লক্ষাধিক শিক্ষাৰ্থী দৌৰিছে চৰকাৰী বিদ্যালয়লৈ, ক’ত ?

0 33

শতাব্দ বিশেষ প্ৰতিনিধি, ২০ মে’ :

জুন মাহৰ পৰা আৰম্ভ হ’বলগীয়া নতুন শিক্ষাবৰ্ষত নামভৰ্তিৰ বাবে গুজৰাটৰ চৰকাৰী প্ৰাথমিক বিদ্যালয় সমূহত এতিয়া উথপথপ পৰিৱেশ। বহুতো বিদ্যালয়ত নামভৰ্তিৰ বাবে অপেক্ষা তালিকা প্ৰস্তুত কৰিবলগীয়া অৱস্থা হৈছে। বিদ্যালয়ত নামভৰ্তিৰ বাবে কি বিজেপি, কি কংগ্ৰেছ যি কোনো দলৰে নেতৃস্থানীয় নেতাৰ পৰা চুপাৰিছ লৈ চৰকাৰী বিদ্যালয়ত উপস্থিত হৈছেহি অভিভাৱক সকল। নতুন নামভৰ্তিৰ উপৰি ব্যক্তিগত খণ্ডৰ বিদ্যালয় সমূহ পৰিত্যাগ কৰি চৰকাৰী বিদ্যালয়ত শিক্ষা গ্ৰহণৰ বাবে ঢপলিয়াই আহিছে লক্ষাধিক শিক্ষাৰ্থী। গুজৰাট চৰকাৰৰ শিক্ষা বিভাগৰ মঙ্গলবাৰে প্ৰকাশিত এখন বিজ্ঞপ্তিত দাবী কৰা হৈছে যে, যোৱা সাতটা শিক্ষাবৰ্ষত ৰাজ্যখনত প্ৰায় ৩.২৭ লাখ ছাত্ৰ-ছাত্ৰীয়ে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ পৰা অব্যাহতি লৈ চৰকাৰী প্ৰাথমিক বিদ্যালয়সমূহত পুনৰ নাম ভৰ্তি কৰিছেহি। শেহতীয়াকৈ গুজৰাটৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়সমূহত হোৱা আমূল পৰিৱৰ্তনে ৰাজ্যখনৰ শিক্ষাখণ্ডত ব্যাপক প্ৰভাৱ পেলোৱাটো পৰিলক্ষিত হৈছে। পৰিষ্কাৰ-পৰিচ্ছন্ন বিদ্যালয় গৃহ, উন্নত প্ৰযুক্তিকৌশলৰ শিক্ষণ সামগ্ৰী, প্ৰশিক্ষণপ্ৰাপ্ত অভিজ্ঞ শিক্ষক আৰু অন্যান্য বহুতো প্ৰয়োজনীয় আন্ত:গাঁথনিৰে সজ্জিত কৰা চৰকাৰী বিদ্যালয়সমূহে এতিয়া অভিভাৱকসকলক পূৰ্বতকৈ অধিক আকৰ্ষিত কৰিছে। আহমেদাবাদ পৌৰনিগমৰ বিদ্যালয় পৰিষদৰ অধ্যক্ষ সুজয় মেহতাই এই প্ৰসঙ্গত কয় যে, চৰকাৰী বিদ্যালয় সমূহত থকা খেলপথাৰ, উন্নত প্ৰযুক্তিৰে শিক্ষাদান, অভিজ্ঞ শিক্ষকমণ্ডলী আৰু পৰিষ্কাৰ-পৰিচ্ছনতাৰ বাবে এতিয়া চৰকাৰী বিদ্যালয় সমূহে ব্যক্তিগত খণ্ডৰ বিদ্যালয় সমূহৰ লগত সমানেই ফেৰ মাৰিব পাৰিছে। যোৱা সাত বছৰত কেৱল আহমেদাবাদ পৌৰনিগম এলেকাৰ চৰকাৰী বিদ্যালয় সমূহলৈ চল্লিশ হাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ পৰা প্ৰবজন কৰিছে। ২০২১-২২ শিক্ষাবৰ্ষত ৰাজ্যখনৰ ৩৩ খন জিলাৰ ৩২,০০০ খন চৰকাৰী প্ৰাথমিক বিদ্যালয়ত প্ৰায় ৬১,০০০ জন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে নতুনকৈ নামভৰ্তি কৰিছিল। শিক্ষা বিভাগৰ আন এজন বিষয়াই কয় যে, একবিংশ শতিকাৰ অভিভাৱকসকলে এতিয়া নিজৰ সন্তানসকলক বিদ্যালয়ত যুগৰ লগত খাপ খোৱা উন্নত শিক্ষা প্ৰদান কৰাটো বিচাৰে। আৰু সেয়েহে চৰকাৰী বিদ্যালয়সমূহত এতিয়া এনে আধুনিক ব্যৱস্থা উপলব্ধ হোৱাত অভিভাৱকসকলে নিজৰ সন্তানক চৰকাৰী বিদ্যালয়সমূহতে পঢ়োৱাৰ প্ৰতি আগ্ৰহান্বিত হৈছে। বিষয়াগৰাকীৰ মতে, অভিভাৱকসকলে এতিয়া ব্যক্তিগত খণ্ডৰ বিদ্যালয়তকৈ চৰকাৰী বিদ্যালয়ত ভালেখিনি গুণগত শিক্ষা লাভ কৰিছে।

শিক্ষকসকলেও অঞ্চলসমূহ ঘূৰি-পকি অভিভাৱকসকলক চৰকাৰী বিদ্যালয়ত অধ্যয়ন কৰাৰ সুবিধা সম্পৰ্কে অৱগত কৰিছে। গুজৰাটত এসময়ত প্ৰায় অৱহেলিত হৈ পৰা চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহক পুনৰুজ্জীৱিত কৰিবলৈ ৰাজ্য চৰকাৰে নতুন চিন্তা-ধাৰণাৰে যি প্ৰচেষ্টা হাতত লৈছিল সেয়া এতিয়া ফলৱতী হৈছে আৰু অভিভাৱক সকলেও চৰকাৰী বিদ্যালয়ত সন্তানৰ ভৱিষ্যতক লৈ স্বস্তিৰ নিশ্বাস এৰিব পাৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More