লখিমপুৰত অসম-অৰুণাচলৰ মন্ত্ৰীৰ উপস্থিতিত সীমা সমস্যাৰ গুৰুত্বপূৰ্ণ বৈঠক

 দুয়ো ৰাজ্যৰ বাউণ্ডেৰী কেৱল প্ৰশাসনীয় সুবিধাৰ বাবেহে- অৰুণাচলৰ কৃষিমন্ত্ৰী টাগে টাকি

0 31

সীমা সমস্যাটো আমি পৰিয়ালৰ দৰে সমাধান হোৱাটো বিচাৰিছো- মন্ত্ৰী সঞ্জয় কিষাণ

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১১ অক্টোবৰঃ অসম-অৰুণাচলৰ সীমা সমস্যা সন্দৰ্ভত আজি লখিমপুৰৰ জিলা উপায়ুক্ত কাৰ্যালয়ত দুয়োখন ৰাজ্যৰ দুই মন্ত্ৰীৰ উপস্থিতিত এক সৌহাদ্যপূৰ্ণ আলোচনা অনুষ্ঠিত হয়৷ অসম চৰকাৰৰ সীমান্ত উন্নয়ন মন্ত্ৰী সঞ্জয় কিষাণ, অৰুণাচল প্ৰদেশৰ কৃষি মন্ত্ৰী টাগে টাকিকে ধৰি দুয়োখন ৰাজ্যৰ উচ্চ পদস্থ প্ৰশাসনিক বিষয়াৰ উপস্থিতিত এই আলোচনা অনুষ্ঠিত হয়৷ এই সন্দৰ্ভত অৰুণাচল প্ৰদেশৰ মন্ত্ৰী টাগে টাকিয়ে কয় যে সীমা সমস্যা সমাধানৰ বাবে আমি দুয়োখন ৰাজ্যই কিছু ক্ষেত্ৰত ত্যাগ কৰিব লাগিব৷ আজিৰ আলোচনা অতি গঠনমূলক আৰু যোগাত্মক দিশ বুলি উল্লেখ কৰি তেওঁ আৰু কয় যে আমি যি কৰিম সেয়া দুয়ো ৰাজ্যই মিলি জুলি কৰিম৷ বাউণ্ডেৰী কেৱল প্ৰশাসনিক সুবিধাৰ বাবেহে৷ আমাৰ ৰাজ্যৰ এজনী ছোৱালী অসমলৈ বিয়া হ’বলৈ বাউণ্ডেৰীৰ প্ৰয়োজন নাই আৰু অসমৰ এজনী ছোৱালী আমাৰ ৰাজ্যলৈ বিয়া হ’বলৈও বাউণ্ডেৰী নালাগে বুলি মন্ত্ৰীজনে উল্লেখ কৰে৷ ইফালে সভাত মন্ত্ৰী সঞ্জয় কিষাণে কয় যে আমাৰ দুয়ো ৰাজ্যৰ প্ৰশাসনিক পৰ্যায়ত এক যোগাত্মক ভাৱে সীমা সমস্যা সন্দৰ্ভত আলোচনা হৈছে আৰু এই আলোচনাৰ সমগ্ৰ বিষয় আমি দুয়ো ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিম, তেওঁলোকে এইক্ষেত্ৰত চূড়ান্ত সিদ্ধান্ত ধনাত্মক ভাৱে গ্ৰহণ কৰিব৷ তদুপৰি সীমা সমস্যাটো স্থায়ী সমাধানৰ দিশেৰে আগবাঢ়িছে বুলি তেওঁ উল্লেখ কৰাৰ লগতে এতিয়াৰে পৰা কোনেও আশংকাত ভুগিব নালাগে বুলি কয়৷ আমি এই সমস্যাটো নিজৰ ঘৰৰ পৰিয়ালৰ দৰে সমাধান হোৱাটো বিচাৰিছো৷ আৰু এই সমস্যা বিলাক ঘৰুৱা ভাৱে আগবঢ়াই লৈ যাব লাগিব বুলিও মন্ত্ৰী কিষাণে মন্তব্য কৰে৷ ইফালে সীমান্তত সঘনাই দুয়ো ৰাজ্যৰ মাজত অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ হৈ থকা সন্দৰ্ভত জিলা উপায়ুক্ত সুমিত সত্তাৱনে কয়- এতিয়াৰে পৰা এনে পৰিস্থিতি উদ্ভৱ নহ’ব৷ সীমান্তলৈ অসম বা অৰুণাচলৰ কোনো প্ৰতিনিধি গলে আগতীয়াকৈ দুয়ো ৰাজ্যৰ প্ৰশাসনে বিষয়টো অৱগত হ’ব বুলি মন্তব্য কৰে৷ আজি এই বৈঠকত অৰুণাচল প্ৰদেশৰ মন্ত্ৰী টাগে টাকিৰ লগতে বিধায়ক টৰিণ ডাকপি, উপায়ুক্ত আডোং প্ৰটিন, ডি এল আৰ এছ অ’ টামা ডাকপি, ডি এফ অ’ বান্দৰদেৱা, ডি পি অ চুকু লামাৰ লগতে অসমৰ মন্ত্ৰী সঞ্জয় কিষাণ, উপায়ুক্ত সুমিত সত্তাৱন, জনসংযোগ বিষায়া মন্দিৰা চায়েঙ্গীয়া, জিলা বন প্ৰাধিকৰণ বিষয়া আদি উপস্থিত থাকে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More