লখিমপুৰত আছুৰ সাধাৰণ সভা আৰম্ভ

সভালৈ ঢল বৈছে ৰাজ্যৰ কেবা সহস্ৰ ছাত্ৰ প্ৰতিনিধি

0 18

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৯ নৱেম্বৰঃ অসম আৰু অসমীয়াৰ অস্তিত্ব আৰু খিলঞ্জীয়াৰ প্ৰভূত্ব অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত তথা ছাত্ৰ শক্তিৰ সংগঠিত সংগ্ৰামৰ ধাৰা অব্যাহত ৰাখি আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে উত্তৰ লখিমপুৰত আৰম্ভ হৈছে সদৌ অসম ছাত্ৰ সন্থা সাধাৰণ সভা। অসমৰ প্ৰায় প্ৰতিখন জিলাৰ পৰা ছাত্ৰ সন্থাৰ কৰ্মী, অতিথি আৰু শুভাকাংক্ষী গাড়ীয়ে গাড়ীয়ে আহি লখিমপুৰত উপস্থিতি হৈছে। অভ্যৰ্থনা সমিতি আৰু উপ সমিতি সমূহে ছাত্ৰ প্ৰতিনিধিসকলৰ যাৱতীয় ব্যৱস্থাপনা সম্পূৰ্ণ কৰিছে। প্ৰায় ৪ হাজাৰ লোকে একেলগে আহাৰ গ্ৰহণ কৰিব পৰাকৈ নিৰ্মাণ কৰা বিশাল “লখিমী ভোজনালয়” আজি মুকলি কৰে অসম আন্দোলনৰ লখিমপুৰৰ ছাত্ৰনেতা নবিউল হুছেইনে।20221119 171843 ইফালে নগৰখনৰ সকলো হোটেল, অতিথিশালা আৰু বিদ্যালয় আদি প্ৰতিনিধি শিবিৰৰ বাবে সাজু কৰা হৈছে আৰু দলে দলে ছাত্ৰ প্ৰতিনিধিয়ে অস্থায়ী শিবিৰত আশ্ৰয় লৈছে। লক্ষীমপুৰৰ পদ্মনাথ গোহাঞি বৰুৱা ক্ষেত্ৰত বৰ্ণাঢ্য ৰূপত আৰম্ভ হোৱা সাধাৰণ সভাৰ আজিৰ কাৰ্যসূচী অনুসৰি পুৱা ৮ বজাত পৰিৱেশ নিকা কৰা হয়, পুৱা ৯ গছপুলি ৰোপন কৰে জিলা বন বিষয়া অশোক দেৱচৌধুৰীয়ে। পুৱা ১০ বজাত ড০ ভূপেন হাজৰিকা সোঁৱৰণী মূল তোৰণ উদঘাটন কৰে ড০ গোলাপ শৰ্মা বৰুৱাই। পুৱা ১০-৩০ বজাত মূল মঞ্চ আৰু মণ্ডপ ‘পানীন্দ্ৰ নাথ গগৈ সোঁৱৰণী মূল মঞ্চ’ আৰু ‘হোমেন বৰগোহাঞি সোঁৱৰণী মণ্ডপ’ উদ্বোধন কৰে ক্ৰমে ড সুৰেশ দত্ত আৰু ড০ লোহিত হাজৰিকাই । বিয়লি মূল মঞ্চত তৰ্ক আৰু কবিতা প্ৰতিযোগিতা উদ্বোধন কৰে ড০ সুৰজিৎ ভূঞাই। পুৱা ১২ বজাৰে পৰা ছাত্ৰ প্ৰতিনিধিৰ নাম পঞ্জীয়ন চলি আছে। IMG 20221119 WA0051ইপিনে আজি দিনৰ ১২-৩০ বজাত নন্দকিশোৰ মহেশ্বৰী সোঁৱৰণী অতিথিশালাৰ দ্বাৰ মুকলি কৰে ড০ বুবুল শইকীয়াই। নিশা ৯ বজাৰ পৰা নৰ্থ লখিমপুৰ কলেজত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হোৱা কথা । একেদৰে নিশা স্থানীয় শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠানৰ কাৰ্যসূচী আছে।

কাইলৈৰ কাৰ্যসূচীঃ
২০ নৱেম্বৰৰ পুৱা ৭বজাত পৰিবেশ নিকাকৰণ। পুৱা ১০ বজাত সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰিব সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দিপাংক কুমাৰ নাথে । পুৱা ১০-৩০ বজাত শ্বহীদ তৰ্পণ কৰিব সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই। । পুৱা ১১-৩০ বজাত বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই। আবেলি ৪ বজাত অসম আন্দোলনৰ শ্বহীদ স্মৃতি প্ৰতিনিধি গৃহত প্ৰতিনিধি সভা উদ্বোধন কৰিব ড০ প্ৰৱাল শইকীয়াই। সন্ধ্যা ৭ বজাত সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব অসম নাট্য সন্মিলনৰ প্ৰাক্তন কাৰ্যকৰী সভাপতি নাজিম আহমেদে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More