লক্ষীমপুৰত অসম কলেজ শিক্ষক সংস্থাৰ অধিৱেশন আৰম্ভ

0 54

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৭ ডিচেম্বৰঃ অসম কলেজ শিক্ষক সংস্থাৰ ৬৭ সংখ্যক ৰাজ্যিক অধিৱেশনখন আজিৰে পৰা নৰ্থ লক্ষীমপুৰ মহাবিদ্যালয়ত চাৰিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে। আজি বিয়লি ৩ বজাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহা ২ সহস্ৰাধিক কলেজ শিক্ষক প্ৰতিনিধিৰ শিবিৰ মুকলি কৰে লক্ষীমপুৰৰ অতিৰিক্ত সহকাৰী আয়ুক্ত দিপ্তীৰেখা হাজৰিকাই। বিয়লি ৪ বজাত ACTAৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। অধিৱেশনক লৈ আজি নৰ্থ লক্ষীমপুৰ কলেজ চৌহদত উখল মাখল পৰিৱেশৰ সৃষ্টি হয়। অধিৱেশনস্থলী সজাই পৰাই আটক ধুনীয়া কৰি তোলা হৈছে আৰু ৰাজ্যৰ ভিন্ন প্ৰান্তৰৰ পৰা প্ৰতিনিধিবৰ্গ আহি লক্ষীমপুৰত উপস্থিত হৈছে। অধিৱেশনৰ লগত সংগতি ৰাখি এখন গ্ৰন্থমেলাও অনুষ্ঠিত হৈছে আৰু আজি সন্ধিয়া গ্ৰন্থমেলাত লেখক-পাঠকৰ এক আড্ডাও অনুষ্ঠিত হয়। অসম কলেজ শিক্ষক সংস্থাৰ লখিমপুৰ মণ্ডলৰ উদ্যোগত আৰু নৰ্থ লক্ষীমপুৰ কলেজ শিক্ষক গোটৰ সহযোগত আৰম্ভ হোৱা ৬৭ সংখ্যক অধিৱেশনৰ পৰৱৰ্তী দিন কেইটাত কেবাটাও বিষয়ত গুৰুত্বপূৰ্ণ আলোচনা কৰাৰ কাৰ্যসূচী ৰখা হৈছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More