০ এপ্ৰিল : অসমৰ নাট্য জগতত ১৮৯৬ চনতে আত্মপ্ৰকাশ কৰি নাট্যযাত্ৰাৰ ১২৫ বছৰ সম্পূৰ্ণ হোৱা যোৰহাট থিয়েটাৰৰ গৌৰবোজ্বল ১২৫ সংখ্যক জয়ন্তী উদযাপনৰ সামৰণী অনুষ্ঠান আজিৰে পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। এই সামৰণি অনুষ্ঠান উপলক্ষে আজি পতাকা উত্তোলন, স্মৃতি তৰ্পণৰ পাছতে বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। শোভাযাত্ৰাত অসমীয়া জাতীয় জীৱনৰ কৃষ্টি সুন্দৰভাৱে উপস্থাপন কৰা হয়। এই শোভাযাত্ৰাত যোৰহাট থিয়েটাৰৰ সদস্য, সাংস্কৃতিক কৰ্মী সকলৰ লগতে যোৰহাটৰ বহু কেইটা সামাজিক, সাংস্কৃতিক, শিক্ষানুষ্ঠান আৰু ধৰ্মীয় অনুষ্ঠানে ভাগ লয়। অন্যহাতে এই উপলক্ষে আজি সন্ধিয়াৰ পৰা পাঁচদিনীয়াকৈ যোৰহাট থিয়েটাৰ নাট সমাৰোহ অনুষ্ঠিত হব।এই নাট সমাৰোহত ৰাজ্যখনৰ পাঁচটা অগ্ৰণী নাট্য গোষ্ঠীয়ে পাঁচখন নাট প্ৰদৰ্শন কৰিব।তদুপৰি ২৪ এপ্ৰিলত জিলাখনৰ ১২৫ গৰাকী নিৰ্বাচিত শিল্পীক সম্বৰ্ধনা জনোৱা হব। উক্ত অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, সাংস্কৃতিক মন্ত্ৰী বিমল বৰাৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকিব ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More