লখিমপুৰত অৰুণোদয় আঁচনিত দুৰ্নীতিঃ মহিলাৰ তীব্ৰ প্ৰতিবাদ

প্ৰকৃত দৰিদ্ৰ-বিধৱা মহিলাই অৰুণোদয় লাভ নকৰাত ক্ষোভ

0 20

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ২ মে’ ঃ ৰাজ্য চৰকাৰে অৰুণোদয় আঁচনিৰ অধীনত হিতাধিকাৰী নিৰ্বাচনত চূড়ান্ত দুৰ্নীতি-অনিয়ম, স্বজন-তোষণ কৰাৰ প্ৰতিবাদত আজি লখিমপুৰত একাংশ মহিলাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ উত্তৰ লখিমপুৰ নগৰৰ সমীপৱৰ্তী তথা লখিমপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত চুতীয়াকাৰী উলুৱনি বাৰীৰ লগতে একেখন জিলাৰে মধ্য তেলাহী গাঁও পঞ্চায়ততো আজি শতাধিক মহিলাই চৰকাৰৰ বঞ্চনাৰ বিৰুদ্ধে প্ৰতিবাদ জনায়৷ আজি বিয়লি চুতীয়াকাৰীত অৰ্ধ শতাধিক মহিলা সমবেত হৈ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ নিৰ্বাচনত ব্যপক অনিয়ম তথা দুৰ্নীতি হোৱা বুলি অভিযোগ তুলি প্ৰতিবাদ সাব্যস্ত কৰে৷ মহিলাসকলে দুৰ্নীতি নচলিব, প্ৰকৃত হিতাধিকাৰীক অৰুণোদয় প্ৰদান কৰক, বিধৱা-দৰিদ্ৰ মহিলাক ন্যায় প্ৰদান কৰক আদি শ্ল’গান দি আকাশ-বতাহ কঁপাই তোলে৷ আজি চুতীয়াকাৰীৰ বিধৱা মহিলা বহাগী শইকীয়া, পমিলী শইকীয়া আদিৰ লগতে দিপালী শইকীয়া, কমানি শইকীয়া আদি দৰিদ্ৰ মহিলাসকলে অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ তুলি শীঘ্ৰে তেওঁলোকক অৰুণোদয় আঁচনিত অন্তভূক্তিৰ দাবী জনায়৷ একেঘৰ লোকে অৰুণোদয় লাভ কৰা, প্ৰধান মন্ত্ৰী আৱাস গৃহ লাভ কৰা, প্ৰধান মন্ত্ৰী কৃষি কল্যাণৰ ধন লাভ কৰা বুলি অভিযোগ কৰাৰ লগতে প্ৰকৃত হিতাধিকাৰী বঞ্চিত হোৱা বুলি ক্ষোভ প্ৰকাশ কৰে৷ পৰিতাপৰ কথা যে দিন হাজিৰা কৰা অতি দৰিদ্ৰ পৰিয়ালৰ বহু লোক অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হোৱাৰ বিপৰীতে পাব নলগা মহিলাই এনে আঁচনিৰ ধন লাভ কৰিছে বুলি অভিযোগ কৰে৷ পঞ্চায়তৰ জৰিয়তে তেওঁলোকে প্ৰ-পত্ৰ পূৰণ কৰাৰ পিছতো অৰুণোদয় আঁচনিৰ পৰা কেনেদৰে প্ৰকৃত পাব লগা এই মহিলাসকল বঞ্চিত হৈছে ইয়াৰ বিৰুদ্ধে আজি অভিযোগ তুলি লখিমপুৰৰ জিলা উপায়ুক্তক তেওঁলোকে এখন স্মাৰক পত্ৰ প্ৰদান কৰাৰ লগতে উক্ত আঁচনিত নাম অন্তভূক্ত কৰিবলৈ দাবী জনাইছে৷ আনহাতে আজি জিলাখনৰ মধ্য তেলাহী গাঁও পঞ্চায়ততো একেই দাবী শতাধিক মহিলাই পঞ্চায়ত কাৰ্যালয়ত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More