লকড (locked)

শঙ্খচূড় সাপৰ দংশন কিমান নিৰৱ-চিহ্ন হীন

0 217

ডাঃ সুৰজিৎ গিৰি

“নাই,ই মৰিব নোৱাৰে।ই বাচিবই লাগিব।”

মৃত লৰাটোৰ বুকুত হেঁচি হেঁচি (CPR) নিজকে মনে মনে মিছা সান্ত্বনা দিবলৈ চেষ্টা কৰিলোঁ। ICU টেকনিচিয়ান ন’ব’ক বুকুত হেঁচা প্ৰয়োগ কৰিবলৈ কৈ কৃত্ৰিম শ্বাস-প্ৰশ্বাসৰ ব্যৱস্থাৰ বাবে যা-যোগাৰ কৰো।

উপস্থিত আত্মীয়ক কলো,

আমি এঘড়ী যুঁজিহে চাম বুলি কৈ তেওঁলোকৰ সন্মুখতে শ্বাসনলীত এডাল পাইপ (endotracheal intubation) ভৰাই কৃত্ৰিম শ্বাস-প্ৰশ্বাসৰ ব্যৱস্থা কৰা হয়!

ফলাফল কি হব আমি জনা নাছিলো! আমি মাত্ৰ আমাৰ কৰণীয়খিনিহে কৰি গৈছিলো।

১২ এপ্ৰিল, বৃহস্পতিবাৰৰ কথা। ৰাতিপুৱা ৬ বজাত বিছনাৰ পৰা উঠাৰ লগে লগে ফোনটো বাজি উঠে। ব্ৰহ্মপুৱাতে অচিনাকী ফোন নম্বৰ দেখি মনে মনে ভাবিলো, কাৰোবাৰ নিশ্চয় কিবা বিপদ হৈছে ।

“ছাৰ, লৰা এটাক ৰাতি সাপে দংশন কৰিছিল নেকি, এতিয়া আমি শিৱসাগৰ চিভিল হস্পিটেলত আছো। লৰাটোৰ বৰ্তমান একো মাত-বোল নাই, আমি আপোনাৰ ডিমৌ হস্পিটেললৈ লৈ যাব বিচাৰিছো।”

ৰব, প্ৰথমে লৰাটোৰ স্বাস্থ্যৰ অৱস্থাটো জানি লওঁ। কৰ্তব্যত থকা নাৰ্চ বা ডাক্তৰক সংযোগ লগাই দিবলৈ কলো।

“ছাৰ মই নাৰ্চ মিনাক্ষী। ১০ টা এন্টিভেনম বেজী আৰু নিঅস্তিগ্মীন বেজী দিয়া হল।অক্সিজেন আদি ঠিকেই আছে, কিন্তু ৰাতিপুৱা প্ৰায় ৫:৩০ মান বজাৰ পৰা লৰাটোৰ সাৰ-সুৰ নাই। কিন্তু তাৰ কিছু আগলৈকে লৰাটো বিচনাত ইচাট-বিচাট কৰি আছিল।”

 “কিমান বয়স”

“২৪ বছৰ”

মিনাক্ষীৰ পৰা গোটেই কথাবোৰ গম পোৱাৰ পাছত আমি নিশ্চিত হৈছিলো যে লৰাটোক এই মুহূৰ্তত ভেণ্টিলেচন (কৃত্ৰিম শ্বাস-প্ৰশ্বাসৰ ব্যৱস্থা) প্ৰয়োগ কৰিব লাগিব।কিছু সময়ৰ পাছত ডাক্তৰ ফণীধৰ গগৈয়েও লৰাটোৰ কাৰণে ফোন কৰে।

হোৱাটছ-এপত সাপৰ ফটো চাই বিষাক্ত কলা ৰঙৰ শঙ্খচূড় সাপ বুলি আমি আশ্বস্ত হৈ ডাঃ ফণী গগৈৰ লগত কথা পাতি আৰু ২০ টা এন্টিভেনম বেজী ২০ মিনিটৰ ভিতৰতে দি কেলচিয়াম বেজী দিবলৈ মিনাক্ষীক বিধান দিওঁ।

এনেকুৱা অৱস্থাত আমি ৰোগীক স্থানান্তৰিত কৰিবলৈ মানা কৰো।কিন্তু আত্মীয়ই জোৰ কৰি আমাৰ তত্বাৱধানত চিকিৎসা গ্ৰহণৰ পোষকতা কৰে।কৰ্ত্যব্যৰত চিকিৎসক ডাঃ দ্বিজেন কোঁচৰ মতে লৰাটোক তৎক্ষণাত ভেণ্টিলেচনৰ প্ৰয়োজন হৈছে। কিন্তু কৰ্তব্যত ডাক্তৰ তেওঁহে মাত্ৰ আছে।

বহু ভাবি গুণী আৰু ডাঃ দ্বিজেনৰ লগত কথা পাতি প্ৰগতি হস্পিটেলৰ (ব্যক্তিগত) ICU লৈ লৰাটোক স্থানান্তৰিত কৰাৰ কথা ভবা হয়।কাৰণ আমাৰ ডিমৌ গ্ৰাম্য চিকিৎসালয়ত কোনো ICU নাই।মিনাক্ষীক আনুসংগিক বিধান দি প্ৰগতি ICUত ৰাতিপুৱা প্ৰায় ৭-১৫মিনিট মান বজাত লৰাটোলৈ ৰৈ থাকিলো। কেনেকুৱা অৱস্থাত লৰাটো আহি পাব তাৰ কোনো ঠিকনা নাই।সেইবাবে আগতীয়াকৈ সকলো যা-যোগাৰ কৰি লৰাটোলৈ অধীৰ আগ্ৰহেৰে বাট চালো।লৰাটোৰ সম্ভাব্য মৃত্যু চকুৰ আগত ভাহি উঠিল।শিৱসাগৰ চিভিল হস্পিটেল আৰু ব্যক্তিগত প্ৰগতি হস্পিটেলৰ দূৰত্ব সম্ভৱ মাত্ৰ ৫-৭ কিলোমিটাৰ মানহে হব।কিন্তু আমি জানিছিলো, এই অৱস্থাত সাপৰ বিহে তড়িৎ গতিত কাম কৰে।৭ কিলোমিটাৰ সুকলমে বাটকুৰি বাই প্ৰগতি হস্পিটেল আহি পাব নে নাই, সেয়া সন্দেহজনক আছিল।

ICUৰ চকীখনত ৰাতিপুৱাতে বহি মনে মনে বহু কথা ফঁহিয়াই থাকিলো।কিয় এই অৱস্থা হল? প্ৰথমে ১০ টা, ৰাতিপুৱা আৰু ২০ টা একেলগে, সৰ্বমুঠ ৩০ টা এন্টিভেনম বেজী দিয়া হৈছে, তথাপি লৰাটো মৃতপ্ৰায়।

কিয়? কিয়? কত ভুল হল?

যদি সৰ্প দংশনৰ ৰোগীক এনেদৰে ভেণ্টিলেচন দিব লগাত পৰে, তেনেহলে আমি আমাৰ গ্ৰাম্য চিকিৎসালয়বোৰত সৰ্প দংশনৰ ৰোগী কেনেদৰে চিকিৎসা কৰিম?? আমাৰ গ্ৰাম্য চিকিৎসালয়বোৰত ICU যে নাই।পৰ্য্যাপ্ত ডাক্তৰ যে নাই।আমাৰ ৰাইজে অযথা কথাত চিঞৰ-বাখৰ কৰি থাকে,কিন্তু স্বাস্থ্য যে পৰম ধৰ্ম পাহৰি যায়।ওচৰৰ হস্পিটেলখনৰ সামগ্ৰিক উন্নতিৰ বাবে বা এখন সৰু ICU লাগে বুলি চিঞৰ-বাখৰ নকৰে আৰু কেতিয়াবা আকস্মিক স্বাস্থ্যজনিত সমস্যা হলে মাত্ৰ হা-হুমুনিয়াহহে কাঢ়ে বা কেতিয়াবা স্বাস্থ্য কৰ্মীসকলক মাৰ-ধৰ কৰে।

শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ অন্তৰ্গত,নেকীবোৰ অঞ্চলৰ ২৪ বছৰীয়া বিশাল গোস্বামী।এজন সুস্থ উঠি অহা চফল ডেকা।

ৰূমটোৰ লাইট বন্ধ কৰি আঠুৱাৰ ভিতৰত বিচনাতে শুই শুই মবাইলটো হাতত লৈ আই পি এল চাই আছিল।ৰাতি প্ৰায় ১০ মান বজাত বাওঁ হাতৰ তৰ্জনী আঙুলিত কিবা ঠাণ্ডা লগা অনুভৱ কৰে আৰু যেন কিবা এটা পাৰ হৈ যোৱা অনুভৱ কৰে।মোবাইলৰ টৰ্চৰ পোহৰত বিছনাৰ একোনত থকা বস্তু এটালৈ পোহৰ দি বিশাল ভয়তে একে জাপে বিছনাৰ পৰা নামি মাক-দেউতাকৰ ওচৰ পায়।

এডাল কিছ-কিছিয়া কলা উজ্জ্বল ৰঙৰ ডাঙৰ সাপ বিশালৰ বিচনাত।সম্ভৱ আঁঠুৱা তৰাৰ আগতেই সাপডাল বিচনাত উঠিছিল।

তৎক্ষণাত ঘমঘণ্ট লাগি যায়।ওচৰ-চুবুৰীয়া আৰু পৰিয়ালৰ সকলোৱে মিলিজুলি সাপডাল বিচনাৰপৰা বাহিৰলৈ খেদিবলৈ বিভিন্ন যা-যোগাৰ কৰে।কোনোবা এজনে কোনোবা পাকত সাপডালৰ ফটো মোবাইলেৰে মাৰি থয়।

সাপডাল ঘৰৰ বাহিৰলৈ খেদি প্ৰায় ১১মান বজাত সকলো শুবলৈ বুলি নিজ নিজ কোঠালৈ যায়।যদিও সাপডাল বিছনাত আঁঠুৱাৰ ভিতৰত আছিল আৰু যিহেতু বিশালক সাপডালে দংশন কৰা নাছিল বুলি ভাবিছিল আৰু শৰীৰৰ কতো বিষ, ফুলা বা দাঁতৰ চিন নাছিল আৰু বিশালয়েও সাপডাল দংশন কৰা নাছিল বুলি কৈছিল,ওচৰ-চুবুৰীয়া আৰু ঘৰৰ মানুহেও বিশালক সাপডালে দংশন কৰা নাছিল বুলি ভাবি সকলো আশ্বস্ত হৈছিল।

যি কি নহওঁক,সকলো ঠিকেই আছিল,কিন্তু ৰাতি প্ৰায় ১২:৩০ মান বজাত বিশালৰ গাটো অলপ বেয়া লগা যেন অনুভৱ কৰে, কিন্তু কোনেও বিশেষ গুৰুত্ব দিয়া নাছিল।কিন্তু ক্ৰমান্বয়ে বিশালৰ স্বাস্হ্যৰ দ্ৰুত অৱনতি হব ধৰে।কথা ভীষণ দেখি পৰিয়ালৰ লোকে লৰা-ঢপৰা কৰিব আৰম্ভ কৰে।হস্পিটেললৈ স্থানান্তৰ কৰাৰ কথা ভাবে।গাড়ী আদিৰ বন্দবস্ত কৰো মানে আৰু আধা ঘন্টা সময় নষ্ট হয়।

গাড়ীত উঠাৰ পাছত বিশালে আটাহ পাৰিব আৰম্ভ কৰে,

সোনকাল কৰা।মোক হস্পিটেললৈ লৈ বলা।নহলে মই মৰিম এতিয়া।লাহে লাহে বিশালে থু গিলিব নোৱাৰা হয়।চকুৰ বাদু কেইটা নামি আহিছিল,খোজ কাঢ়োতে ভাৰসাম্যতা ৰক্ষা কৰিব নোৱাৰা হৈছিল, কথাবোৰ লেবা-লেব হৈছিল।জিভা পাক খুৱাব নোৱাৰিছিল।ৰাতি ১:৩০ মান বজাত প্ৰায় ২৫ কিলোমিটাৰ দূৰৈত থকা শিৱসাগৰ চিভিল হস্পিটেললৈ বুলি তেওঁলোক ৰাওনা হয়।

ৰাতি প্ৰায় দুই মান বজাত কৰ্ত্যব্যৰত চিকিৎসক ডাঃ দ্বিজেন কোচে কথা ভীষণ দেখি ডাঃ ফণীধৰ গগৈৰ লগত কথা পাতি এন্টিভেনম বেজী প্ৰয়োগ কৰে।এন্টিভেনম বেজী কেইটা প্ৰয়োগ কৰাৰ পাছতো বিশালৰ স্বাস্থ্যৰ কোনো উন্নতি দেখা পোৱা নগৈছিল।বৰঞ্চ ৰাতিপুৱা প্ৰায় ৫:৩০ মান বজাত বিশাল যেন শূন্যলৈ গতি কৰিব আৰম্ভ কৰিছিল।এক বিৰাট শূন্যলৈ।তাৰ পৰা ঘূৰি অহা যেন অসম্ভৱ আছিল।

খট কৈ প্ৰগতি হস্পিটেলৰ ICU ৰ দুৱাৰখনত শব্দ হওঁতে মোৰ চিন্তা ভাৱনাবোৰক একাষৰীয়া কৰি চকীত বহি থকাৰ পৰা উঠি বিশালক পৰীক্ষা কৰিবলৈ আগবাঢ়ো।

ৰাতিপুৱা প্রায় ৭:৩০ মান বজাত আমি যেতিয়া বিশালক পৰীক্ষা কৰো,বিশাল সম্পূৰ্ণৰূপে মৃত অৱস্থাতহে প্ৰগতি হস্পিটেলৰ ICU আহি পাইছিল।উশাহ-নিশাহ বন্ধ আছিল আৰু চকুৰ মণি কেইটা মৃত ব্যক্তিৰ দৰে একেবাৰে মস্ত হৈ আছিল।জীয়াই থকা ব্যক্তিৰ চকুৰ মণিত বাহিৰৰ পৰা টৰ্চৰ পোহৰ পেলালে,মণিডালৰ সংকোচন আৰু প্ৰসাৰণ হয়।কিন্তু বিশালৰ ক্ষেত্ৰত সেইয়া দেখা নগল।মৃত ব্যক্তিৰ দৰে চকুৰ মণি কেউটাও স্থিৰ।হৃদপিণ্ডও বন্ধ হৈ আছিল।মনিটৰত ECG ৰ উঠা-নমাবোৰৰ সলনি এডাল মাত্ৰ আঁচ আছিল।এডাল দীঘল আঁচ।এনেকুৱা ৰোগীক আমি ব্ৰট ডেড (brought dead) বুলি ঘোষণা কৰো।কিন্তু যিহেতু সাপডাল কলা ৰঙৰ শংখচূড় সাপ আছিল আৰু এই সাপডালে ৰোগীৰ শৰীৰত এনে পৰিৱৰ্তন কৰিব পাৰে বুলি আমি জানিছিলো, সেয়েহে আমি এঘড়ী যুঁজি চোৱাৰ কথা ভাবো।সৰ্প দংশন নহৈ যদি বেলেগ ৰোগী হলহেঁতেন আৰু আমি যদি ৰোগীক এনেকুৱা পৰ্যায়ত পাওঁ, তেনেহলে আমি তেওঁক মৃত বুলি ঘোষণা কৰোঁ।কিন্তু কলা ৰঙৰ শঙ্খচূড় সাপৰ দংশনত,তেনে ৰোগীক পুনৰ জীৱন দান দিবলৈ আমি সকলোৰে কিছু চেষ্টা কৰাৰ থল থাকে।

আপোনালোক সকলোৱে ভাবিব পৰ্যাপ্ত এন্টিভেনম বেজী দিয়া হৈছিল, কিন্তু বিশালৰ স্বাস্থ্যৰ উন্নতি নহল কিয়? তাৰ উত্তৰ এটাই, এন্টিভেনম বেজী বহুত দেৰিকৈ প্ৰয়োগ কৰা হৈছিল।প্ৰায় ৫ ঘণ্টা মানৰ বিলম্ব হৈছিল।

প্ৰায় তিনি ঘণ্টা মানৰ পাছতহে বিশালৰ বিষাক্ত সাপৰ প্ৰথম লক্ষণ যেনে থু গিলিব নোৱাৰা আদি হৈছিল।এই সময়তে এন্টিভেনম বেজী প্ৰয়োগ কৰিব লাগিব। এই সময়টোৱেই আমাৰ সোণালী সুযোগ। এই সময়তে আমি যদি এন্টিভেনম বেজী আদি প্ৰয়োগ কৰোঁ,তেনেহলে উশাহ টানিবলৈ ব্যৱহাৰ হোৱা মাংসপেশীবোৰ অকামিলা কৰিব নোৱাৰে বাবে ৰোগীক ICU বা ভেণ্টিলেচনৰ প্ৰয়োজন নহয় আৰু ৰোগী সম্পূৰ্ণৰূপে ভাল হোৱাৰ অৱকাশ থাকে।কিন্তু বিশালৰ ক্ষেত্ৰত প্ৰায় ৫ ঘণ্টা মানৰ পাছতহে এন্টিভেনম বেজী প্ৰয়োগ কৰা হৈছিল।

ইয়াত কাৰো ভুল নাই।যিহেতু দংশনৰ কোনো দাঁতৰ চিহ্ন নাছিল বা বিশালেও দংশন কৰিছিল বুলি গম পোৱা নাছিল বাবে পৰিয়ালৰ লোকেও বিশালক দংশন কৰা নাছিল বুলি ভাবি হস্পিটেললৈ অহা নাছিল।

আমাৰ ৰাইজ আৰু সমাজে নাজানে যে অসমৰ বিষাক্ত কলা ৰঙৰ শঙ্খচূড় সাপে দংশন কৰিলে ভুক্তভুগীজনে গমেই নাপায়।ইয়াৰ বিহ দাঁত দুটা আমি ব্যৱহাৰ কৰা ছিৰিঞ্জৰ বেজীতকৈও একেবাৰে সুক্ষ্ম দাঁত।এই বিহ দাঁত কেইটাই আমাক দংশন কৰিলে বিশেষ বিষ নহয় বা কেতিয়াবা মানুহজনে দংশন কৰিলে বুলি গমেই নাপায়।যিটো বিশালৰ ক্ষেত্ৰত হল।

কলা ৰঙৰ শঙ্খচূড় সাপৰ বিহে আমাৰ হাত বা ভৰিৰ মাংসপেশীৰ সংস্পৰ্শত থকা স্নায়ুত আক্ৰমণ কৰে।আমাৰ ভৰি হাত লৰচৰ কৰিবলৈ হলে প্ৰথমে আমাৰ মগজুৰ পৰা স্নায়ুৰ জৰিয়তে এটা সংকেত আমাৰ মাংসপেশীলৈ আহে।মংগজুৰ পৰা পোৱা সংকেতে মাংসপেশীৰ ওচৰত থকা স্নায়ুৰপৰা এছিটাইল কলিন নামৰ ৰাসায়নিক দ্ৰব্য নিঃক্ষৰণ কৰাত সহায় কৰে।এই এছিটাইল কলিন নামৰ ৰাসায়নিক দ্ৰব্যই আমাৰ মাংসপেশীৰ লৰচৰ কৰাত সহায় কৰে।যদি এই এছিটাইল কলিন নামৰ দ্ৰব্যটো নাথাকে তেনেহলে মাংসপেশীবোৰ অৱশ হৈ পৰে।মগজুয়ে হাত ভৰি লৰচৰ কৰিবলৈ আদেশ দিলেও বা ৰোগীজনে লৰচৰ কৰিব বিচাৰিলেও হাত ভৰি লৰচৰ কৰিব নোৱাৰে।কেনে মাৰাত্মক বিহ!

মগজুৰপৰা মাংসপেশীলৈ সংকেত ঠিকেই আহে, কিন্তু শঙ্খচূড় সাপৰ বিহে এই দ্ৰব্য নিঃক্ষৰন হব নিদিয়ে।অৰ্থাৎ আমাৰ মগজু সম্পূৰ্ণ সুস্থ হৈ থাকে।ভুক্তভুগীজনে মানুহে ওচৰত কথা পতা আদি শুনি থাকে।কিন্তু জিভা লৰচৰ কৰিব নোৱাৰে,হাত-ভৰি লৰচৰ কৰিব নোৱাৰে।অৰ্থাৎ ৰোগীজন লকড (locked) হৈ যায়।

ক্ৰমান্বয়ে উশাহ টানিবলৈ ব্যৱহাৰ কৰা মাংসপেশীবোৰ অৱশ হব আৰম্ভ কৰে।লাহে লাহে বহুত সময়ৰ মূৰে মূৰেহে ভুক্তভুগীজনে উশাহ টানে।উশাহ-নিশাহৰ মাংস পেশীবোৰ সম্পূৰ্ণ অৱশ হোৱা বাবে ভুক্তভুগীজনে নিশাহত কাৰ্বন-ডাই-অক্সাইড এৰিব নোৱাৰা হয় আৰু শৰীৰত কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ বাঢ়ি যায় আৰু ৰোগী অজ্ঞান হৈ যায়।এই অৱস্থাত ৰোগীক ভেণ্টিলেচন প্ৰয়োগ নকৰিলে কিছু সময়ৰ পাছত ৰোগীৰ মৃত্যু হয়।অৰ্থাৎ কলা ৰঙৰ শঙ্খচুড সাপৰ বিহে ভুক্তভুগীজনক তিল-তিল কৈ মৃত্যুৰ মুখলৈ ঠেলি দিয়ে।কিন্তু এইটোও জানি লব এই সাপডালৰ বিহে ভুক্তভুগী জনক প্ৰায় ৩-৪ ঘণ্টা সময়ো দিয়ে।বিশালৰ ক্ষেত্ৰতো প্ৰায় তিনি ঘণ্টা মানৰ পিছতহে প্ৰথম লক্ষণ দেখা দিছিল।সাপডালে যেন ভুক্তভুগী জনক বাৰে বাৰে কয়, তৎক্ষণাত হস্পিটেলত গৈ ভৰ্তি হৈ থাকা।মোৰ বিহে তোমাক ৬-১০ ঘণ্টাৰ ভিতৰতহে মৃত্যু ঘটাব।কিন্তু আমি জানো গুৰুত্ব দিছো?

বিশালৰ ক্ষেত্ৰতো একেই হল।

প্ৰথম ১০ ঘণ্টা বিশালৰ একো সাৰ-সুৰ নাছিল।এটা যেন মৃতদেহ।মাত্ৰ হৃদস্পন্দনহে আছিল।দেউতাকৰ লগত গোটেই কথাখিনি বুজাই কথা পাতি থাকোতে,মৰমৰ লৰাটোৰ অৱস্থা দেখি দেউতাকো মুৰ্চা গৈ পৰি যায়।২৪ বছৰীয়া মৰমৰ পুত্ৰৰ মৃতদেহৰ নিচিনা শৰীৰ প্ৰত্যক্ষ কৰি এনে হোৱাটো স্বাভাৱিক।

আমাক ৭২ ঘণ্টা সময় দিয়ক। আমি অলপ চেষ্টা কৰি চাওঁ।৭২ ঘণ্টা লৈকে বিশালৰ স্বাস্থ্যৰ উন্নতি নহলে,দীঘলীয়া চিকিৎসাৰ প্ৰয়োজন হব পাৰে।যদি চিকিৎসা দীঘলীয়া হোৱাৰ অৱকাশ থাকে,তেনেহলে আমি বিশালক ডিব্ৰুগড় মেডিকেল কলেজলৈ স্থানান্তৰিত কৰিম।কাৰণ প্ৰগতি হস্পিটেল এখন ব্যক্তিগত চিকিৎসালয়,আপোনালোকৰ বাবে দীঘলীয়া চিকিৎসাৰ খৰছ বহন কৰিবলৈ অসুবিধা হব পাৰে।মুঠৰ ওপৰত আমি শেষ বিন্দুলৈকে যুঁজিম।আমাক মাত্ৰ ৭২ ঘণ্টা সময় দিয়ক।পৰিয়ালৰ লোকক একে উশাহতে কথাখিনি কৈ সময়লৈ বাট চালো।

বিশাল, বাও হাতখন দাঙি দিয়া চোন?
বিশালে চেষ্টা কৰিছিল, কিন্তু হাতৰ আঙুলিও লৰচৰ কৰিব নোৱাৰিছিল। শ্বাসনলীত পাইপ আৰু নাকত খাদ্যৰ পাইপটো লৈ বিশালে চাৰিওফালে কি হৈছে বা তাৰ কি হৈছে একো বুজি পোৱা নাছিল।

মানুহজনে মোক বাওঁ হাতটো দাঙিব কৈছে,কিন্তু মই পৰা নাই কিয়?সৰ্বনাশ,মই দেখোন একো কৰিব পৰা নাই।মোৰ মুখত কি এইডাল?মই কত আছো? মোৰ কি হৈছে, ইত্যাদি বিভিন্ন প্ৰশ্নই বিশালক ব্যতিব্যস্ত কৰিছিল চাগে।মণিটৰত বিশালৰ হৃদপিণ্ডৰ হাৰ এক মিনিটত ১৫০ হওঁতেই মই বিশালৰ মনৰ কথা বুজিব চেষ্টা কৰিছিলো।

বিশাল,তুমি চিন্তা নকৰিবা! মই ডাঃ সুৰজিত গিৰি। তোমাক বিষাক্ত কলা শঙ্খচূড় সাপে দংশন কৰিছিল।তুমি প্ৰগতি হস্পিটেলৰ ICUত আছা।দুই-তিনিদিনৰ ভিতৰত তোমাৰ ভাল হৈ যাব।দেউতাকেও বিশালক এষাৰ মাত দিয়ে।বিশাল কিছু আশ্বস্ত হোৱা যেন দেখা গল।কাৰণ মণিটৰত হৃদপিণ্ডৰ হাৰ এক মিনিটত ১৫০ ৰপৰা ৯০ লৈকে কমি আহে!

দ্বিতীয় দিনাখনো বিশালে হাত ভৰি লৰচৰ কৰিব বিচাৰিছিল।কিন্তু নোৱাৰিলে।

পিয়াহ লাগিছে।কিন্তু পানী বিচাৰিব পৰা নাই।কোনে পানী দিব মোক?মই কেতিয়া ভাল হম?এইয়া সপোন নে দিঠক?নাকে-মুখে পাইপ লৈ এনে বিভিন্ন প্ৰশ্নই বিশালক ব্যতিব্যস্ত কৰি ৰাখিছিল।

দ্বিতীয় দিনাৰ ৰাতিলৈ বিশাল লাহে লাহে সুস্থ হব আৰম্ভ কৰে।প্ৰায় ৩৯ ঘণ্টাৰ পাছত বিশালে আমাৰ আদেশবোৰৰ প্ৰত্যুত্তৰ দিব আৰম্ভ কৰে।হাত দাঙিব কলে দাঙে,জিভা মুখৰ পৰা বাহিৰলৈ উলিয়াব কলে উলিয়ায়।মোৰ আঙুলি কেইটা জোৰকৈ খামোছ মাৰি ধৰিব দিলে,জোৰকৈ খামোছ মাৰিব পৰা হৈছিল আৰু প্ৰায় ৪০ ঘণ্টাৰ পাছত ভেণ্টিলেচন খুলি দিয়া হৈছিল।

লাহে লাহে বিশালে খাদ্য নিজে খাব পৰা হৈছিল,পেচাব কৰিব পৰা হৈছিল, খোজ কাঢ়িছিল আৰু ১৯ এপ্ৰিল তাৰিখে হস্পিটেলৰ পৰা ছুটী দিয়া হয়।

কেনেবাকৈ বিশালে সাপডাল নেদেখা হলে,বিশাল শুই গল হেতেন আৰু প্ৰায় ১২মান বজাত বিচনাত ধৰ-ফৰাই থাকিল হেতেন!কাৰোবাক মাতো বুলি কলেও মাতিব নোৱাৰিলে হেতেন, উঠোঁ বুলি কলেও উঠিব নোৱাৰিলেহেঁতেন আৰু ৰাতিপুৱালৈ বিশাল লকড হৈ গলহেতেন। অলপ অলপ উশাহ লৈ থাকিল হেতেন।হাত ভৰি দাঙিব নোৱাৰিলেহেঁতেন, চকু জপাবও নোৱাৰিলেহেঁতেন, চকু মেলিবও নোৱাৰিলেহেঁতেন, মানুহে কথা পতা সকলো শুনি থাকিলহেঁতেন, কিন্তু বিশালে একো উত্তৰ দিব নোৱাৰিলেহেঁতেন।এই অৱস্থাটোক আমি লকড ইন চিন্দ্ৰম বুলি কওঁ।

ৰাতিপুৱা তেনে অৱস্থাত পৰিয়ালৰ লোকে বিশালক ডাক্তৰ ওচৰলৈ নিলেহেঁতেন। প্ৰটকল মতে ডাক্টৰেও মূৰৰ CT স্কেন, MRI,তেজৰ পৰীক্ষা কৰিলেহেতেন আৰু বেমাৰটো ধৰিব নোৱাৰাকৈ একো ডায়গনচিছ নোহোৱাকৈ প্ৰায় ১০ মান বজাত বিশালৰ মৃত্যু হল হেঁতেন। দুৰ্ভগীয়া পৰিয়ালৰ লোকে হিয়া ঢাকুৰীয়াই কান্দিলেহেঁতেন।একো বেমাৰ ধৰা নপৰাকৈ বিশাল এই পৃথিৱীৰ পৰা গুচি গলহেঁতেন আৰু পৰিয়ালৰ লোকক এটা প্ৰশ্ন এৰি থৈ গলহেঁতেন? আগতে একো বেমাৰ-আজাৰ নথকা বিশালৰ কি বেমাৰ হৈ মৃত্যু হল? বছৰে বছৰে তেওঁলোকক এই কথাটোৱে খুলি খুলি খালেহেঁতেন। কিন্তু উত্তৰ কেতিয়াও বিচাৰি নাপালেহেতেন।

সেইবাবে আমি কলা ৰঙৰ শঙ্খচূড় সাপডালক অসমৰ নীৰৱ ঘাতক বুলি অভিহিত কৰিছোঁ।

এই সাপডালে মানুহৰ সান্নিধ্য খুউব ভাল পায়। ই নিশাচৰী সাপ।মানুহৰ উত্তাপ বিচাৰি ই মানুহৰ ঘৰত প্ৰৱেশ কৰে।গৰমৰ ৰাতি কেতিয়াবা আমি পাটী পাৰি আঁঠুৱা নতৰাকৈ মাটিত শুলে, ই আমাৰ গাৰ ওচৰে-পাজৰে বহি আমাৰ শৰীৰ পৰা নিৰ্গত হোৱা উত্তাপ লৈ জিৰণি লৈ থাকে আৰু আমি গমকে নাপাঁও।টোপনিৰ জালত আমাৰ হাত বা ভৰি বা গাটো তাৰ গাত লাগিলে ই আত্ম ৰক্ষাত আমাক দংশন কৰে।আমি গমকে নাপাওঁ আৰু টোপনিতে ব্যক্তি জনৰ মৃত্যু হয়।ৰাতিপুৱা আমি যেতিয়া তেখেতক জগাম তেওঁৰ ইতিমধ্যে মৃত্যু হয়।তেতিয়া আমি স্ট্রোক বা হাৰ্ট এটেক হৈ ঢুকাল বুলি ভাবোঁ। কোনো ধৰণৰ বেমাৰ নথকা এজন মানুহ ৰাতিপুৱা মৃত্যু! ভাবিবলৈ টান লাগে নহয় জানো ?

কোনে জানে, যদি আমি সেই বিচনাতে আকস্মিকভাবে মৃত্যু হোৱা ব্যক্তিসকলৰ পোষ্ট মৰ্টেম কৰাহেঁতেন, জানোচা শৰীৰৰ কৰবাত দুটা বিন্দু ফোঁট দেখা পাবও পাৰিলোঁ হেতেন! অৰ্থাৎ ই সাপৰ দংশনও হোৱাৰ অৱকাশ আছিল ! এনেকুৱা অনেক উদাহৰণ আমাৰ আছে।

বিশালৰ সংকটজনক অৱস্থা বাধা দিব পৰিলোঁহেঁতেন নেকি?

নিশ্চয় পৰিলোঁহেঁতেন-
যদিহে-

যদিও সাপডাল দংশন কৰাৰ কোনো দাগ বা বিষ বা ফুলা নাছিল,তথাপি তেওঁলোক আহি ৰাতি প্ৰায় ১০-৩০ মান বজাত শিৱসাগৰ চিভিল হস্পিটেলত ভৰ্তি হৈ থাকিলহেঁতেন আৰু যেতিয়া বিশালৰ,বিষাক্ত সাপৰ বিহৰ প্ৰথম লক্ষণ প্ৰায় এক মান বজাত দেখা দিলেহেতেন, তেতিয়াই এন্টিভেনম বেজীৰে সাজোৰে প্ৰহাৰ কৰাহেঁতেন, সাপৰ বিহটোৱে আমাৰ শ্বাস-প্ৰশ্বাসৰ বাবে প্ৰয়োজন হোৱা মাংসপেশীবোৰ অৱশ কৰিব সময় নেপালেহেঁতেন আৰু বিশাল কমা লৈ নগলহেঁতেন আৰু ICU বা ভেণ্টিলেচনৰ প্ৰয়োজন নহলহেঁতেন।

সেইবাবে আমি আমাৰ ৰাইজক সদায় এটাই অনুৰোধ কৰো,যদি সৰ্প দংশন হৈছে বা ৰাতি কলা ৰঙৰ সৰ্পৰ সংস্পৰ্শলৈ আহিছে,কিন্তু দংশন কৰাৰ কোনো লক্ষণ নাই,তথাপি তৎক্ষণাত হস্পিটেলত আহি ভৰ্তি হওঁক।লক্ষণ আহিলে দেখা যাব,তেতিয়া হস্পিটেল যাম বুলি ভাবি থাকিলে,বহুত দেৰি হব পাৰে আৰু ৰোগীক তেতিয়া এক লাখটা এন্টিভেনম বেজী দিলেও একো লাভ নহব,কাৰণ প্ৰথম লক্ষণ দেখা দিয়াৰ পাছত সময় পাৰ হোৱাৰ লগে লগে সাপৰ বিহে আমাৰ স্নায়ুত থিতাপি লয় ।স্নায়ুত থিতাপি লোৱা সাপৰ বিহক এন্টিভেনম বেজীয়ে অকামিলা কৰিব নোৱাৰে।তেজত মিহলি হৈ থকা বিহকহে এন্টিভেনম বেজীয়ে অকামিলা কৰিব পাৰে।বিহ স্নায়ুত থিতাপি লোৱাৰ আগতে তেজত মিহলি হৈ থকা বিহক অকামিলা কৰিবই লাগিব,অন্যথা ICU বা ভেণ্টিলেচনৰ প্ৰয়োজন হব।

আমি যেন হাৰি হাৰি জিকিলো।কিন্তু সদায়ে যে আমি জিকিম সেয়া কোনোপধ্যেই হব নোৱাৰে।সেইকাৰণে ৰাইজ আৰু সমাজক আমাৰ এটাই অনুৰোধ সৰ্প দংশন হৈছে বা সংস্পৰ্শলৈ আহিছে,তৎক্ষণাত হস্পিটেলত ভৰ্তি হওক।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More