লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ত বিশ্ব ধঁপাত নিষিদ্ধ দিৱস পালন

0 57

উত্তৰ লখিমপুৰঃ ৩১ মে’: ধঁপাত উদ্যোগৰ কবলৰ পৰা শিশুসকলক ৰক্ষা কৰাৰ আহ্বানৰে আজি লখিমপুৰ জিলাত বিশ্ব ধঁপাত নিষিদ্ধ দিৱস পালন কৰা হয়। লখিমপুৰ জিলা স্বাস্থ্য বিভাগৰ ধঁপাত নিয়ন্ত্ৰণ কাৰ্যসূচীৰ উদ্যোগত আৰু লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ আভ্যন্তৰীণ গুণগত নিশ্চয়তা কোষ আৰু শাৰীৰিক আৰু মানসিক সুস্থতা কোষৰ সহযোগত লখিমপুৰ বাণিজ্য মহাবিদ্যলয়ত সেই উদ্দেশ্যে এখনি জিলা পৰ্যায়ৰ কাৰ্যসূচীৰ আয়োজন কৰা হয়। সেই অনুষ্ঠানৰ বাবে আয়োজিত সভাখনিত সভাপতিত্ব কৰে মহাবিদ্যালয়খনৰ উপাধ্যক্ষ তথা বিশিষ্ট স্তম্ভলেখক ছাজ্জাদ হুছেইনে। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে জিলা বাহক ৰোগ কোষৰ গাণনিক বিকাশ দত্তই। লখিমপুৰৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ বিমান শৰ্মাই আদৰণি ভাষণ প্ৰদান কৰাৰ লগতে মুখ্য অতিথি হিচাপে লখিমপুৰৰ অতিৰিক্ত জিলা আয়ুক্ত-স্বাস্থ্য গৌতম প্ৰিয়ম মহন্তই ভাষণ প্ৰদান কৰে। লখিমপুৰ কেন্সাৰ কেয়াৰ হাস্পতালৰ অধীক্ষক ডাঃ গোপাল কুমাৰ পুৰকায়স্থই নিযুক্ত বক্তা আৰু লখিমপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ অৱসৰপ্ৰাপ্ত অধীক্ষক ডা: নিখিল কাকতী আৰু ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যনৰ লখিমপুৰ জিলা গোটৰ সভাপতি ডাঃ মাণিক মোহন বৰুৱাই ধঁপাত সেৱন আৰু যুৱক-যুৱতীসকলৰ ধঁপাতৰ আসক্তি আৰু ইয়াৰপৰা হোৱা ৰোগৰ বিভিন্ন দিশৰ ওপৰত বক্তব্য আগবঢ়ায়। লখিমপুৰৰ মানসিক স্বাস্থ্য কাৰ্যসূচীৰ মনোৰোগ বিশেষজ্ঞ আৰু মিছন সঞ্চালক ডাঃ ছামিউল আখতাৰ বৰবৰাই মগজু আৰু নিচা আসক্তি বিষয়ক ভাষণ প্ৰদান কৰে। সভাত জিলা বাহক ৰোগ কোষৰ পৰ্যবেক্ষক পৰিদৰ্শক পুলিন দত্তই সভাত ধঁপাত আসক্তিৰ বিষয়ত এক কবিতা আবৃত্তি কৰে। সভাপতিৰ ভাষণত ছাজ্জাদ হুছেইনে ধঁপাত উদ্যোগত বিশেষকৈ বিড়ি নিৰ্মাণত নিয়োজিত শিশু শ্ৰমিকৰ বিষয়ে কয়। ধঁপাতজাতীয় সামগ্ৰীসমূহ প্লাষ্টিকৰ পেকেটত বজাৰত বিক্ৰী কৰা হয় বাবে ধঁপাতৰ পৰা মানৱ স্বাস্থ্য আৰু পৰিৱেশৰ প্ৰতি হোৱা দ্বৈত ভাবুকিৰ ওপৰতো তেওঁ আলোকপাত কৰে।বিশ্ব ধঁপাত নিষিদ্ধ দিৱস উপলক্ষে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে এখন কুইজ প্ৰতিযোগিতাও অনুষ্ঠানত আয়োজন কৰা হৈছিল। লখিমপুৰৰ জিলা ধঁপাত নিয়ন্ত্ৰণ বিষয়া ডাঃ ধীৰেণ শইকীয়াৰ শলাগৰ শৰাইৰে সভাৰ কাৰ্য্যসূচীৰ অন্ত পৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More