লখিমপুৰত ইন্দিৰা মিৰি সৰ্বজনীন বিধৱা পেঞ্চন আঁচনি মুকলি কৃষি মন্ত্ৰী অতুল বৰাৰ

অসম চুক্তিৰ সকলো দফা শীঘ্ৰে কাৰ্যকৰী হ’বঃ অতুল বৰা

0 18

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২০ ছেপ্টেম্বৰঃ অসম চুক্তিৰ সকলো দফা শীঘ্ৰে কাৰ্যকৰী হ’ব৷ এই ক্ষেত্ৰত অসম চুক্তিৰ ৬ নং দফা সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাৰ পৰা প্ৰতিবেদন পালেই কাৰ্যকৰীকৰণৰ দিশে আগবাঢ়িব৷ একেদৰে সীমা সমস্যাটোও ইতিমধ্যে সমাধানৰ দিশে আগবাঢ়িছে৷ লখিমপুৰৰ অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰাৰ পিছত প্ৰথমবাৰলৈ লখিমপুৰলৈ আহি এনেদৰে ব্যক্ত কৰে কৃষি, পশুপালন আৰু পশু চিকিৎসা দপ্তৰৰ মন্ত্ৰী অতুল বৰাই৷ মন্ত্ৰীগৰাকীয়ে আজি লখিমপুৰ জিলা পুথিভঁৰালত ইন্দিৰা মিৰি সৰ্বজনীন বিধৱা পেঞ্চন আঁচনিৰ অধীনত এককালীন আৰ্থিক সাহায্য প্ৰদান আঁচনিৰ শুভাৰম্ভ কৰি তেওঁ এই মন্তব্য কৰে৷ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয় ৰাজ্যৰ সীমা সমস্যাটো ইতিমধ্যে সমাধানৰ দিশে যিদৰে আগবাঢ়িছে তেনেদৰে অসম চুক্তি ৰূপায়ণৰ বিষয়টোও সকলোৰে উমৈহতীয়া প্ৰচেষ্টাত আগবাঢ়িব বুলি মন্ত্ৰী বৰাই আশা প্ৰকাশ কৰে৷ মন্ত্ৰীগৰাকীয়ে লখিমপুৰ জিলা পুথিভঁৰালত আনুষ্ঠানিক ভাৱে তিনিগৰাকী হিতাধিকাৰীক এককালীন সাহায্য বিতৰণ কৰে৷ এই আঁচনিৰ যোগেদি লখিমপুৰ জিলাৰ ৩৮০ গৰাকী স্বামীহীন মহিলাক ২৫ হাজাৰ টকাকৈ এককালীন সাহায্য প্ৰদান কৰা হ’ব৷ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ত্ৰিপুৰেন্দ্ৰ পাটৰে আঁতধৰা অনুষ্ঠানটিত লখিমপুৰ জিলাৰ উপায়ুক্ত সুমিত সাত্তাৱন আৰু জিলা পৰিষদৰ সভানেত্ৰী মঞ্জু বৰগোহাঁই আদি উপস্থিত থাকে৷ অনুষ্ঠানত মুখ্য অতিথিৰ ভাষণ প্ৰদান কৰে কৃষি মন্ত্ৰী অতুল বৰাই৷ তেওঁ ভাষণ প্ৰসংগত কয় অসম চৰকাৰে মহিলা সবলীকৰণৰ ক্ষেত্ৰত লোৱা বিভিন্ন আঁচনিৰ ভিতৰত ইন্দিৰা মিৰি সৰ্বজনীন বিধৱা পেঞ্চন আঁচনিখন অন্যতম৷ নাৰীক সামাজিক আৰু বিত্তীয় সুৰক্ষা প্ৰদানৰ কাৰণে চৰকাৰে এই আঁচনিখন ৰূপায়ণ কৰিছে৷ সাহস ত্যাগ আৰু অসীম ধৈৰ্যৰে সমাজখনক নতুন দৃষ্টিৰে চোৱাৰ ক্ষেত্ৰত বিদূষী মহিলা ইন্দিৰা মিৰিয়ে দেখুৱাই যোৱা পথেৰে অসমৰ আই মাতৃসকল আগবাঢ়ি যাব লাগিব৷ আঁচনিখনক অধিক জনমুখী কৰি জনসাধাৰণৰ মাজলৈ লৈ যাবলৈ তেওঁ ৰাইজক আহ্বান জনায়৷ ৰাজ্য চৰকাৰে কৃষক সকলক আগবঢ়োৱা বিভিন্ন আঁচনিসমূহ যাতে ভুৱা হিতাধিকাৰীয়ে লাভ কৰিব নোৱাৰে তাৰ প্ৰতি চকু ৰাখিবলৈ জিলা উপায়ুক্তক মন্ত্ৰীগৰাকীয়ে পৰামৰ্শ দিয়ে৷ দীৰ্ঘদিনীয়া সীমামূৰীয়া সমস্যা সমাধানৰ বাবে বিভিন্ন শান্তি আলোচনা কৰি থকাৰ কথাও তেওঁ সভাত সদৰি কৰে৷ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত শোণিতপুৰৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হিতাধিকাৰীসকলক অনুমোদন পত্ৰ প্ৰদান কৰাৰ পোনপটীয়া সম্প্ৰচাৰ কৰে৷ আনহাতে অভিভাৱক মন্ত্ৰী তথা অগপৰ সভাপতি অতুল বৰাই আজি লখিমপুৰ জিলা অগপ কাৰ্যালয়ত উপস্থিত হৈ দলীয় সাংগঠনিক ভেটি অধিক শক্তিশালী কৰিবৰ বাবে অগপৰ নেতা-কৰ্মীসকলৰ প্ৰতি আহ্বান জনায়৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More