লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসৰ সোণালী জয়ন্তী উদযাপন

0 76

উত্তৰ লখিমপুৰঃ ৪ আগষ্টঃ অসমৰ উত্তৰ পাৰৰ প্ৰথম উচ্চ শিক্ষাৰ বাণিজ্যিক প্ৰতিষ্ঠান লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসৰ সোণালী জয়ন্তী বৰ্ষ আজি উত্তৰ লখিমপুৰত উদযাপন কৰা হয়। দিনজোৰা কাৰ্যসূচীৰে পালন হোৱা এই অনুষ্ঠানৰ আজি পুৱা আৰম্ভণিতে পতাকা উত্তোলন কৰে মহাবিদ্যালয়খৰ অধ্যক্ষ ড° লোহিত হাজৰিকাই । ইয়াৰ পিছতে শ্বহীদ তৰ্পণ অনুষ্ঠানত নেতৃত্বত দিয়ে উপাধ্যক্ষ গোপাল চেত্ৰীয়ে। মহাবিদ্যালয়ৰ চৌহদত অনুষ্ঠিত সোণালী জয়ন্তী আৰম্ভণীৰ মুকলি সভা উদ্বোধন কৰে মহাবিদ্যালয়খৰ পৰিচালনা সমিতিৰ সভাপতি ড° মুহিধৰ পূজাৰীয়ে। অধিবেশনৰ আৰম্ভণিতে মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলে এক সমবেত সংগীত পৰিবেশন কৰে। অধ্যক্ষ ড০ লোহিত হাজৰিকাৰ অধ্যক্ষতাত অনুষ্ঠিত মুকলি অধিবেশনত প্ৰতিষ্ঠাপক অধ্যক্ষ ড° হেমন্ত কুমাৰ বৰুৱা, অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° মুকুট চন্দ্ৰ বৰুৱা, অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ বিনোদ চন্দ্ৰ দত্ত, জিতেন শৰ্মা, অৱসৰপ্ৰাপ্ত শিক্ষক নৰেন শৰ্মা, অমূল্য বৰা, অৱসৰপ্ৰাপ্ত কাৰ্যালয় কৰ্মচাৰী ইন্দ্ৰমণি ৰাজকুমাৰ, দেৱ দত্ত আদি বহুকেইজন ব্যক্তিয়ে অংশগ্ৰহণ কৰে। নাওবৈচা মহাবিদ্যালয়ৰ অধ্যক্ষ তথা প্ৰাক্তন ছাত্ৰ ড° গুণিন্দ্ৰ নাথ শৰ্মা, লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° মুকুন্দ ৰাজবংশী, ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° পুষ্প বৰা, প্ৰাক্তন ছাত্ৰ ৰাজ কুমাৰ ছাৰাফ, ৰমেশ বাজাজ, মুনিন শইকীয়া, জীৱন বৰা আদিয়েও অংশ গ্ৰহণ কৰে। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ৰাজনীতি বিজ্ঞান বিভাগৰ কুলদীপ নাৰায়ণ দত্তই আৰু আদৰণি ভাষণ প্ৰদান কৰে অধ্যক্ষ ড° লোহিত হাজৰিকাই। অনুষ্ঠানত লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক সকলো সদস্য আৰু মহাবিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত শিক্ষক-কৰ্মচাৰীক মহাবিদ্যালয়ৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। বিশিষ্ট লোকশিল্পী ড° অনিল কুমাৰ শইকীয়াই ৰচনা কৰা আৰু জনপ্ৰিয় গায়িকা নাহিদ আফ্ৰিনে কণ্ঠদান কৰা মহাবিদ্যালয়খনৰ সোণালী জয়ন্তী থিম গীতটোও সেই উপলক্ষে সভাত মুকলি কৰা হয়। অনুষ্ঠানত মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে। ইংৰাজী বিভাগৰ ড° হৰিণী পাটোৱাৰী দাসৰ শলাগৰ শৰাইৰে বৈঠকৰ সামৰণি পৰে। সন্ধিয়া সোণালী জয়ন্তী উদযাপন আৰম্ভ হোৱাৰ উপলক্ষে মহাবিদ্যালয় চৌহদত পঞ্চাশ গছি মাটিৰ চাকি প্ৰজ্বলন কৰা হয়। সেই উপলক্ষে ৰাতি মহাবিদ্যালয়খনৰ ভৱনটো আলোকিত কৰা হয়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More